--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কালাতলীৰ পৰা আহি থকা ASO1SC 7368 নম্বৰৰ ডি আই গাড়ী আৰু AS-01DX7134 নম্বৰৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

ডিজিটেল ডেস্ক: ৰাজ্যত দৈনন্দিন এটাৰ পিছত আন এটা পথ দুৰ্ঘটনাই নিদ্ৰা হৰণ কৰিছে অভিভাৱকসকলৰ। দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী-সোণতলী অঞ্চলত সোমবাৰে পৃথকে পৃথকে হোৱা পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ মৃত্যুৰ ঘটনা মাৰ নাযাওঁতেই পুনৰ মঙলবাৰে আবেলি বাইক আৰু ডি আই গাড়ীৰ মুখামুখি সংঘৰ্ষত হাহঁচৰীত দুজনকৈ কিশোৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।


দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুজন ক্ৰমে জোৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন ঘোৰামাৰা গাঁৱৰ আজিজুল হক(১৬) আৰু হাহঁচৰী গাঁৱৰ ৰুহুল আমিন (১৪) বুলি জানিব পৰা গৈছে।


স্থানীয় লোকে দুয়োকে ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও দুয়োৰে অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে GMCH লৈ প্ৰেৰণ কৰে।


ইয়াৰে আজিজুল হক নামৰ কিশোৰজন GMCH লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।


কালাতলীৰ পৰা আহি থকা ASO1SC 7368 নম্বৰৰ ডি আই গাড়ী আৰু AS-01DX7134 নম্বৰৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।


এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত জোৰশিমুলী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু