--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ চৰ্চালৈ আহিছে এই প্ৰসংগ। খালিস্তান আৰু খালিস্তানী প্ৰসংগই এইবাৰ পুনৰ উত্তপ্ত কৰি তুলিছে এখন ৰাজ্যৰ ৰাজনীতি। অলপতে চৰকাৰ সলনি হোৱা পঞ্জাবত খালিস্তানীৰ প্ৰসংগ পুনৰ চৰ্চালৈ আহিছে। পঞ্জাবত আপ চৰকাৰ শাসনলৈ অহাৰ পাছতে খালিস্তানীৰ প্ৰসংগই পুনৰ উক দিছে। আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মু্খ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল খালস্তানীৰ সমৰ্থক বুলি নিৰ্বাচনৰ পূ্ৰ্বে যি অভিযোগ অনা হৈছিল সেই অভিযোগৰ সৈতে বৰ্তমানে উক দিয়া বিষয়টোৰ কিবা সম্পৰ্ক আছে নেকি তাক লৈ চৰ্চা চলিছে। সঁচাকৈয়ে আপ চৰকাৰৰ পৃষ্ঠপোষকতাতে খালিস্তানী বিদ্ৰোহে পুনৰ উক দিবলৈ আৰম্ভ কৰিছে নেকি? খালিস্তানীয়ে পঞ্জাবত নতুনকৈ অস্থিৰতা সৃষ্টিৰ বাবে সাৰ-পানী পাইছে নেকি? এনেবোৰ প্ৰশ্নই এতিয়া তোলপাৰ লগাইছে পঞ্জাবৰ ৰাজনীতি। পঞ্জাবৰ ঠায়ে ঠায়ে খালিস্তানী বিদ্ৰোহীৰ প্ৰতীকচিহ্ন থকা পোষ্টাৰ লগোৱাৰ পাছতে এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। বিৰোধীয়ে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক ৰাজনৈতিক ইছ্যু কৰি তুলিব বিচাৰিছে। পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰান্ধাৱাই দাবী কৰিছে যে পঞ্জাৱৰ পৰিৱেশ-পৰিস্থিতি বিনষ্ট কৰাৰ চেষ্টা আৰম্ভ হৈছে। সুখজিন্দৰ সিং ৰন্ধাৱাই বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ আহ্বান জনাইছে। সুখজিন্দৰ সিঙে কৈছে যে যিসকলে খালিস্তানৰ সমৰ্থনত ষ্টিকাৰ লগাই আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত। সুখজিন্দৰ সিঙে এনে এখন পোষ্টাৰৰ আলোকচিত্ৰ টুইট কৰি লিখিছে, ‘চণ্ডীগড়-মানালী ঘাইপথত খালিস্তানী ষ্টিকাৰ লগোৱা হৈছে আৰু ভুৱা বিবৃতি প্ৰচাৰ কৰা হৈছে, যিটো চিন্তাৰ বিষয়।’ সুখজিন্দৰ সিঙে লগতে কয়, ‘যি কাম কৰা হৈ আহিছে তাৰ জৰিয়তে পঞ্জাব আৰু চুবুৰীয়া ৰাজ্যসমূহৰ পৰিৱেশ নষ্ট হোৱাৰ আশংকা আছে। পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ওচৰত মোৰ আবেদন এয়ে যে, বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰক আৰু যিসকলে এইটো কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।’ নিৰ্বাচনৰ সময়তো চৰ্চালৈ আহিছিল এই বিষয় মন কৰিবলগীয়া যে, পঞ্জাব বিধানসভা নিৰ্বাচনৰ সময়ত খালিস্তানৰ প্ৰসংগই ৰাজনৈতিক আৱহাৱা উত্তপ্ত কৰি তুলিছিল। আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে খালিস্তানপন্থী নেতাসকলৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছিল। কেজৰিৱালৰ এসময়ৰ সহযোগী তথা প্ৰখ্যাত কবি কুমাৰ বিশ্বাসে অভিযোগ কৰিছিল যে, অৰবিন্দ কেজৰিৱালে তেওঁৰ আগত এবাৰ প্ৰকাশ কৰিছিল যে, তেওঁ হয় পঞ্জাবৰ মুখ্যমন্ত্ৰী হ’ব বিচাৰে বা স্বাধীন খালিস্তানৰ প্ৰধানমন্ত্ৰী। এই অভিযোগে তোলপাৰ লগাইছিল সমগ্ৰ দেশতে। অৱশ্যে, আদালতে স্পষ্ট কৰি দিছিল যে এই অভিযোগৰ ভিত্তিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নহয়। এনে অভিযোগ তথা লেতেৰা ৰাজনীতিৰ পাছতো পঞ্জাবত, আম আদমী পাৰ্টীয়ে ১১৭ খন আসনৰ ভিতৰত ৯২ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কিন্তু নতুন চৰকাৰে দায়িত্ব গ্ৰহণৰ পাছতে খালিস্তানৰ প্ৰসংগ তথা খালিস্তানী পোষ্টাৰ ৰাজ্যত লাগিবলৈ ধৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। এই কাৰ্যৰ জৰিয়তে শাসকীয় দলক ব্যতিব্যস্ত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নে প্ৰকৃততেই খালিস্তানী কাম-কাজে এতিয়া উদগনি লাভ কৰিছে সেয়াহে চিন্তাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement