--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস৷ স্বাধীনতা দিৱসৰ দিনা আগন্তুক লোকসভা নিৰ্বাচনত বিজয় দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অহা বছৰ এই লালকিল্লাৰ পৰাই দেশৰ সাফল্য আৰু দেশৰ গৌৰৱ দাঙি ধৰিম। লগতে যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে সেইবোৰো উদ্বোধন কৰিম। প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ বিষয়টোও উল্লেখ কৰে৷ তেওঁ লগতে কয় যে আমি দুৰ্নীতি, পৰিয়ালবাদ আৰু তুষ্টিকৰণ এই তিনিটা  দিশৰ পৰা মুক্তি পাব লাগিব। নিজৰ কাৰ্যকালৰ কথা কওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে ১০ বছৰত কৰা কামৰ কথা কয়। প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এইবাৰ ‘মোৰ প্ৰিয় দেশবাসী’ৰ পৰিৱৰ্তে ‘মোৰ প্ৰিয় পৰিয়াল’ বুলি দেশবাসীক সম্বোধন কৰি অহা মাহত বিশ্বকৰ্মা জয়ন্তীৰ দিনৰ বিশ্বকৰ্মা যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

• প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণৰ আৰম্ভণিতে কয়, “ইমান ডাঙৰ দেশ, ১৪০ কোটি মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ সদস্য... আজি স্বাধীনতাৰ উৎসৱ উদযাপন কৰিছে। দেশৰ কোটি কোটি জনসাধাৰণলৈ, ভাৰতক ভালপোৱা আৰু ভাৰতক সন্মান কৰা কোটি কোটি লোকলৈ, এই মহান উৎসৱত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

• প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা কয় যে দেশৰ স্বাধীনতা সংগ্ৰামত অৱদান আৰু বলিদান দিয়া সকলোকে মই প্ৰণাম জনাইছো। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইবাৰ প্ৰাকৃতিক দুৰ্যোগে দেশৰ বহু ঠাইত কল্পনা কৰিব নোৱাৰা সংকটৰ সৃষ্টি কৰিছে, ইয়াৰ সন্মুখীন হোৱা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি এই সংকটৰ সৈতে মোকাবিলা কৰি প্ৰগতিৰ পথত আগবাঢ়িব।

• মণিপুৰ সমস্যা সন্দৰ্ভত কথা পাতি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আগতে হিংসাৰ সময় আছিল, মাতৃ-কন্যাৰ সন্মানৰ সৈতে খেলা হৈছিল, কিন্তু এতিয়া শান্তি ঘূৰাই অনা হৈছে আৰু ইয়াৰ সমাধান কেৱল শান্তিপূৰ্ণভাৱেহে পোৱা যাব। উত্তৰ-পূৰ্বাঞ্চলত আৰু ভাৰতৰ আন কিছুমান অঞ্চলতো কিন্তু বিশেষকৈ মণিপুৰত বহুতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে মিলি তাত থকা সমস্যা সমাধানৰ বাবে বহু প্ৰচেষ্টা হাতত লৈছে আৰু ভৱিষ্যতেও তেনেদৰেই কৰি যাব।

• প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰতৰ পৰা ওলাই অহা পোহৰৰ ৰশ্মিত বিশ্বই পোহৰ দেখিছে। আজি আমাৰ হাতত গণতন্ত্ৰ, জনসংখ্যা আৰু বৈচিত্ৰ্য আছে আৰু এই ত্ৰিবেণীয়ে ভাৰতৰ প্ৰতিটো সপোন বাস্তৱায়িত কৰাৰ সম্ভাৱনা আছে।’

• প্রধানমন্ত্রী মোদীয়ে কয় যে দেশত সুযোগৰ অভাৱ নাই, কিয়নো প্রয়োজন সাপেক্ষে বহু সুযোগ উলিওৱা হ’ব৷ ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে বিশ্বাস, চৰকাৰৰ প্ৰতি মানুহৰ বিশ্বাস আৰু ভাৰতৰ প্ৰতি বিশ্বৰ বিশ্বাস।

• ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে এক হাজাৰ বছৰৰ দাসত্ব আৰু আগন্তুক এক হাজাৰ বছৰৰ ভৱিষ্যৎ ভাৰতৰ মাজত থিয় দিছে। এই সময়ত দেশ এনে এখন সন্ধিৰ ওপৰত থিয় দিছে৷

• প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমাৰ লক্ষ্য অৰ্থনীতি শক্তিশালী কৰা, জনসাধাৰণক সৱলীকৰণ কৰা আৰু ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলা।’ যেতিয়া দেশ আৰ্থিকভাৱে সমৃদ্ধিশালী হয়, তেতিয়া দেশৰ তহবিলহে ভৰি পৰে নহয়, দেশৰ শক্তিও বৃদ্ধি পায়।’

• প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘২০১৪ চনত আমি বিশ্ব অৰ্থনীতিৰ ১০ নম্বৰত আছিলো, আজি ১৪০ কোটি দেশবাসীৰ প্ৰচেষ্টাই ফল দিছে আৰু আমি বিশ্বৰ ৫ম অৰ্থনীতি হৈ পৰিছো’

• প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমি সুষম উন্নয়নৰ ওপৰত গুৰুত্ব দিব লাগিব, আঞ্চলিক আকাংক্ষা পূৰণ কৰিব লাগিব। কোভিড মহামাৰীৰ পাছত নতুন বিশ্বব্যৱস্থা, নতুন ভূ-ৰাজনৈতিক সমীকৰণ অতি দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ কয় যে আজি বিশ্বই মুদ্ৰাস্ফীতিৰ সমস্যাৰ সন্মুখীন হৈছে, যেতিয়া আমি বাহিৰৰ পৰা সামগ্ৰী আমদানি কৰো তেতিয়া মুদ্ৰাস্ফীতিও আহে, দেশত মুদ্ৰাস্ফীতিৰ বোজা কম কৰিবলৈ আমাৰ প্ৰচেষ্টা এই দিশত অব্যাহত থাকিব।


• অহা বছৰ এই লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰিম। লগতে তেওঁ কয়, ‘আমাক লাগে এখন সুস্থিৰ চৰকাৰ, সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ আৰু ৩০ বছৰৰ অনিশ্চয়তাৰ অন্তত দেশৰ জনসাধাৰণে আমাক এখন সুস্থিৰ চৰকাৰ দিলে, ২০১৪ আৰু ২০১৯ চনত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে এখন সুস্থিৰ চৰকাৰ গঠন কৰিলে, মোদীয়ে উন্নত কৰিবলৈ সাহস পালে ৷ত্ৰিৰঙ্গাক সাক্ষী হিচাপে বিবেচনা কৰি ১০ বছৰৰ হিচাপ দিছোঁ মোৰ দেশবাসীক। সহযোগিতাৰ জৰিয়তে আমি সমৃদ্ধিৰ পথ গ্ৰহণ কৰিছো'।

• প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘আজি দেশত সন্ত্ৰাসবাদী আক্ৰমণ হ্ৰাস পাইছে, নক্সালবাদী কাণ্ডবোৰ অতীতৰ কথা হৈ পৰিছে। এইখন এখন কৰ্মৰত চৰকাৰ, এইখন নতুন ভাৰত.এই ভাৰতে ৰৈ নাথাকে,এই দেশত হাহাঁকাৰো নাই। অহা পাঁচ বছৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব সেয়া মোদীৰ নিশ্চয়তা।

• আত্মসহায়ক গোটসমূহৰ শলাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰৰ লক্ষ্য দুই কোটি কোটিপতি ভগ্নী বনোৱা। তেওঁ কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত আমি ৭০ হাজাৰ কোটি টকা খৰচ কৰিছো যাতে দুখীয়াই ঔষধ পায়, তেওঁলোকৰ ভাল চিকিৎসা হয়, আমি পশুধন বচাবলৈ টিকাকৰণৰ বাবে প্ৰায় ১৫ হাজাৰ কোটি টকা খৰচ কৰিছো।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট