--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ৰ বিৰতিৰ মূৰত শ্বাহৰুখক ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব৷ শ্বাহৰুখৰ মুক্তিলাভ কৰিবলগীয়া ছবি ‘পাঠান’ৰ দৃশ্যগ্ৰহণৰ কাম প্ৰায় শেষ হোৱাৰ পথত৷ তেওঁৰ অনুৰাগীসকলৰ মাজত এতিয়া ইয়াকে লৈ সাংঘাতিক উৎকণ্ঠা।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে কিছুদিনৰ পূৰ্বে স্পেইনলৈ যাত্ৰা কৰিছিল পাঠান ছবিৰ টীমটোৱে৷ তাতেই ছবিখনৰ শ্বুটিঙৰ কাম সমাপ্ত হ’ব৷ শ্বুটিংস্থলীৰ পৰাই বাহিৰ হৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিং খানৰ এখন চাৰ্টলেছ ফটো৷ শ্বাহৰুখ খানৰ অনুৰাগী ফেচবুকৰ পেজ এটাই শ্বেয়াৰ কৰিছে এই ফটোখন৷ ভাইৰেল হৈ পৰা ফটোখনত শ্বাহৰুখক এটা অ’লিভ গ্ৰীণ ৰঙী কাৰ্গ’ পেণ্ট পৰিহিত অৱস্থাত দেখা গৈছে৷শ্বাহৰুখক

অভিনেতাগৰাকীয়ে লগতে পৰিধান কৰিছে এযোৰ গাগলছ৷ উদং শৰীৰত দীঘল চুলিৰ সৈতে শ্বাহৰুখৰ এই ৰূপে খলকনি তুলিছে ছ’চিয়েল মিডিয়াৰ লগতে অনুৰাগীৰ মাজত৷ ৫০ অতিক্ৰম কৰাৰ পাছতো শ্বাহৰুখৰ ফিটনেছে নেটিজেনসকলক আচৰিত কৰি তুলাৰ সময়তে শ্বাহৰুখৰ জীয়ৰী সুহানাৰো দৃষ্টি আকৰ্ষণ কৰিছে পিতৃৰ শেহতীয়া অৱতাৰে। এইবাৰ, সুহানা খানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বাহৰুখ খানৰ ফটো শ্বেয়াৰ কৰিছে আৰু তেওঁৰ উত্তেজনা প্ৰকাশ কৰিছে। শ্বাহৰুখ খানৰ জীয়ৰীয়ে ইনষ্টাগ্ৰামত লিখিছিল, “আহ্ মোৰ দেউতাৰ বয়স এতিয়া ৫৬... কিন্তু তেওঁৰ শেহতীয়া লুকে মোৰো দৃষ্টি আকৰ্ষণ কৰিছে।” কিছুদিন পূৰ্বে শ্বাহৰুখ খানে দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ সৈতে পাঠানৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিবলৈ বিদেশ ভ্ৰমণ কৰিছিল। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত এই স্পাই থ্ৰিলাৰত বলীউডৰ মস্তানি দীপিকা পাডুকোনে আকৌ এবাৰ কিং খানৰ সৈতে একেলগে অভিনয় কৰিব। শ্বাহৰুখ খানৰ ‘পাঠান’ ২০২৩ৰ গণতন্ত্ৰ দিৱসৰ সপ্তাহান্তত মুক্তি পাবলৈ সাজু হৈছে, অনুৰাগীসকলকো ছবিখনক লৈ ব্যপক উৎসুকতা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ