--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ সমগ্ৰ দেশতে এতিয়াও অব্যাহত আছে চৰ্চা। একাংশৰ মতে এই ছবিখনে কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশাৰ বিষয়ে সঁচা অৰ্থত কথা কয় সঁচা, কিন্তু এই ছবিখন উদ্দেশ্যে প্ৰণোদিতভাৱে নিৰ্মাণ কৰা হৈছে। আন একাংশৰ মতে এই ছবিখনক দেশৰ বিজেপি শিবিৰে ২০২৪ৰ লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ ঢাল হিচাপে ব্যৱহাৰ কৰিছে। উল্লেখ্য যে কাশ্মীৰ ফাইলছে বলীউডকো দুটা ভাগত বিভক্ত কৰিছে বুলি আশংকা কৰা হৈছে। যদিও আমিৰ খান, অক্ষয় কুমাৰৰ দৰে তাৰকাসকলেও কাশ্মীৰ ফাইলছৰ কলা-কুশলীসকলক প্ৰশংসা কৰিছে, একে সময়তে ছবিখনক লৈ বলীউডৰ এটা শিবিৰ যেন অসন্তুষ্ট। ছবিখনক লৈ বলীউডৰ এটা অংশ কিয় নীৰৱ বুলি সোধাত অনুপম খেৰে কয়, “হয় মই নিজে আচৰিত হৈছো যে বলীউডৰ এটা অংশ এই ছিনেমাখনক লৈ কিয় নীৰৱ হৈ আছে।’’ খবৰ পোৱা গৈছে যে ছলমান খানে অত্যান্ত গোপনে দ্য কাশ্মীৰ ফাইলছ উপভোগ কৰিছে। ছলমানে অনুপম খেৰক ফোন কৰিও ছবিখনৰ সফলতা কামনা কৰিছিল বুলি জানিব পৰা গৈছে। চলচ্চিত্ৰখনে ১৯৯০ চনত উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ বিষয়ে বৰ্ণনা কৰিছে। বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানে কৈছিল যে ছবিখন অত্যন্ত হৃদয়বিদাৰক। আমিৰ খানে কাশ্মীৰী পণ্ডিতসকলৰ সৈতে ঘটা এই দুৰ্দশাৰ বাবে দুখ প্ৰকাশ কৰিছে। কাশ্মীৰ ফাইলছক লৈ উত্তেজনা কলকাতাৰ দৰ্শকৰ মাজত দেখা গৈছিল। পৰিচালকজনে নিজেই কলকাতাৰ এটা চিনেমা হলৰ ভিডিঅ’ টুইট কৰিছিল। ছবিখন চাবলৈ অহা দৰ্শকৰ ভিৰৰ দেখি বিবেকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, “কলকাতা, কোনে ভাবিছিল যে বাংলা ভাষাতো তৃতীয় সপ্তাহত কাশ্মীৰ ফাইলছৰ দৰে এখন চলচ্চিত্ৰ গৃহপূৰ্ণ হ’ব!” দ্বিতীয় সপ্তাহৰ মাজভাগত, চলচ্চিত্ৰখনে ২০০ কোটিৰ সীমা পাৰ কৰিছে। বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনে কৰোনাৰ পাছত মুক্তি পোৱা সকলো চলচ্চিত্ৰৰ সকলো অভিলেখ ভংগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু