--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে একালৰ বৃন্দাবন একালত পৰে চন৷ গৌতম আদানীৰ ক্ষেত্ৰতো একে ঘটনাই ঘটিছে৷ মাৰ্কিন প্ৰতিষ্ঠানে জালিয়াতি ফাদিল কৰাৰ পিছতে ব্যৱসায়ত ক্ৰমে ডুবি গৈছে আদানী গ্ৰুপ৷ এটা সময়ত গৌতম আদানীৰ ব্যৱসায়ৰ পৰামৰ্শদাতা আছিল তেওঁৰ পত্নী প্ৰীতি আদানী৷ প্ৰীতিৰ প্ৰচেষ্টাতে মাত্ৰ দুজন কৰ্মচাৰীৰে আৰম্ভ হোৱা আদানী গ্ৰুপত জড়িত হৈ পৰিছিল প্ৰায় ৩২ লাখ মানুহ৷ 

এতিয়া ব্যৱসায়িক বিপৰ্যয়ৰ পিছত সেই মানুহবোৰৰ মুখলৈ চাব নোৱাৰা অৱস্থা হৈছে৷ চাকৰিৰ অনিশ্চয়তাত ভোগা লাখ লাখ কৰ্মচাৰীৰ মাজৰে বহুতৰে মুখৰ হাঁহি যেন হেৰাই গৈছে৷ এনে অৱস্থা হ’ব বুলি আদানীৰ পত্নী প্ৰীতি আদানীয়ে হয়তো কেতিয়াও ভবাই নাছিল৷ এতিয়া আদানিৰ বাবে সময় ভালদৰে চলি থকা নাই। আমেৰিকাৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছৰে পৰা আদানি পৰিয়ালটোত  অন্ধকাৰে বিৰাজ কৰিছে৷ 


কোম্পানীৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে আদানি গোটে জালিয়াতিৰে  ইয়াৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে। আৰু ইয়াৰ ফলস্বৰূপে, আদানি গোটৰ শ্বেয়াৰ বিক্ৰী নোহোৱাকৈ পৰি ৰৈছে৷ প্ৰতি ঘণ্টাত আদানীয়ে হেৰুৱাইছে কোটি কোটি টকা৷ বিনিয়োগকাৰীৰ হেঁচাত আদানীয়ে ঘূৰাই দিবলগীয়া হৈছে ২০ হাজাৰ কোটি টকা৷ এলআইচি, এছবিআইৰ পৰা লোৱা হাজাৰ হাজাৰ কোটি চকাৰ ধাৰতো আছে৷ মুঠৰ ওপৰত কোনো পিনে পোহৰৰ ৰেঙণি নেদেখা এক অৱস্থা৷ সেয়ে হয়তো সামান্য হতাশ হৈছে প্ৰী আদানীও৷  

উদ্যোগপতি প্ৰীতি আদানিৰ গৃহিনী হোৱাৰ দিনৰে পৰা এনে বিপৰ্যয় দেখা নাছিল৷  প্ৰীতিয়ে নিজৰ কেৰিয়াৰ ত্যাগ কৰি স্বামীৰ কাষত থিয় হৈ পৰিয়ালটো পৰিচালনা কৰি আহিছে৷ প্ৰীতিয়ে  তেওঁৰ স্বামীৰ ব্যৱসায়ৰ তদাৰক কৰি আহিছে। আদানীয়ে এবাৰ নিজেই কৈছিল"পত্নী তেওঁৰ জীৱনৰ স্তম্ভ," ।

পৰিয়ালৰ সকলো সমস্যাৰ মোকাবিলা কৰিবলৈ আদানি সদায় তেওঁৰ পত্নীৰ সৈতে কথা পাতে। আদানি গোটে বৰ্তমানৰ সংকটৰ মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছে। এনে পৰিস্থিতিতপ্ৰীতিয়ে গৌতম আদানীৰ  জীৱনত তেওঁৰ পত্নীৰ দায়িত্ব কেনেদৰে পালন কৰিছে তাকে লৈ বহুতৰে মাজত চৰ্চা হৈছে৷ 
 গৌতম আদানীয়ে যেতিয়া প্ৰীতিক প্ৰথম দেখিছিল তেতিয়া আদানী যথেষ্ট লাজকুৰীয়া আছিল। এক সাক্ষাৎকাৰত আদানীয়ে কৈছিল , "মই এজন অশিক্ষিত ব্যক্তি, আৰু তেওঁ (প্ৰীতি) এগৰাকী চিকিৎসক। গতিকে এইটো অলপ অসামঞ্জস্যপূৰ্ণ কথা। ''

প্ৰীতিৰ জন্ম ১৯৬৫ চনত মুম্বাইত এটা গুজৰাটী পৰিয়ালত হৈছিল। তেওঁ আহমেদাবাদৰ চৰকাৰী দন্ত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। অৱশ্যে, আদানিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত তেওঁ আৰু তেওঁৰ কেৰিয়াৰৰ বিষয়ে ভবা নাছিল। তেওঁ নিজৰ বৃত্তি এৰি আদানীৰ ব্যৱসায়ত মনোনিবেশ কৰিছিল।

অৱশ্যে স্বামীৰ ঘৰ সাজিবলৈ  নিজৰ কেৰিয়াৰ ত্যাগ কৰাৰ বাবে প্ৰীতিৰ মনত কোনো দুখ নাছিল। আদানিৰ ৬০ সংখ্যক জন্মদিনত প্ৰীতিয়ে টুইটাৰত লিখিছিল, "৩৬ বছৰতকৈও অধিক সময় পাৰ হৈ গ'ল... মই মোৰ কেৰিয়াৰ এৰি  গৌতম আদানিৰ সৈতে এটা নতুন যাত্ৰা আৰম্ভ কৰিছিলো। যেতিয়া মই পিছলৈ ঘূৰি চাওঁ, মই তেওঁৰ বাবে খুব গৌৰৱান্বিত হৈ পৰো। ''প্ৰীতিয়ে কেৱল এগৰাকী গৃহিনীতে   নিজকে ব্যস্ত ৰাখিব নিবিচাৰিছিল। গৌতম আদানীৰ সৈতে  বিয়া হোৱাৰ পিছত  তেওঁ ১৯৯৬  চনত আদানি ফাউণ্ডেচনৰ অধ্যক্ষ হৈছিল। আদানীয়ে নিজেই কৈছিল যে প্ৰীতিৰ নেতৃত্বত ফাউণ্ডেচনে যথেষ্ট অগ্ৰগতি লাভ কৰিছিল।
প্ৰীতিৰ নেতৃত্বত আদানি গ্ৰুপৰ চিএছআৰ (কৰ্পোৰেট সামাজিক দায়বদ্ধতা) বাজেটে ২০১৮-১৯ বৰ্ষত ১২৮ কোটি টকা স্পৰ্শ কৰিছিল। ২০১৭-১৮  বৰ্ষত এই পৰিমাণ আছিল ৯৫  কোটি টকা।

২০২০ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰীতিক সমাজত তেওঁৰ কল্যাণমূলক কামৰ অবদানৰ বাবে আহমেদাবাদৰ জিএলএছ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ডক্টৰেট উপাধি প্ৰদান কৰা হৈছিল।
ইমান কামৰ মাজতো  প্ৰীতিয়ে তেওঁৰ পৰিয়ালক যত্নেৰে সজ্জিত কৰিছে। প্ৰীতিৰ দুই পুত্ৰ, বোৱাৰী আৰু নাতিনীৰে পৰিপূৰ্ণ এটা পৰিয়াল আছে। গৌতম আৰু প্ৰীতিৰ দুই  পুত্ৰ কৰণ আৰু জিত আদানি। পৰিধিয়ে ২০১৩ চনত কৰণৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ২০১৬ চনত তেওঁলোকৰ এটি কন্যা সন্তান জন্মিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement