--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ'গোলমাল', 'চুপকে চুপকে'ৰ দৰে ছবিত অভিনয় কৰি দৰ্শকৰ আপোন হৈ পৰা  অভিনেতা হৰিশ মাগনৰ মৃত্যু হৈছে।  মুম্বাইত  অভিনয় শিকোৱাৰ বাবে এটা প্ৰতিষ্ঠান মুকলি কৰি বহুতকে অভিনয়ৰ শিক্ষা দিয়া মাগনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বলীউডত শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল ৭৭ বছৰ বয়স। সোমবাৰে পুৱা  তেওঁৰ মৃত্যুৰ খবৰ মুম্বাই চিনে আৰু টিভি শিল্পী সমাজে  ঘোষণা কৰে। 


হৰিশ মাগনৰ জন্ম মুম্বাইত হৈছিল। পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বলীউডত কেৰিয়াৰ আৰম্ভ কৰে। হৰিশ মাগনে ৮০ আৰু ৯০ ৰ দশকৰ বহু ছবিত  পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল। 'গোলমাল', 'চুপকে চুপকে'ৰ উপৰি তেওঁক 'মুকাদ্দৰ কা সিকন্দৰ', 'নমক হালাল', 'শ্বাহেনশ্বাহ'ৰ দৰে ছবিতো দেখা গৈছিল।
হৰিশ মাগনক শেষবাৰৰ বাবে ১৯৯৭ চনৰ ছবি 'উফ ইয়ে মহব্বত'ত দেখা গৈছিল। মুম্বাইৰ  জুহুত হৰিশ মাগনে তেওঁৰ  অভিনয় প্ৰতিষ্ঠান খুলিছিল। তাতেই তেওঁ অভিনয় শিকাই আছিল।

জানিব পৰা মতে অভিনেতাজন কিছুদিনৰ পৰা অসুস্থ হৈ আছিল। সেয়ে  তেওঁক মুম্বাইৰ এখন  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।চিকিৎসকৰ চেষ্টাৰ পিছতো  আজি তেওঁৰ মৃত্যু ঘটে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক