--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নব্বৈৰ দশকৰ জনপ্ৰিয় অভিনেতা সুনীল শ্বেট্টী।  তিনিজন সদস্যৰে তেওঁৰ এটা সুখী পৰিয়াল। পত্নী মানা শ্বেট্টী, কন্যা আথিয়া শ্বেট্টী আৰু পুত্ৰ আহন শ্বেট্টী। দুয়োটা সন্তানেই  চকুৰ আপেল। তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত আপোচ কৰা নাছিল অভিনেতাজনে। দুয়োকে বহিঃৰাষ্ট্ৰৰ বিদ্যালয়ত পঢ়োওৱা হৈছে।

সুনীলে বহু টকা খৰচ কৰি আঠিয়া আৰু আহনক আমেৰিকান ব’ৰ্ড স্কুললৈ পঠিয়াইছে। বহু টকা খৰছ হোৱাৰ পিছতো অভিনেতাজনে কেতিয়াও নিজৰ সন্তানক ভাৰতীয় বিদ্যালয়ত নামভৰ্তি কৰাৰ কথা ভবা নাছিল। কিয়? শেহতীয়াকৈ এক সাক্ষাৎকাৰত সুনীলে নিজেই ইয়াৰ কাৰণ প্ৰকাশ কৰিছে।

বলীউডৰ তাৰকাৰ প্ৰতি ভাৰতীয়ৰ যি উন্মাদনা পৃথিৱীৰ আন ক’তো নাই।  সুনীলে নিবিচাৰিছিল যে তেওঁৰ সন্তান দুটা এনে পৰিবেশত পঢ়া-শুনা কৰক। সুনীলে আঠিয়া আৰু আহনক সুস্থ আৰু স্বাভাৱিক শৈশৱ এটা দিব বিচাৰিছিল।

অভিনেতাগৰাকীয়ে কয়, ‘মই কেতিয়াও বিচৰা নাছিলো যে মোৰ সন্তানে ভাৰতীয় বিদ্যালয়ত পঢ়ক। অন্ততঃ যিবোৰ বিদ্যালয়ত শিক্ষকসকল ভাৰতীয়। মই বিচৰা নাছিলো যে তেওঁলোকে কোনো বিশেষ সুবিধা লাভ কৰক বা বেলেগ ধৰণৰ ব্যৱহাৰ হওক কাৰণ তেওঁলোক বলীউডৰ অভিনেতাৰ সন্তান।''


অভিনেতাগৰাকীৰ মতে, “মোৰ এতিয়াও মনত আছে দেউতাই মোক কৈছিল যে ইয়াৰ বাবে বহুত টকা খৰচ হ’ব। সেই কথা ভাবি মই পিছুৱাই যোৱা নাছিলো। মই ভাবো শেষত ভালেই হ’ল।”

নিজে এজন অভিনেতা হ’লেও সুনীলে কেতিয়াও ভবা নাছিল যে তেওঁৰ সন্তানেও একে পথেই অনুসৰণ কৰিব। অভিনেতাগৰাকীয়ে কয়- ''আথিয়াক আটলাণ্টাৰ এখন কলেজত নামভৰ্তি কৰিবলৈ গৈছিলো। কলেজখন ভ্ৰমণ কৰিলোঁ, ভাল আছিল। ছোৱালীজনীক কলেজত ভৰ্তি কৰালো। ইয়াৰ পিছত আঠিয়া এয়াৰপৰ্টলৈ আহি মোক ক’লে যে তাই মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰিব বিচাৰে। মই সকীয়াই দিলোঁ। তেওঁ বিফলতাৰ সৈতে মোকাবিলা কৰিব পাৰিবনে? কাৰণ বলীউড যিমানেই জিলিকি থকা ঠাই নহওক কিয়, দিনৰ শেষত পেছাটোৰ ওপৰত তীব্ৰ চাপ পৰে।’’

উল্লেখ্য যে ছলমান খানৰ প্ৰযোজনা ‘হিৰো’ ছবিৰে বলীউডত অভিষেক ঘটা আঠিয়াই। আনহাতে, অভিষেক আহ্নৰ বলীউডত অভিষেক ঘটা ‘তাৰাপ’। যদিও দুয়োজন ভাই-ভনীৰ কোনোৱেই এতিয়ালৈকে নিজৰ অভিনয়েৰে দৰ্শকৰ মনত স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক