--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ'গোলমাল', 'চুপকে চুপকে'ৰ দৰে ছবিত অভিনয় কৰি দৰ্শকৰ আপোন হৈ পৰা  অভিনেতা হৰিশ মাগনৰ মৃত্যু হৈছে।  মুম্বাইত  অভিনয় শিকোৱাৰ বাবে এটা প্ৰতিষ্ঠান মুকলি কৰি বহুতকে অভিনয়ৰ শিক্ষা দিয়া মাগনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বলীউডত শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল ৭৭ বছৰ বয়স। সোমবাৰে পুৱা  তেওঁৰ মৃত্যুৰ খবৰ মুম্বাই চিনে আৰু টিভি শিল্পী সমাজে  ঘোষণা কৰে। 


হৰিশ মাগনৰ জন্ম মুম্বাইত হৈছিল। পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বলীউডত কেৰিয়াৰ আৰম্ভ কৰে। হৰিশ মাগনে ৮০ আৰু ৯০ ৰ দশকৰ বহু ছবিত  পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল। 'গোলমাল', 'চুপকে চুপকে'ৰ উপৰি তেওঁক 'মুকাদ্দৰ কা সিকন্দৰ', 'নমক হালাল', 'শ্বাহেনশ্বাহ'ৰ দৰে ছবিতো দেখা গৈছিল।
হৰিশ মাগনক শেষবাৰৰ বাবে ১৯৯৭ চনৰ ছবি 'উফ ইয়ে মহব্বত'ত দেখা গৈছিল। মুম্বাইৰ  জুহুত হৰিশ মাগনে তেওঁৰ  অভিনয় প্ৰতিষ্ঠান খুলিছিল। তাতেই তেওঁ অভিনয় শিকাই আছিল।

জানিব পৰা মতে অভিনেতাজন কিছুদিনৰ পৰা অসুস্থ হৈ আছিল। সেয়ে  তেওঁক মুম্বাইৰ এখন  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।চিকিৎসকৰ চেষ্টাৰ পিছতো  আজি তেওঁৰ মৃত্যু ঘটে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু