--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হানিমুনত গোৱালৈ যাব বুলি আনন্দত আত্মহাৰা হৈ আছিল এগৰাকী ন-বোৱাৰী। পাছে তেওঁৰ আশাত চেঁচাপানী পৰিল। স্বামীয়ে পত্নীক গোৱালৈ লৈ যোৱাৰ সলনি লৈ গ’ল অযোধ্যালৈ। তাতে লাগিল কেণা। এই কথাত খং উঠি পত্নীয়ে এতিয়া বিচাৰিছে ডিভ’ৰ্চ।

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। হানিমুনৰ নামত স্বামীয়ে প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে পত্নীয়ে। আচলতে স্বামীয়ে হানিমুনত পত্নীক গোৱালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁ পত্নীক অযোধ্যা আৰু বাৰাণসীলৈ লৈ গ’ল। এই কথাত খং উঠি পত্নীয়ে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি পৰিয়াল আদালতত আবেদন জনাইছে।

২০২৩ চনৰ আগষ্ট মাহত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোক ভূপালৰ পিপলানিৰ বাসিন্দা। মহিলাগৰাকীৰ মতে, তেওঁৰ স্বামী আই টি ছেক্টৰত কাম কৰে আৰু ভাল দৰমহা পায়, গতিকে হানিমুনৰ বাবে বিদেশলৈ যোৱাটো তেওঁলোকৰ বাবে ডাঙৰ কথা নহয়, কিন্তু স্বামীয়ে পিতৃ-মাতৃৰ বৃদ্ধ বয়সৰ কথা উল্লেখ কৰি হানিমুনৰ বাবে বিদেশ ভ্ৰমণৰ প্ৰস্তাৱ নাকচ কৰিছিল। অৱশেষত তেওঁলোকে গোৱা আৰু দক্ষিণ ভাৰতলৈ হানিমুনলৈ যাবলৈ সন্মত হ’ল যদিও স্বামীয়ে তাৰ পৰিৱৰ্তে অযোধ্যা আৰু বাৰাণসীলৈ বিমানৰ টিকট বুকিং কৰিলে। স্বামীৰ মাতৃও এই ভ্ৰমণত ওলাল।

এই বিষয়ে মহিলাগৰাকীয়ে ভ্ৰমণৰ এদিন আগতেই গম পাইছিল আৰু যেতিয়া তেওঁ স্বামীক পৰিকল্পনা সলনিৰ বিষয়ে সুধিছিল, তেতিয়া স্বামীয়ে কয় যে ৰাম মন্দিৰৰ বাবে মাকে অযোধ্যা ভ্ৰমণ কৰিব বিচাৰে।

সেই মুহূৰ্তত মহিলাগৰাকীয়ে কোনো হুলস্থুল কৰা নাছিল। কিন্তু ভ্ৰমণৰ পৰা উভতি অহাৰ ১০ দিনৰ পাছত তেওঁ বিবাহ বিচ্ছেদ বিচাৰি পৰিয়াল আদালতৰ কাষ চাপে।

পত্নীয়ে আদালতত উদ্ধৃতি দিছিল যে তেওঁ মোতকৈ বেছি পৰিয়ালৰ সদস্যৰ যত্ন বেছিকৈ লয়। ভূপাল পৰিয়াল আদালতৰ অধিবক্তা শৈল অৱস্থীয়ে এই গোচৰটোত এই নৱ দম্পতীক বুজাবুজিলৈ আহিবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু