--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া চাৰিওফালে মাথোঁ বিয়াৰ খবৰ। এইবাৰ বিবাহপাশত আৱদ্ধ হ'ল 'মহাদেৱ'। মহাদেৱ মানে মোহিত ৰাইনা। মোহিত ৰাইনাক সকলোৱে মহাদেৱ বুলিয়েই চিনি পায়। 'দেৱ কা দেৱ…মহাদেৱ' নামৰ টিভি ধাৰাবাহিকখনত মহাদেৱৰ চৰিত্ৰ ৰূপায়ন কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল মোহিত ৰাইনা। মোহিতৰ অভিনয়ে প্ৰতিজন দৰ্শককেই মোহিত কৰিছিল। মহাদেৱ বুলিলেই বহুতৰ দুচকুত ভাঁহি আহে শিৱৰূপী মোহিত ৰাইনাৰ মুখখন।

সেই মোহিত ৰাইনাই সকলোকে বৰ ডাঙৰ ছাৰপ্ৰাইজ দিলে। নৱবৰ্ষৰ আৰম্ভণিতে এটা বৰ সুন্দৰ খবৰ দিলে মোহিতে। মোহিতে বিচাৰি পালে নিজ জীৱনৰ পাৰ্বতী। প্ৰেমিকা অদিতিৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হ'ল মোহিত ৰাইনা। মিডিয়াৰ পৰা আঁতৰত থাকি চিৰ জীৱনৰ বাবে একেলগে থকাৰ অংগীকাৰ লয় মোহিত-অদিতিয়ে। মোহিত ৰাইনাই ইনষ্টাগ্ৰামত নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তোলে। ইয়াৰ পাছতেই গোপনে সমাপন হোৱা এই বিয়াৰ খবৰ ভাইৰেল হৈ পৰে। দৰা-কইনাৰ সাজত দুয়োকে খুব সুন্দৰ লাগিছিল। মোহিত-অদিতিৰ দাম্পত্য জীৱন সুখৰ হ'বলৈ সকলোৱে শুভকামনাৰে উপচাই পেলাইছে।

অভিনেতাজনৰ ভাল খবৰটোত তেওঁৰ অনুৰাগীসকল বহুত সুখী হৈ পৰিছে। নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি মোহিতে কেপশ্বনত লিখিছিল যে ''প্ৰেমে বাধা নামানে। প্ৰেমে সকলো বাধা ভাঙি পেলায়, সকলো বাধা অতিক্ৰম কৰে, মাজত থকা কঠিন দেৱালবোৰ ভাঙি পেলায়। প্ৰেম আশাৰে পৰিপূৰ্ণ হৈ থাকে। আশা আৰু আমাৰ পৰিয়ালৰ প্ৰাৰ্থনাৰ সহায়ত আমি এতিয়া দুজন মানুহ এক হ'লোঁ। আমি দুয়ো আমাৰ এই নতুন যাত্ৰাত আপোনাৰ পৰা বহুতো আশীৰ্বাদ বিচাৰো। ইতি-অদিতি আৰু মোহিত।''

উল্লেখ্য এটা সময়ত অভিনেত্ৰী মৌনী ৰয়ৰ সৈতে মোহিত ৰাইনাৰ সম্পৰ্ক আছে বুলি খবৰ শুনা গৈছিল। কিন্তু অভিনেতাজনে প্ৰতিবাৰেই এই খবৰ একাষাৰতে অস্বীকাৰ কৰিছিল। তেওঁ সদায় কৈছিল যে তেওঁ আৰু মৌনী মাত্ৰ এজন ভাল বন্ধু, তাতকৈ বেছি একো নহয়।

মোহিত ৰাইনাই 'দেৱ কা দেৱ…মহাদেৱ'ৰ উপৰিও 'মুম্বাই ডায়েৰীজ 26/11' আৰু 'উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক'ত সুন্দৰ অভিনয় কৰি সকলোকে মোহিত কৰিবলৈ সক্ষম হৈছিল। এতিয়া মোহিত আৰু অদিতিৰ দাম্পত্য জীৱন সুখৰ হ'বলৈ 'হৰ-গৌৰী বসতি হওঁক' বুলি সকলোৱে আশীৰ্বাদ দিছে।

আৰু পঢ়কঃ কৰ’না,অ’মিক্ৰনৰ আতংক! ছুপ্ৰীম কোৰ্টত ভাৰ্চুৱেল উপায়েৰে হ’ব গোচৰৰ শুনানি


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন