--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত বিৰোধী ঐক্যমঞ্চই আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা৷ বিৰোধী ঐক্যমঞ্চই প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছে প্ৰাৰ্থীৰ নাম৷ 

বিৰোধী ঐক্যমঞ্চ, অসমৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঘোষণা কৰিছে যে যোৰহাট সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব গৌৰৱ গগৈ৷ বৰ্তমান কলিয়াবৰৰ সাংসদগৰাকী যোৰহাটৰ প্ৰাৰ্থী হ’ব বুলি ভূপেন বৰাই বৃহস্পতিবাৰে থাওৰাত ঘোষণা কৰিছে৷ 

ভূপেন বৰাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক নিমাতী কন্যা আখ্যা দি কয় যে পাঁচ বছৰত ৫ মিনিটত ৫টা সমস্যা সংসদত উত্থাপন কৰাত ব্যৰ্থ হৈছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সংসদত কেইবাটাও প্ৰশ্ন উত্থাপন কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ পৰৱৰ্তী লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত গৌৰৱ গগৈয়েই প্ৰাৰ্থী হ’ব বুলি ভূপেন বৰাই লগতে ঘোষণা কৰে৷

বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিটোৰ পৰা বিজয়ী হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিজেপি নেতা তপন কুমাৰ গগৈ৷ তপন গগৈয়ে লাভ কৰিছিল ৫,৪৩,২৮৮টা ভোট৷ তাৰ বিপৰীতে সেই সময়ৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে লাভ কৰিছিল ৪,৬০,৬৩৫টা ভোট৷ 

চিপিআই (এম)ৰ প্ৰাৰ্থী কনক গগৈয়ে লাভ কৰিছিল ১৭,৮৪৯টা ভোট৷ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰিবুলয়া গগৈয়ে লাভ কৰিছিল ৬,১২১টা ভোট৷ একেদৰে, কমলা ৰাজ কোঁৱৰে এন চি পিৰ পৰা লাভ কৰিছিল ৪,৯৯৬টা ভোট৷ নিৰ্দলীয় প্ৰাৰ্থী নন্দিতা নাগে লাভ কৰিছিল ৫,৪৮১টা ভোট৷ ইয়াৰ বিপৰীতে নোটাত পৰিছিল ১২,৫৬৯টা ভোট৷ যোৰহাট লোকসভা সমষ্টিৰ অধীনত থকা অন্যতম বিধানসভা সমষ্টি কেইটা হৈছে যোৰহাট, তিতাবৰ, মৰিয়নি, শিৱসাগৰ৷ 

তিতাবৰ সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কাৰ্যনিৰ্বাহ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে৷ সেইসূত্ৰে সমষ্টিটোত কংগ্ৰেছৰ ভেটি মজবুত৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ জনপ্ৰিয়তায়ো যোৰহাট সমষ্টিত বিৰোধীৰ প্ৰাৰ্থী হিচাপে সহায় কৰিব গৌৰৱ গগৈক৷ অখিল গগৈৰ গৃহ সমষ্টি মৰিয়নিও যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত৷ এগৰাকী জনপ্ৰিয় যুৱনেতা হিচাপে গৌৰৱ গগৈয়ে যোৰহাটত অনায়াসে বিজয়ী হ’ব বুলি ধাৰণা কৰিছে বিৰোধী ঐক্যমঞ্চই৷ আৰু বিৰোধীৰ সমীকৰণ অনুসৰি যোৰহাটৰ পৰাই গৌৰৱ গগৈক সাংসদ হিচাপে নিৰ্বাচিত কৰাৰ বাবে আঁচনি যুগুতাইছে কংগ্ৰেছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক