--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ৰ বিৰতিৰ মূৰত শ্বাহৰুখক ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব৷ শ্বাহৰুখৰ মুক্তিলাভ কৰিবলগীয়া ছবি ‘পাঠান’ৰ দৃশ্যগ্ৰহণৰ কাম প্ৰায় শেষ হোৱাৰ পথত৷ তেওঁৰ অনুৰাগীসকলৰ মাজত এতিয়া ইয়াকে লৈ সাংঘাতিক উৎকণ্ঠা।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে কিছুদিনৰ পূৰ্বে স্পেইনলৈ যাত্ৰা কৰিছিল পাঠান ছবিৰ টীমটোৱে৷ তাতেই ছবিখনৰ শ্বুটিঙৰ কাম সমাপ্ত হ’ব৷ শ্বুটিংস্থলীৰ পৰাই বাহিৰ হৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিং খানৰ এখন চাৰ্টলেছ ফটো৷ শ্বাহৰুখ খানৰ অনুৰাগী ফেচবুকৰ পেজ এটাই শ্বেয়াৰ কৰিছে এই ফটোখন৷ ভাইৰেল হৈ পৰা ফটোখনত শ্বাহৰুখক এটা অ’লিভ গ্ৰীণ ৰঙী কাৰ্গ’ পেণ্ট পৰিহিত অৱস্থাত দেখা গৈছে৷শ্বাহৰুখক

অভিনেতাগৰাকীয়ে লগতে পৰিধান কৰিছে এযোৰ গাগলছ৷ উদং শৰীৰত দীঘল চুলিৰ সৈতে শ্বাহৰুখৰ এই ৰূপে খলকনি তুলিছে ছ’চিয়েল মিডিয়াৰ লগতে অনুৰাগীৰ মাজত৷ ৫০ অতিক্ৰম কৰাৰ পাছতো শ্বাহৰুখৰ ফিটনেছে নেটিজেনসকলক আচৰিত কৰি তুলাৰ সময়তে শ্বাহৰুখৰ জীয়ৰী সুহানাৰো দৃষ্টি আকৰ্ষণ কৰিছে পিতৃৰ শেহতীয়া অৱতাৰে। এইবাৰ, সুহানা খানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বাহৰুখ খানৰ ফটো শ্বেয়াৰ কৰিছে আৰু তেওঁৰ উত্তেজনা প্ৰকাশ কৰিছে। শ্বাহৰুখ খানৰ জীয়ৰীয়ে ইনষ্টাগ্ৰামত লিখিছিল, “আহ্ মোৰ দেউতাৰ বয়স এতিয়া ৫৬... কিন্তু তেওঁৰ শেহতীয়া লুকে মোৰো দৃষ্টি আকৰ্ষণ কৰিছে।” কিছুদিন পূৰ্বে শ্বাহৰুখ খানে দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ সৈতে পাঠানৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিবলৈ বিদেশ ভ্ৰমণ কৰিছিল। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত এই স্পাই থ্ৰিলাৰত বলীউডৰ মস্তানি দীপিকা পাডুকোনে আকৌ এবাৰ কিং খানৰ সৈতে একেলগে অভিনয় কৰিব। শ্বাহৰুখ খানৰ ‘পাঠান’ ২০২৩ৰ গণতন্ত্ৰ দিৱসৰ সপ্তাহান্তত মুক্তি পাবলৈ সাজু হৈছে, অনুৰাগীসকলকো ছবিখনক লৈ ব্যপক উৎসুকতা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু