--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচন চমু চপাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হৈ পৰিছে বদৰুদ্দিন আজমল৷ আজমলৰ সক্ৰিয়তাই এতিয়া চিন্তিত কৰি তুলিছে ৰাজ্যখনৰ চিন্তাশীল নাগৰিকক৷ সাম্প্ৰদায়িক কথা-বতৰাৰে অসমীয়া সমাজখনক দ্বিবিভক্ত কৰাৰ অভিপ্ৰায়েৰে আজমলে ৰাজনীতি কৰাৰ অভিযোগ ৰাজ্যৰ সচেতন মহলৰ৷ 

প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলে বিশেষ উদ্দেশ্য আগত ৰাখি সাম্প্ৰদায়িক মন্তব্যৰে ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈ পৰে৷ মূলত: যিকেইটা কাৰণত অসমৰ বিৰোধী ঐক্যমঞ্চই লগত নল’লে আজমলক, তাৰ অন্যতম অভিযোগ আছিল যে আজমল বিজেপিৰ বি-টীম৷ আৰু সেই অভিযোগৰেই সত্যতা প্ৰতিপন্ন কৰি আজমলে বিজেপিৰ সহায় হোৱাকৈ ৰাজনীতি কৰাৰ অভিযোগ এতিয়া অসমৰ আকাশে-বতাহে৷ 

নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ বিফলতাক লৈ ৰাজ্যৰ জনসাধাৰণে প্ৰশ্ন তুলিবলৈ আৰম্ভ কৰাৰ সময়তে প্ৰেক্ষাপটত হঠাতে আবিৰ্ভাৱ হৈছে বদৰুদ্দিন আজমলৰ৷ মৌলিক চিন্তা আৰু জাতীয় জীৱনৰে জড়িত প্ৰশ্নসমূহৰ পৰা জনদৃষ্টি আঁতৰাই ৰাখিবলৈ বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰিছে এটা মহলে৷ 

আৰু উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰে ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰি ভোটবেংকৰ ৰাজনীতি কৰিছে সেই মহলটোৱে৷ আজমলৰ মন্তব্যৰে হিন্দুমূলীয় ভোট একত্ৰিত কৰাৰো কৌশল অৱলম্বন কৰিছে সেই বিশেষ মহলটোৱে৷ অৱশ্যে, সম্প্ৰতি সেই পুৰণি কৌশলে যেন কাম দিয়া নাই৷ 

আজমলক সন্মুখত ৰাখি ধৰ্মীয় মেৰুকৰুণৰ ৰাজনীতিৰ আখৰা এইবেলি কোনোবাখিনিত ৰৈ গৈছে৷ আজমলৰ মন্তব্য আৰু সেই মন্তব্যক উভতি ধৰি বিজেপিৰ নেতা-পালিনেতাই কৰা প্ৰতিক্ৰিয়াসমূহে এইবেলি প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু হ’লেও চৰকাৰে নলয় কোনোধৰণৰ ব্যৱস্থা৷ অথচ, চৰকাৰৰ প্ৰতিনিধিয়ে মুখ চুপতিত ব্যস্ত থাকে আজমলৰ সৈতে৷ আৰু কথাৰ কটাকটিত গৌণ হৈ পৰি ৰয় সেইবোৰ বিষয়, যিবোৰ বিষয় অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত৷ অসম চুক্তি ৰূপায়ণ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দৰে অসমীয়া জাতিৰ ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰিব পৰা বিষয়সমূহ নীৰৱে শুই পৰে আজমল-বিতৰ্কৰ আঁৰে-আঁৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?