--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কালাতলীৰ পৰা আহি থকা ASO1SC 7368 নম্বৰৰ ডি আই গাড়ী আৰু AS-01DX7134 নম্বৰৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

ডিজিটেল ডেস্ক: ৰাজ্যত দৈনন্দিন এটাৰ পিছত আন এটা পথ দুৰ্ঘটনাই নিদ্ৰা হৰণ কৰিছে অভিভাৱকসকলৰ। দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী-সোণতলী অঞ্চলত সোমবাৰে পৃথকে পৃথকে হোৱা পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ মৃত্যুৰ ঘটনা মাৰ নাযাওঁতেই পুনৰ মঙলবাৰে আবেলি বাইক আৰু ডি আই গাড়ীৰ মুখামুখি সংঘৰ্ষত হাহঁচৰীত দুজনকৈ কিশোৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।


দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুজন ক্ৰমে জোৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন ঘোৰামাৰা গাঁৱৰ আজিজুল হক(১৬) আৰু হাহঁচৰী গাঁৱৰ ৰুহুল আমিন (১৪) বুলি জানিব পৰা গৈছে।


স্থানীয় লোকে দুয়োকে ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও দুয়োৰে অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে GMCH লৈ প্ৰেৰণ কৰে।


ইয়াৰে আজিজুল হক নামৰ কিশোৰজন GMCH লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।


কালাতলীৰ পৰা আহি থকা ASO1SC 7368 নম্বৰৰ ডি আই গাড়ী আৰু AS-01DX7134 নম্বৰৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।


এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত জোৰশিমুলী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ