--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হৰিদ্বাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ তেজৰ কৰ্কটত আক্ৰান্ত এটি ৫বছৰীয়া শিশুক পিতৃ-মাতৃয়ে গংগাস্নান কৰোৱাবলৈ আনোতে কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় শিশুটোৱে৷

বুধবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৫বছৰীয়া শিশুটোক হৰিদ্বাৰৰ গংগা নদীত শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱালৈকে ডুবাই ৰখা হৈছিল। আৰক্ষীয়ে কৈছিল যে শিশুটিৰ পিতৃ-মাতৃয়ে তেওঁক মুখ্য ঘাট ব্ৰহ্মকুণ্ডলৈ লৈ আহিছিল৷ চিকিৎসকে শিশুটোৱে কেতিয়াও কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত জয়ী নহ’ব বুলি কোৱাৰ পাছত পিতৃ-মাতৃয়ে অলৌকিক আৰোগ্যৰ আশা কৰিছিল।

মহানগৰ আৰক্ষী অধীক্ষক স্বতন্ত্ৰ কুমাৰে কয়, অন্ধবিশ্বাসী পিতৃ-মাতৃসকলে ভাবিছিল যে যদি তেওঁলোকৰ পুত্ৰই পৱিত্ৰ গংগাত স্নান কৰে, তেন্তে তেওঁ এই ৰোগৰ পৰা আৰোগ্য হ’ব৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, তেওঁক মাক-দেউতাকৰ সন্মুখত ডুবাই দিয়া হৈছিল। শিশুটোৱে প্ৰথমে চিঞৰি আছিল, কিন্তু পাছত ডাঙৰ কান্দোন বন্ধ হ'ল। উপস্থিত ৰাইজে শিশুটোক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়, য'ত তেওঁক মৃত ঘোষণা কৰা হয়৷

আৰক্ষী বিষয়াজনে কৈছিল যে মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব। এই বিষয়টোৰ এতিয়া তদন্ত চলি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু