--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত বিৰোধী ঐক্যমঞ্চই আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা৷ বিৰোধী ঐক্যমঞ্চই প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছে প্ৰাৰ্থীৰ নাম৷ 

বিৰোধী ঐক্যমঞ্চ, অসমৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঘোষণা কৰিছে যে যোৰহাট সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব গৌৰৱ গগৈ৷ বৰ্তমান কলিয়াবৰৰ সাংসদগৰাকী যোৰহাটৰ প্ৰাৰ্থী হ’ব বুলি ভূপেন বৰাই বৃহস্পতিবাৰে থাওৰাত ঘোষণা কৰিছে৷ 

ভূপেন বৰাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক নিমাতী কন্যা আখ্যা দি কয় যে পাঁচ বছৰত ৫ মিনিটত ৫টা সমস্যা সংসদত উত্থাপন কৰাত ব্যৰ্থ হৈছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সংসদত কেইবাটাও প্ৰশ্ন উত্থাপন কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ পৰৱৰ্তী লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত গৌৰৱ গগৈয়েই প্ৰাৰ্থী হ’ব বুলি ভূপেন বৰাই লগতে ঘোষণা কৰে৷

বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিটোৰ পৰা বিজয়ী হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিজেপি নেতা তপন কুমাৰ গগৈ৷ তপন গগৈয়ে লাভ কৰিছিল ৫,৪৩,২৮৮টা ভোট৷ তাৰ বিপৰীতে সেই সময়ৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে লাভ কৰিছিল ৪,৬০,৬৩৫টা ভোট৷ 

চিপিআই (এম)ৰ প্ৰাৰ্থী কনক গগৈয়ে লাভ কৰিছিল ১৭,৮৪৯টা ভোট৷ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰিবুলয়া গগৈয়ে লাভ কৰিছিল ৬,১২১টা ভোট৷ একেদৰে, কমলা ৰাজ কোঁৱৰে এন চি পিৰ পৰা লাভ কৰিছিল ৪,৯৯৬টা ভোট৷ নিৰ্দলীয় প্ৰাৰ্থী নন্দিতা নাগে লাভ কৰিছিল ৫,৪৮১টা ভোট৷ ইয়াৰ বিপৰীতে নোটাত পৰিছিল ১২,৫৬৯টা ভোট৷ যোৰহাট লোকসভা সমষ্টিৰ অধীনত থকা অন্যতম বিধানসভা সমষ্টি কেইটা হৈছে যোৰহাট, তিতাবৰ, মৰিয়নি, শিৱসাগৰ৷ 

তিতাবৰ সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কাৰ্যনিৰ্বাহ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে৷ সেইসূত্ৰে সমষ্টিটোত কংগ্ৰেছৰ ভেটি মজবুত৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ জনপ্ৰিয়তায়ো যোৰহাট সমষ্টিত বিৰোধীৰ প্ৰাৰ্থী হিচাপে সহায় কৰিব গৌৰৱ গগৈক৷ অখিল গগৈৰ গৃহ সমষ্টি মৰিয়নিও যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত৷ এগৰাকী জনপ্ৰিয় যুৱনেতা হিচাপে গৌৰৱ গগৈয়ে যোৰহাটত অনায়াসে বিজয়ী হ’ব বুলি ধাৰণা কৰিছে বিৰোধী ঐক্যমঞ্চই৷ আৰু বিৰোধীৰ সমীকৰণ অনুসৰি যোৰহাটৰ পৰাই গৌৰৱ গগৈক সাংসদ হিচাপে নিৰ্বাচিত কৰাৰ বাবে আঁচনি যুগুতাইছে কংগ্ৰেছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ