--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হানিমুনত গোৱালৈ যাব বুলি আনন্দত আত্মহাৰা হৈ আছিল এগৰাকী ন-বোৱাৰী। পাছে তেওঁৰ আশাত চেঁচাপানী পৰিল। স্বামীয়ে পত্নীক গোৱালৈ লৈ যোৱাৰ সলনি লৈ গ’ল অযোধ্যালৈ। তাতে লাগিল কেণা। এই কথাত খং উঠি পত্নীয়ে এতিয়া বিচাৰিছে ডিভ’ৰ্চ।

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। হানিমুনৰ নামত স্বামীয়ে প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে পত্নীয়ে। আচলতে স্বামীয়ে হানিমুনত পত্নীক গোৱালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁ পত্নীক অযোধ্যা আৰু বাৰাণসীলৈ লৈ গ’ল। এই কথাত খং উঠি পত্নীয়ে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি পৰিয়াল আদালতত আবেদন জনাইছে।

২০২৩ চনৰ আগষ্ট মাহত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোক ভূপালৰ পিপলানিৰ বাসিন্দা। মহিলাগৰাকীৰ মতে, তেওঁৰ স্বামী আই টি ছেক্টৰত কাম কৰে আৰু ভাল দৰমহা পায়, গতিকে হানিমুনৰ বাবে বিদেশলৈ যোৱাটো তেওঁলোকৰ বাবে ডাঙৰ কথা নহয়, কিন্তু স্বামীয়ে পিতৃ-মাতৃৰ বৃদ্ধ বয়সৰ কথা উল্লেখ কৰি হানিমুনৰ বাবে বিদেশ ভ্ৰমণৰ প্ৰস্তাৱ নাকচ কৰিছিল। অৱশেষত তেওঁলোকে গোৱা আৰু দক্ষিণ ভাৰতলৈ হানিমুনলৈ যাবলৈ সন্মত হ’ল যদিও স্বামীয়ে তাৰ পৰিৱৰ্তে অযোধ্যা আৰু বাৰাণসীলৈ বিমানৰ টিকট বুকিং কৰিলে। স্বামীৰ মাতৃও এই ভ্ৰমণত ওলাল।

এই বিষয়ে মহিলাগৰাকীয়ে ভ্ৰমণৰ এদিন আগতেই গম পাইছিল আৰু যেতিয়া তেওঁ স্বামীক পৰিকল্পনা সলনিৰ বিষয়ে সুধিছিল, তেতিয়া স্বামীয়ে কয় যে ৰাম মন্দিৰৰ বাবে মাকে অযোধ্যা ভ্ৰমণ কৰিব বিচাৰে।

সেই মুহূৰ্তত মহিলাগৰাকীয়ে কোনো হুলস্থুল কৰা নাছিল। কিন্তু ভ্ৰমণৰ পৰা উভতি অহাৰ ১০ দিনৰ পাছত তেওঁ বিবাহ বিচ্ছেদ বিচাৰি পৰিয়াল আদালতৰ কাষ চাপে।

পত্নীয়ে আদালতত উদ্ধৃতি দিছিল যে তেওঁ মোতকৈ বেছি পৰিয়ালৰ সদস্যৰ যত্ন বেছিকৈ লয়। ভূপাল পৰিয়াল আদালতৰ অধিবক্তা শৈল অৱস্থীয়ে এই গোচৰটোত এই নৱ দম্পতীক বুজাবুজিলৈ আহিবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
বৰক্ষেত্ৰীৰ আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত লক্ষাধিক টকাৰ চুৰিকাণ্ড
ইতিহাস ৰচি স্পেইনৰ বিশ্বজয়
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement