--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন৷ ২০১৮ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিছিল ৪০.৮৯ শতাংশ ভোট আৰু বিজেপিয়ে লাভ কৰিছিল ৪১.০২ শতাংশ ভোট৷ সেইসময়ত কংগ্ৰেছৰ অৱলম্বন হৈ পৰিছিল কমল নাথ৷

এইবেলি নিৰ্বাচনতো কমল নাথক সন্মুখত লৈয়েই আগবাঢ়িছে কংগ্ৰেছ৷ আগন্তুক নিৰ্বাচনত চৰকাৰ গঠন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে৷ কিন্তু, নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত নতুন বিতৰ্কত সোমাই পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ৷

শেহতীয়াকৈ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ‘ইণ্ডিয়া’ মিত্ৰজোঁটে বয়কট কৰিছিল গোদী মিডিয়াৰ ১৪গৰাকীকৈ সাংবাদিকক৷ আৰু তাৰ ভিতৰত অন্যতম আছিল টাইমছ নাওৰ এংকৰ নবীকা কুমাৰ৷ এতিয়া ‘ইণ্ডিয়া’ৰ দ্বাৰা বয়কট হৈ থকা এইগৰাকী নবীকাৰ সৈতে হলিগলি দেখা গৈছে কংগ্ৰেছ নেতা কমল নাথৰ৷ 

নিৰ্বাচনী প্ৰচাৰৰ সময়ত কমল নাথৰ সৈতে একেখন বিমানত দেখা গৈছে নবীকা কুমাৰক৷ আৰু নবীকা কুমাৰৰে কমল নাথৰ এই ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ আৰু তাৰ পাছতেই সমালোচনাৰ লক্ষ্য হৈ পৰিছে কমল নাথ৷ 

‘মহুৱা মৈত্ৰ ফেনছ্’ নামৰ এটা এক্স হেণ্ডেলৰ পৰা কমল নাথৰ জৰিয়তে সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে কংগ্ৰেছক৷ কংগ্ৰেছে পুনৰ গোদী মিডিয়ালৈ উভতি যাবলৈ বিচৰা বুলি কোৱা হৈছে সেই বিশেষ পোষ্টটোত৷ এতিয়া প্ৰশ্ন হয়, ‘ইণ্ডিয়া’ই বয়কট কৰা সাংবাদিকৰে কিয় বিমানযাত্ৰা কৰিছিল কমল নাথে? কমল নাথৰ এই কাৰ্যৰ পাছত নাথক ‘ইণ্ডিয়া’ মিত্ৰজোঁটে জবাবদিহি কৰিবনে নাই, সেয়া হ’ব লক্ষ্যণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ