--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচন চমু চপাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হৈ পৰিছে বদৰুদ্দিন আজমল৷ আজমলৰ সক্ৰিয়তাই এতিয়া চিন্তিত কৰি তুলিছে ৰাজ্যখনৰ চিন্তাশীল নাগৰিকক৷ সাম্প্ৰদায়িক কথা-বতৰাৰে অসমীয়া সমাজখনক দ্বিবিভক্ত কৰাৰ অভিপ্ৰায়েৰে আজমলে ৰাজনীতি কৰাৰ অভিযোগ ৰাজ্যৰ সচেতন মহলৰ৷ 

প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলে বিশেষ উদ্দেশ্য আগত ৰাখি সাম্প্ৰদায়িক মন্তব্যৰে ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈ পৰে৷ মূলত: যিকেইটা কাৰণত অসমৰ বিৰোধী ঐক্যমঞ্চই লগত নল’লে আজমলক, তাৰ অন্যতম অভিযোগ আছিল যে আজমল বিজেপিৰ বি-টীম৷ আৰু সেই অভিযোগৰেই সত্যতা প্ৰতিপন্ন কৰি আজমলে বিজেপিৰ সহায় হোৱাকৈ ৰাজনীতি কৰাৰ অভিযোগ এতিয়া অসমৰ আকাশে-বতাহে৷ 

নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ বিফলতাক লৈ ৰাজ্যৰ জনসাধাৰণে প্ৰশ্ন তুলিবলৈ আৰম্ভ কৰাৰ সময়তে প্ৰেক্ষাপটত হঠাতে আবিৰ্ভাৱ হৈছে বদৰুদ্দিন আজমলৰ৷ মৌলিক চিন্তা আৰু জাতীয় জীৱনৰে জড়িত প্ৰশ্নসমূহৰ পৰা জনদৃষ্টি আঁতৰাই ৰাখিবলৈ বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰিছে এটা মহলে৷ 

আৰু উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰে ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰি ভোটবেংকৰ ৰাজনীতি কৰিছে সেই মহলটোৱে৷ আজমলৰ মন্তব্যৰে হিন্দুমূলীয় ভোট একত্ৰিত কৰাৰো কৌশল অৱলম্বন কৰিছে সেই বিশেষ মহলটোৱে৷ অৱশ্যে, সম্প্ৰতি সেই পুৰণি কৌশলে যেন কাম দিয়া নাই৷ 

আজমলক সন্মুখত ৰাখি ধৰ্মীয় মেৰুকৰুণৰ ৰাজনীতিৰ আখৰা এইবেলি কোনোবাখিনিত ৰৈ গৈছে৷ আজমলৰ মন্তব্য আৰু সেই মন্তব্যক উভতি ধৰি বিজেপিৰ নেতা-পালিনেতাই কৰা প্ৰতিক্ৰিয়াসমূহে এইবেলি প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু হ’লেও চৰকাৰে নলয় কোনোধৰণৰ ব্যৱস্থা৷ অথচ, চৰকাৰৰ প্ৰতিনিধিয়ে মুখ চুপতিত ব্যস্ত থাকে আজমলৰ সৈতে৷ আৰু কথাৰ কটাকটিত গৌণ হৈ পৰি ৰয় সেইবোৰ বিষয়, যিবোৰ বিষয় অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত৷ অসম চুক্তি ৰূপায়ণ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দৰে অসমীয়া জাতিৰ ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰিব পৰা বিষয়সমূহ নীৰৱে শুই পৰে আজমল-বিতৰ্কৰ আঁৰে-আঁৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ