--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নব্বৈৰ দশকৰ জনপ্ৰিয় অভিনেতা সুনীল শ্বেট্টী।  তিনিজন সদস্যৰে তেওঁৰ এটা সুখী পৰিয়াল। পত্নী মানা শ্বেট্টী, কন্যা আথিয়া শ্বেট্টী আৰু পুত্ৰ আহন শ্বেট্টী। দুয়োটা সন্তানেই  চকুৰ আপেল। তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত আপোচ কৰা নাছিল অভিনেতাজনে। দুয়োকে বহিঃৰাষ্ট্ৰৰ বিদ্যালয়ত পঢ়োওৱা হৈছে।

সুনীলে বহু টকা খৰচ কৰি আঠিয়া আৰু আহনক আমেৰিকান ব’ৰ্ড স্কুললৈ পঠিয়াইছে। বহু টকা খৰছ হোৱাৰ পিছতো অভিনেতাজনে কেতিয়াও নিজৰ সন্তানক ভাৰতীয় বিদ্যালয়ত নামভৰ্তি কৰাৰ কথা ভবা নাছিল। কিয়? শেহতীয়াকৈ এক সাক্ষাৎকাৰত সুনীলে নিজেই ইয়াৰ কাৰণ প্ৰকাশ কৰিছে।

বলীউডৰ তাৰকাৰ প্ৰতি ভাৰতীয়ৰ যি উন্মাদনা পৃথিৱীৰ আন ক’তো নাই।  সুনীলে নিবিচাৰিছিল যে তেওঁৰ সন্তান দুটা এনে পৰিবেশত পঢ়া-শুনা কৰক। সুনীলে আঠিয়া আৰু আহনক সুস্থ আৰু স্বাভাৱিক শৈশৱ এটা দিব বিচাৰিছিল।

অভিনেতাগৰাকীয়ে কয়, ‘মই কেতিয়াও বিচৰা নাছিলো যে মোৰ সন্তানে ভাৰতীয় বিদ্যালয়ত পঢ়ক। অন্ততঃ যিবোৰ বিদ্যালয়ত শিক্ষকসকল ভাৰতীয়। মই বিচৰা নাছিলো যে তেওঁলোকে কোনো বিশেষ সুবিধা লাভ কৰক বা বেলেগ ধৰণৰ ব্যৱহাৰ হওক কাৰণ তেওঁলোক বলীউডৰ অভিনেতাৰ সন্তান।''


অভিনেতাগৰাকীৰ মতে, “মোৰ এতিয়াও মনত আছে দেউতাই মোক কৈছিল যে ইয়াৰ বাবে বহুত টকা খৰচ হ’ব। সেই কথা ভাবি মই পিছুৱাই যোৱা নাছিলো। মই ভাবো শেষত ভালেই হ’ল।”

নিজে এজন অভিনেতা হ’লেও সুনীলে কেতিয়াও ভবা নাছিল যে তেওঁৰ সন্তানেও একে পথেই অনুসৰণ কৰিব। অভিনেতাগৰাকীয়ে কয়- ''আথিয়াক আটলাণ্টাৰ এখন কলেজত নামভৰ্তি কৰিবলৈ গৈছিলো। কলেজখন ভ্ৰমণ কৰিলোঁ, ভাল আছিল। ছোৱালীজনীক কলেজত ভৰ্তি কৰালো। ইয়াৰ পিছত আঠিয়া এয়াৰপৰ্টলৈ আহি মোক ক’লে যে তাই মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰিব বিচাৰে। মই সকীয়াই দিলোঁ। তেওঁ বিফলতাৰ সৈতে মোকাবিলা কৰিব পাৰিবনে? কাৰণ বলীউড যিমানেই জিলিকি থকা ঠাই নহওক কিয়, দিনৰ শেষত পেছাটোৰ ওপৰত তীব্ৰ চাপ পৰে।’’

উল্লেখ্য যে ছলমান খানৰ প্ৰযোজনা ‘হিৰো’ ছবিৰে বলীউডত অভিষেক ঘটা আঠিয়াই। আনহাতে, অভিষেক আহ্নৰ বলীউডত অভিষেক ঘটা ‘তাৰাপ’। যদিও দুয়োজন ভাই-ভনীৰ কোনোৱেই এতিয়ালৈকে নিজৰ অভিনয়েৰে দৰ্শকৰ মনত স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু