--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া চাৰিওফালে মাথোঁ বিয়াৰ খবৰ। এইবাৰ বিবাহপাশত আৱদ্ধ হ'ল 'মহাদেৱ'। মহাদেৱ মানে মোহিত ৰাইনা। মোহিত ৰাইনাক সকলোৱে মহাদেৱ বুলিয়েই চিনি পায়। 'দেৱ কা দেৱ…মহাদেৱ' নামৰ টিভি ধাৰাবাহিকখনত মহাদেৱৰ চৰিত্ৰ ৰূপায়ন কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল মোহিত ৰাইনা। মোহিতৰ অভিনয়ে প্ৰতিজন দৰ্শককেই মোহিত কৰিছিল। মহাদেৱ বুলিলেই বহুতৰ দুচকুত ভাঁহি আহে শিৱৰূপী মোহিত ৰাইনাৰ মুখখন।

সেই মোহিত ৰাইনাই সকলোকে বৰ ডাঙৰ ছাৰপ্ৰাইজ দিলে। নৱবৰ্ষৰ আৰম্ভণিতে এটা বৰ সুন্দৰ খবৰ দিলে মোহিতে। মোহিতে বিচাৰি পালে নিজ জীৱনৰ পাৰ্বতী। প্ৰেমিকা অদিতিৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হ'ল মোহিত ৰাইনা। মিডিয়াৰ পৰা আঁতৰত থাকি চিৰ জীৱনৰ বাবে একেলগে থকাৰ অংগীকাৰ লয় মোহিত-অদিতিয়ে। মোহিত ৰাইনাই ইনষ্টাগ্ৰামত নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তোলে। ইয়াৰ পাছতেই গোপনে সমাপন হোৱা এই বিয়াৰ খবৰ ভাইৰেল হৈ পৰে। দৰা-কইনাৰ সাজত দুয়োকে খুব সুন্দৰ লাগিছিল। মোহিত-অদিতিৰ দাম্পত্য জীৱন সুখৰ হ'বলৈ সকলোৱে শুভকামনাৰে উপচাই পেলাইছে।

অভিনেতাজনৰ ভাল খবৰটোত তেওঁৰ অনুৰাগীসকল বহুত সুখী হৈ পৰিছে। নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি মোহিতে কেপশ্বনত লিখিছিল যে ''প্ৰেমে বাধা নামানে। প্ৰেমে সকলো বাধা ভাঙি পেলায়, সকলো বাধা অতিক্ৰম কৰে, মাজত থকা কঠিন দেৱালবোৰ ভাঙি পেলায়। প্ৰেম আশাৰে পৰিপূৰ্ণ হৈ থাকে। আশা আৰু আমাৰ পৰিয়ালৰ প্ৰাৰ্থনাৰ সহায়ত আমি এতিয়া দুজন মানুহ এক হ'লোঁ। আমি দুয়ো আমাৰ এই নতুন যাত্ৰাত আপোনাৰ পৰা বহুতো আশীৰ্বাদ বিচাৰো। ইতি-অদিতি আৰু মোহিত।''

উল্লেখ্য এটা সময়ত অভিনেত্ৰী মৌনী ৰয়ৰ সৈতে মোহিত ৰাইনাৰ সম্পৰ্ক আছে বুলি খবৰ শুনা গৈছিল। কিন্তু অভিনেতাজনে প্ৰতিবাৰেই এই খবৰ একাষাৰতে অস্বীকাৰ কৰিছিল। তেওঁ সদায় কৈছিল যে তেওঁ আৰু মৌনী মাত্ৰ এজন ভাল বন্ধু, তাতকৈ বেছি একো নহয়।

মোহিত ৰাইনাই 'দেৱ কা দেৱ…মহাদেৱ'ৰ উপৰিও 'মুম্বাই ডায়েৰীজ 26/11' আৰু 'উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক'ত সুন্দৰ অভিনয় কৰি সকলোকে মোহিত কৰিবলৈ সক্ষম হৈছিল। এতিয়া মোহিত আৰু অদিতিৰ দাম্পত্য জীৱন সুখৰ হ'বলৈ 'হৰ-গৌৰী বসতি হওঁক' বুলি সকলোৱে আশীৰ্বাদ দিছে।

আৰু পঢ়কঃ কৰ’না,অ’মিক্ৰনৰ আতংক! ছুপ্ৰীম কোৰ্টত ভাৰ্চুৱেল উপায়েৰে হ’ব গোচৰৰ শুনানি

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে