--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ সমগ্ৰ দেশতে এতিয়াও অব্যাহত আছে চৰ্চা। একাংশৰ মতে এই ছবিখনে কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশাৰ বিষয়ে সঁচা অৰ্থত কথা কয় সঁচা, কিন্তু এই ছবিখন উদ্দেশ্যে প্ৰণোদিতভাৱে নিৰ্মাণ কৰা হৈছে। আন একাংশৰ মতে এই ছবিখনক দেশৰ বিজেপি শিবিৰে ২০২৪ৰ লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ ঢাল হিচাপে ব্যৱহাৰ কৰিছে। উল্লেখ্য যে কাশ্মীৰ ফাইলছে বলীউডকো দুটা ভাগত বিভক্ত কৰিছে বুলি আশংকা কৰা হৈছে। যদিও আমিৰ খান, অক্ষয় কুমাৰৰ দৰে তাৰকাসকলেও কাশ্মীৰ ফাইলছৰ কলা-কুশলীসকলক প্ৰশংসা কৰিছে, একে সময়তে ছবিখনক লৈ বলীউডৰ এটা শিবিৰ যেন অসন্তুষ্ট। ছবিখনক লৈ বলীউডৰ এটা অংশ কিয় নীৰৱ বুলি সোধাত অনুপম খেৰে কয়, “হয় মই নিজে আচৰিত হৈছো যে বলীউডৰ এটা অংশ এই ছিনেমাখনক লৈ কিয় নীৰৱ হৈ আছে।’’ খবৰ পোৱা গৈছে যে ছলমান খানে অত্যান্ত গোপনে দ্য কাশ্মীৰ ফাইলছ উপভোগ কৰিছে। ছলমানে অনুপম খেৰক ফোন কৰিও ছবিখনৰ সফলতা কামনা কৰিছিল বুলি জানিব পৰা গৈছে। চলচ্চিত্ৰখনে ১৯৯০ চনত উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ বিষয়ে বৰ্ণনা কৰিছে। বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানে কৈছিল যে ছবিখন অত্যন্ত হৃদয়বিদাৰক। আমিৰ খানে কাশ্মীৰী পণ্ডিতসকলৰ সৈতে ঘটা এই দুৰ্দশাৰ বাবে দুখ প্ৰকাশ কৰিছে। কাশ্মীৰ ফাইলছক লৈ উত্তেজনা কলকাতাৰ দৰ্শকৰ মাজত দেখা গৈছিল। পৰিচালকজনে নিজেই কলকাতাৰ এটা চিনেমা হলৰ ভিডিঅ’ টুইট কৰিছিল। ছবিখন চাবলৈ অহা দৰ্শকৰ ভিৰৰ দেখি বিবেকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, “কলকাতা, কোনে ভাবিছিল যে বাংলা ভাষাতো তৃতীয় সপ্তাহত কাশ্মীৰ ফাইলছৰ দৰে এখন চলচ্চিত্ৰ গৃহপূৰ্ণ হ’ব!” দ্বিতীয় সপ্তাহৰ মাজভাগত, চলচ্চিত্ৰখনে ২০০ কোটিৰ সীমা পাৰ কৰিছে। বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনে কৰোনাৰ পাছত মুক্তি পোৱা সকলো চলচ্চিত্ৰৰ সকলো অভিলেখ ভংগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ