--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাৰ মুখ্য ছবিৰ শিতানত প্ৰদৰ্শিত হল ‘স্বৰ্গৰথ’৷ পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ল ‘স্বৰ্গৰথ’ৰ বিশেষ প্ৰদৰ্শন ৷ ছবিখনৰ প্ৰদৰ্শনিত উপস্থিত থাকে প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণ, ড° অক্ষতা নাৰায়ণ, পৰিচালক ৰাজেশ ভূঞা ৷ 

এ.এম টেলিভিছনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণ আৰু ড° অক্ষতা নাৰায়ণৰ প্ৰযোজনা তথা ৰাজেশ ভূঞাৰ পৰিচালনাত মুক্তি লাভ কৰা অসমীয়া জনপ্ৰিয় বাণিজ্যিক ছবি 'স্বৰ্গৰথ' ।

আইএফএফআইৰ ইণ্ডিয়ান পেনোৰামাৰ মুখ্য ছবিৰ শিতানত দেশ বিদেশৰ অন্য কেইবাখনো ব্লকব্লাষ্টাৰ ছবি, কাল্কি, টুৱেল্ভ ফেইল আদিৰ সৈতে পোনপ্ৰথমবাৰৰ বাবে এখন অসমীয়া বাণিজ্যিকভাৱে ছবি স্বৰ্গৰথে এই সন্মান লাভ কৰিছে।   

দেওবাৰে গোৱাৰ পাঞ্জীম আইনক্স ছবিগৃহত স্বৰ্গৰথৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয় যত দেশ বিদেশৰ  চলচ্চিত্ৰপ্ৰেমী, চিত্ৰ নিৰ্মাতা, ছবি সমালোচক সকলৰ সন্মুখত প্ৰদৰ্শিত হল ৰাজেশ ভূঞাৰ পৰিচালনাৰ অসমীয়া জনপ্ৰিয় ছবি স্বৰ্গৰথ । অসমীয়া ছবি স্বৰ্গৰথ চাই আপ্লুত চলচ্চিত্ৰ প্ৰেমী ,ছবি সমালোচক ৷

৭ জুনত চিত্ৰগৃহত মুক্তি পাইছিল ৰাজেশ ভূঞা পৰিচালিত ছবি ‘স্বৰ্গৰথ’ । এজন স্বৰ্গৰথৰ চালক,  তিনিজন যুৱক আৰু দুজন আৰক্ষীৰ লোকৰ দৈনন্দিন জীৱনে এদিন হঠাৎ কি মোৰ লয় তাৰ ওপৰত নিৰ্মিত এক কাহিনী। লগতে তেওঁলোকৰ জীৱনত জড়িত হৈ থকা আন আন চৰিত্ৰসমূহে কি ধৰণেৰে সহায় কৰে বা বিধি পথালি দিয়ে আৰু সমাজৰ সমসাময়িক কিছু ঘটনাই সাধাৰণ মানুহৰ জীৱনৰ আশা-আকাংক্ষাক কিদৰে প্ৰভাৱিত কৰে তাৰ কাহিনী দৰ্শোৱা হৈছে ‘স্বৰ্গৰথ’ত।ছবিখনত অভিনয় কৰিছে কেনী বসুমতাৰী, সিদ্ধাৰ্থ শৰ্মা, কমল লোচন, বনী দেউৰী, উদ্ভাৱন শইকীয়া, ৰিণ্টু বৰা, মাধুৰিমা চৌধুৰী, ৰিমঝিম ডেকা আৰু বহুকেইগৰাকী নবীন-প্ৰবীণ শিল্পীয়ে ৷ ছবিখনৰ গীতৰ দৃশ্যত নাগাৰা নামেৰে জনপ্ৰিয় হোৱা শিল্পী কৰিশ্মা নাথকো বিশেষ ৰূপত দেখা গৈছে।

উল্লেখ্য যে এইবাৰৰ ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত আন দুখন অসমীয়া ছবি হৈছে ড° ববী শৰ্মা বৰুৱাৰ 'ৰ'দৰ পাখী' আৰু যদুমণি দত্তৰ "জুইফুল"৷

 






FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু