--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন৷ ২০১৮ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিছিল ৪০.৮৯ শতাংশ ভোট আৰু বিজেপিয়ে লাভ কৰিছিল ৪১.০২ শতাংশ ভোট৷ সেইসময়ত কংগ্ৰেছৰ অৱলম্বন হৈ পৰিছিল কমল নাথ৷

এইবেলি নিৰ্বাচনতো কমল নাথক সন্মুখত লৈয়েই আগবাঢ়িছে কংগ্ৰেছ৷ আগন্তুক নিৰ্বাচনত চৰকাৰ গঠন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে৷ কিন্তু, নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত নতুন বিতৰ্কত সোমাই পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ৷

শেহতীয়াকৈ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ‘ইণ্ডিয়া’ মিত্ৰজোঁটে বয়কট কৰিছিল গোদী মিডিয়াৰ ১৪গৰাকীকৈ সাংবাদিকক৷ আৰু তাৰ ভিতৰত অন্যতম আছিল টাইমছ নাওৰ এংকৰ নবীকা কুমাৰ৷ এতিয়া ‘ইণ্ডিয়া’ৰ দ্বাৰা বয়কট হৈ থকা এইগৰাকী নবীকাৰ সৈতে হলিগলি দেখা গৈছে কংগ্ৰেছ নেতা কমল নাথৰ৷ 

নিৰ্বাচনী প্ৰচাৰৰ সময়ত কমল নাথৰ সৈতে একেখন বিমানত দেখা গৈছে নবীকা কুমাৰক৷ আৰু নবীকা কুমাৰৰে কমল নাথৰ এই ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ আৰু তাৰ পাছতেই সমালোচনাৰ লক্ষ্য হৈ পৰিছে কমল নাথ৷ 

‘মহুৱা মৈত্ৰ ফেনছ্’ নামৰ এটা এক্স হেণ্ডেলৰ পৰা কমল নাথৰ জৰিয়তে সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে কংগ্ৰেছক৷ কংগ্ৰেছে পুনৰ গোদী মিডিয়ালৈ উভতি যাবলৈ বিচৰা বুলি কোৱা হৈছে সেই বিশেষ পোষ্টটোত৷ এতিয়া প্ৰশ্ন হয়, ‘ইণ্ডিয়া’ই বয়কট কৰা সাংবাদিকৰে কিয় বিমানযাত্ৰা কৰিছিল কমল নাথে? কমল নাথৰ এই কাৰ্যৰ পাছত নাথক ‘ইণ্ডিয়া’ মিত্ৰজোঁটে জবাবদিহি কৰিবনে নাই, সেয়া হ’ব লক্ষ্যণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক