--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হৰিদ্বাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ তেজৰ কৰ্কটত আক্ৰান্ত এটি ৫বছৰীয়া শিশুক পিতৃ-মাতৃয়ে গংগাস্নান কৰোৱাবলৈ আনোতে কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় শিশুটোৱে৷

বুধবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৫বছৰীয়া শিশুটোক হৰিদ্বাৰৰ গংগা নদীত শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱালৈকে ডুবাই ৰখা হৈছিল। আৰক্ষীয়ে কৈছিল যে শিশুটিৰ পিতৃ-মাতৃয়ে তেওঁক মুখ্য ঘাট ব্ৰহ্মকুণ্ডলৈ লৈ আহিছিল৷ চিকিৎসকে শিশুটোৱে কেতিয়াও কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত জয়ী নহ’ব বুলি কোৱাৰ পাছত পিতৃ-মাতৃয়ে অলৌকিক আৰোগ্যৰ আশা কৰিছিল।

মহানগৰ আৰক্ষী অধীক্ষক স্বতন্ত্ৰ কুমাৰে কয়, অন্ধবিশ্বাসী পিতৃ-মাতৃসকলে ভাবিছিল যে যদি তেওঁলোকৰ পুত্ৰই পৱিত্ৰ গংগাত স্নান কৰে, তেন্তে তেওঁ এই ৰোগৰ পৰা আৰোগ্য হ’ব৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, তেওঁক মাক-দেউতাকৰ সন্মুখত ডুবাই দিয়া হৈছিল। শিশুটোৱে প্ৰথমে চিঞৰি আছিল, কিন্তু পাছত ডাঙৰ কান্দোন বন্ধ হ'ল। উপস্থিত ৰাইজে শিশুটোক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়, য'ত তেওঁক মৃত ঘোষণা কৰা হয়৷

আৰক্ষী বিষয়াজনে কৈছিল যে মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব। এই বিষয়টোৰ এতিয়া তদন্ত চলি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
বৰক্ষেত্ৰীৰ আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত লক্ষাধিক টকাৰ চুৰিকাণ্ড
ইতিহাস ৰচি স্পেইনৰ বিশ্বজয়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement