--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷ইয়াৰে অন্যতম এখন গুৰুত্বপূৰ্ণ ৰাজ্য ৰাজস্থান৷ শেহতীয়াকৈ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক আগন্তুক ৰাজস্থান নিৰ্বাচনত এআইচিচিৰ তাৰকা প্ৰচাৰক হিচাপে নিৰ্বাচিত কৰা হৈছে।অসমৰ পৰা কংগ্ৰেছৰ সাংসদগৰাকীৰ সৈতে যোগ দিব মালিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, আৰু শশী থাৰুৰকে ধৰি বিভিন্ন জ্যেষ্ঠ নেতাই৷

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মুঠ ৪০ গৰাকী কংগ্ৰেছ নেতাৰ নাম চৰ্টলিষ্ট কৰা হৈছে।কংগ্ৰেছে দেওবাৰে ২৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ সপ্তম তালিকা প্ৰকাশ কৰি ৰাজ্যৰ মন্ত্ৰী শান্তি ধাৰীৱালক কোটা উত্তৰ আসনৰ পৰা প্ৰক্ষেপ কৰে। আজি অৰ্থাৎ ৬ নৱেম্বৰ আছিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ৷

ইপিনে মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিশ্বাসী তথা ৰাজস্থান পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ ৰাথোড়ক টিকট প্ৰদানৰ বাবে অস্বীকাৰ কৰিছে দলটোৱে।ৰাজ্যখনত কংগ্ৰেছ বিধানসভা পাৰ্টীৰ এখন বৈঠকত অংশ নোলোৱা আৰু তাৰ পৰিৱৰ্তে যোৱা বছৰ বিধায়কৰ সমান্তৰাল বৈঠক অনুষ্ঠিত কৰাৰ পাছত দলৰ অনুশাসন সমিতিৰ বিৰুদ্ধে জাননী জাৰি কৰা তিনিজন জ্যেষ্ঠ ৰাজ্যিক নেতাৰ ভিতৰত ধৰীৱাল আৰু ৰাথোড় অন্যতম।উল্লেখ্য যে উত্তৰ আজমেৰ সমষ্টিৰ পৰা টিকট বিচাৰিছিল ৰাথোড়ে। কিন্তু কংগ্ৰেছে মহেন্দ্ৰ সিং ৰালাৱাতাক আসনৰ পৰা প্ৰক্ষেপ কৰে।ইতিমধ্যে দলৰ অনুশাসন সমিতিৰ জাননী জাৰি কৰা তৃতীয়জন নেতা মহেশ যোশীক ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ টিকটৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁৰ ঠাইত হাৱা মহলৰ পৰা টিকট প্ৰদান কৰা হৈছে আৰ আৰ তিৱাৰীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক