--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মূল্যবৃদ্ধিৰ বোজাই কোঙা কৰা দেশবাসীৰ বাবে আৰু এটা বেয়া খবৰ৷ দেশৰ কোটি কোটি লোকৰ পছন্দ আমুল গাখীৰৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷  বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰক বিৰোধী দলসমূহে সমালোচনাৰে থকা-সৰকা কৰিছে৷   আমুল গাখীৰৰ মূল্য   বৃদ্ধিৰ বিষয়টোকলৈ কংগ্ৰেছে পুনৰ নৰেন্দ্ৰ মোদীৰ  চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ 

কেন্দ্ৰক আক্ৰমণ কৰি পশ্চিম বংগৰ কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে গাখীৰ নাখায় , দেশৰ শিশুসকলৰ বাবে পিছে গাখীৰ অতি গুৰুত্বপূৰ্ণ।তেওঁ কয় "যদি আমুল গাখীৰৰ মূল্য বৃদ্ধি হয়, তেন্তে সাধাৰণ মানুহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত  হ'ব। এয়াও হ'ব পাৰে যে মোদী  আৰু অমিত শ্বাহে  হয়তো  গাখীৰ নাখায়, কিন্তু দেশৰ শিশুসকলে গাখীৰ খোৱাটো প্ৰয়োজনীয়। গাখীৰৰ মূল্য বৃদ্ধি কৰি চৰকাৰে নিজৰ অভিপ্ৰায় স্পষ্ট কৰি দিছে," ।

উল্লেখ্য  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০১৯ চনত    পিয়াজৰ উচ্চ মূল্যক লৈ প্ৰতিবাদৰ মাজতে কৈছিল যে তেওঁ পিয়াজ নাখায়। সেই মন্তব্যৰ আঁত ধৰিয়েই কংগ্ৰেছ সাংসদগৰাকীয়ে মোদী আৰু অমিত শ্বাহে হয়তো গাখীৰ নাখায় বুলি মন্তব্য কৰিছে৷ উল্লেখ্য গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে (জিচিএমএমএফ) সকলো  আমুল পাউচ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৩ টকা বৃদ্ধি কৰিছে। আমুল তাজা ৫০০মিলি  এতিয়া ২৭ টকাত উপলব্ধ হ'ব; আমুল তাজা প্ৰতি লিটাৰত ৫৪ টকা; আমুল তাজা দুই লিটাৰৰ পেকেটত ১০৮  টকা; আমুল তাজা ৬ লিটাৰৰ পেকেটত  ৩২৪ টকা; আমুল তাজা ১০  টকাত ১৮০  মিলি; আমুল গোল্ড ৫০০ মিলি ৩৩ টকা; আমুল গোল্ড  প্ৰতি লিটাৰত ৬৬ টকা; আমুল গোল্ড ৬ লিটাৰ ৩৯৬  টকা; আমুল গৰুৰ গাখীৰ ৫০০ মিলি ২৮ টকা; আমুল গৰুৰ গাখীৰ প্ৰতি লিটাৰত ৫৬  টকা; আমুল  বাফেলো মিল্ক ৫০০ মিলি ৩৫  টকাত; আমুল  বাফেলো মিল্ক প্ৰতি লিটাৰত ৭০ টকা; আমুল  বাফেলো মিল্ক ৬ লিটাৰ ৪২০ টকাত উপলব্ধ হ’ব।

যোৱা বছৰৰ অক্টোবৰ মাহত, গুজৰাটৰ বাহিৰে সকলো ৰাজ্যৰ বাবে আমুল গোল্ড (ফুল ক্ৰীম) আৰু ম'হৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা কৈ বৃদ্ধি কৰা হৈছিল। আমুলৰ পিছত  মাদাৰ ডেইৰীয়েও গাখীৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈ  দিল্লীত ফুল ক্ৰীম গাখীৰ আৰু গৰুৰ গাখীৰৰ প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক