--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নিবনুৱাৰ পৰিসংখ্যাই অভিলেখ গঢ়িছে ভাৰতত৷ শেহতীয়াকৈ ভাৰতৰ নিবনুৱাৰ পৰিসংখ্যাই চাৰিমাহৰ সৰ্বোচ্চ স্তৰ অতিক্ৰম কৰিলে৷ ২০২১ চনৰ ডিচেম্বৰত এই হাৰ হৈছেগৈ ৭.৯ শতাংশ৷ ভাৰতীয় অৰ্থনীতি পৰ্যবেক্ষণ কেন্দ্ৰৰ তথ্য অনুসৰি, ২০২১ চনৰ ডিচেম্বৰত ভাৰতত নিবনুৱাৰ হাৰ চাৰি মাহৰ সৰ্বোচ্চ স্তৰত ৭.৯%ত উপনিত হৈছিল৷


উল্লেখযোগ্য যে, ক’ভিড-১৯ মহামাৰীয়ে বহুতো ব্যৱসায় আৰু কোম্পানীক বিপৰ্যস্ত কৰিছিল, যাৰ ফলত বিশ্বৰ বহুতো দেশত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছিল।
কেন্দ্ৰটোৱে প্ৰতিবেদনত কৈছে যে ২০২১ চনৰ নৱেম্বৰৰ পৰা ডিচেম্বৰলৈ নিবনুৱাৰ হাৰ যথেষ্ট বৃদ্ধি পাইছিল। তাৰ ভিতৰত নগৰীয়া নিবনুৱাৰ হাৰ ২০২১ চনৰ নৱেম্বৰত ৮.২১ শতাংশৰ পৰা ডিচেম্বৰ, ২০২১ত ৯.৩ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে গ্ৰাম্য নিবনুৱাৰ হাৰ ৬.৪৪ শতাংশৰ পৰা ৭.২৮ শতাংশলৈ বৃদ্ধি হৈছে।

চিএমআইইৰ অফিচিয়েল ৱেবছাইটৰ তথ্য অনুসৰি, ২০২১ চনৰ নৱেম্বৰত সামগ্ৰিক নিবনুৱাৰ হাৰ আছিল ৭ শতাংশ৷ আনহাতে, ২০২১ চনৰ ডিচেম্বৰত এই হাৰ ৭.৯ শতাংশ আছিল, যি চাৰি মাহৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছিল৷
২০২১ চনৰ মে’ মাহত ভাৰতত নিবনুৱাৰ হাৰ সৰ্বকালৰ সৰ্বাধিক আছিল৷ ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌ শীৰ্ষত আছিল, যেতিয়া এই হাৰ ১১.৮৪ শতাংশ স্পৰ্শ কৰিছিল। দ্বিতীয় ঢৌটোৱে কেইবাটাও ব্যৱসায়ত ডাঙৰ আঘাত কৰিছিল আৰু নিবনুৱাক গুৰুতৰভাৱে প্ৰভাৱিত কৰিছিল।
আনহাতে, দক্ষিণ এছিয়াৰ অৰ্থনৈতিক কাৰ্য-কলাপ অ’মিক্ৰন প্ৰকাৰৰ সংক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত আকৌ এবাৰ বহুতো সেৱা বন্ধ হৈ পৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, বহুতো দেশত লকডাউনসদৃশ সীমাবদ্ধতাই বহুতো উদ্যোগৰ যোগান শৃংখলাত পুনৰ প্ৰভাৱ পেলাইছে। ২ জানুৱাৰী, ২০২২ত আনুমানিক নিবনুৱাৰ হাৰ হৈছে ৭.৮ শতাংশ, ৩০ দিনৰ চলমান গড় অনুসৰি। কালি দেশখনত নগৰীয়া নিবনুৱাৰ সংখ্যা ৯.২ শতাংশৰ সমান আছিল। হাৰিয়ানা, ৰাজস্থান আৰু ঝাৰখণ্ডত নিবনুৱাৰ হাৰ সৰ্বাধিক আছিল, যি ক্ৰমান্বয়ে ৩৪.১ শতাংশ, ২৭.১ শতাংশ আৰু ১৭.৩ শতাংশ আছিল।
দেশত ক্ৰমবৰ্ধমান নিবনুৱাৰ হাৰ ৰোধ কৰা অথবা নিবনুৱা সমস্যা সমাধানৰ বাবে তিলমানো গুৰুত্ব আৰোপ কৰা নাই কেন্দ্ৰীয় চৰকাৰে৷ বিগত লকডাউনত অৰ্থনৈতিকভাৱে বিপৰ্যস্ত হৈ আত্মহত্যা কৰিছে ক্ষুদ্ৰ, মজলীয়া ব্যৱসায়ীয়ে৷ আকৌ আহিছে ক’ভিডৰ প্ৰসংগ৷ কিন্তু, এইবাৰো চৰকাৰৰ সজাগতা পৰিলক্ষিত হোৱা নাই৷ আকৌ যদি ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰে, তেন্তে পুনৰ লকডাউন হোৱাতো নিশ্চিত৷ তেতিয়া পুনৰ ব্যৱসায় হেৰুৱাব আন বহুজনে৷ আকৌ বাঢ়িব নিবনুৱা৷ বাঢ়িব ক্ৰমশ: একোখন ঘৰৰ গধুৰ হুমুনিয়াহ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ