--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কন্ঠশিল্পী তথা সুৰকাৰ এ আৰ ৰহমানে বিবাহ বিচ্ছেদ ঘোষণা কৰাৰ পিছৰে পৰা অহৰহ বিতৰ্কৰ সন্মুখীন হৈ আহিছে। পত্নী ছাইৰা বানুৰ সৈতে ২৯ বছৰীয়া বিবাহ বিচ্ছেদত গভীৰ শোক প্ৰকাশ কৰিছে যদিও অনুৰাগীসকলে সেয়া মানি ল’ব পৰা নাই।

AR Rahman Sends Legal Notice To All Slanders


আচলতে যেতিয়া এআৰ ৰহমানে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল তেতিয়া তেওঁ ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছিল। কিছু ঘণ্টাৰ পাছত তেওঁৰ সৈতে কাম কৰা সহযোগী মোহিনী দেয়েও বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত জল্পনা-কল্পনা আৰম্ভ হয় যে এআৰ ৰহমান আৰু মহিনী দে’ৰ মাজত কিবা এটা নিশ্চয় সম্পৰ্ক আছে।

বৰ্তমান এই উৰাবাতৰিৰ মাজতে এআৰ ৰহমানে এক বৃহৎ পদক্ষেপ গ্ৰহন কৰিছে । তেওঁ ‘সকলো বদনামকাৰী’লৈ আইনী জাননী প্ৰেৰণ কৰিছে। এআৰ ৰহমানে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি মোহিনী দে’ৰ সৈতে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা সকলো লিখনি আঁতৰাই দিবলৈ অনুৰোধ কৰে।

এআৰ ৰহমানৰ অধিবক্তাই কয় যে ‘২৪ ঘণ্টাৰ ভিতৰত ছ’চিয়েল মিডিয়াত বিয়পি পৰা সকলো মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ কোৱা হৈছে, আৰু যদি সেয়া নকৰে তেতিয়া আমি অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিব, য’ত অভিযুক্তক দুবছৰ পৰ্যন্ত কাৰাদণ্ড শাস্তি বা জৰিমনা বিহা হব পাৰে।’

অস্কাৰ বিজয়ী সুৰকাৰ এআৰ ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৰ বিবাহ হয় ১৯৯৫ চনত। কিন্তু প্ৰায় ২৯ বছৰ বিবাহৰ অন্তত সিহঁতে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। তেওঁলোকৰ অধিবক্তা বন্দনা শ্বাহে এই কথা নিশ্চিত কৰি কয় যে দুয়োজনে পাৰস্পৰিক সন্মতিৰে এই সিদ্ধান্ত লৈছে। বহুদিন দুয়োৰে মাজত কিছু সমস্যা চলি আছিল। তেওঁ পৰিয়ালটোৰ গোপনীয়তাৰ ওপৰত কয় যে এই কঠিন সময়ত তেওঁলোকৰ গোপনীয়তাক সন্মান কৰা উচিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু