--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত বৰ্ধিত ক'ৰোনাৰ ঘটনাই যথেষ্ট উদ্বেগ বৃদ্ধি কৰিছে। ছুপ্ৰীম কোৰ্ট বা উচ্চতম ন্যায়ালয়ে কৰ'নাৰ তীব্ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৩ জানুৱাৰীৰ পৰা দুসপ্তাহৰ বাবে ভাৰ্চুৱেল উপায়েৰে গোচৰৰ শুনানি দিয়াৰ সিদ্ধান্ত লৈছে। কৰ'না মহামাৰীৰ বাবে উচ্চতম ন্যায়ালয়ত শাৰীৰিক শুনানি প্ৰায় ডেৰ বছৰৰ বাবে বন্ধ আছিল। উচ্চতম ন্যায়ালয়ে যোৱা বছৰ অক্টোবৰত শাৰীৰিক শুনানি পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। উকীলসকলে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰিছিল।

উচ্চতম ন্যায়ালয়ে অ'মিক্ৰনৰ বৰ্ধিত গোচৰৰ প্ৰতি লক্ষ্য ৰাখি ৩ জানুৱাৰীৰ পৰা দুসপ্তাহৰ বাবে ভাৰ্চুৱেল মোডত সকলো শুনানি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনে দেওবাৰে সন্ধিয়া এটা বিজ্ঞপ্তি জাৰি কৰি ৰায়টো ঘোষণা কৰিছিল। বিজ্ঞপ্তিত কোৱা হৈছে যে কৰ'না আৰু অ'মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শাৰীৰিক শুনানি প্ৰক্ৰিয়া বৰ্তমানৰ বাবে স্থগিত থাকিব।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে যে মহামাৰীৰ সময়ত নাগৰিকসকলক ন্যায় প্ৰদান কৰাত ভিডিঅ' কনফাৰেন্সৰ ব্যৱস্থা যথেষ্ট সফল হৈছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ক ক'ৰোনা সংকটৰ সময়ত তেওঁলোকৰ নিজ নিজ আৰু অধীনস্থ আদালতত ভাৰ্চুৱেল শুনানিৰ বাবে নিয়ম প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰিছে।

আৰু পঢ়কঃ পাক প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন পত্নীৰ গাড়ীলৈ গুলীচালনা! কঠোৰ সমালোচনা ইমৰান খানক


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা