--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মূল্যবৃদ্ধিৰ বোজাই কোঙা কৰা দেশবাসীৰ বাবে আৰু এটা বেয়া খবৰ৷ দেশৰ কোটি কোটি লোকৰ পছন্দ আমুল গাখীৰৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷  বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰক বিৰোধী দলসমূহে সমালোচনাৰে থকা-সৰকা কৰিছে৷   আমুল গাখীৰৰ মূল্য   বৃদ্ধিৰ বিষয়টোকলৈ কংগ্ৰেছে পুনৰ নৰেন্দ্ৰ মোদীৰ  চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ 

কেন্দ্ৰক আক্ৰমণ কৰি পশ্চিম বংগৰ কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে গাখীৰ নাখায় , দেশৰ শিশুসকলৰ বাবে পিছে গাখীৰ অতি গুৰুত্বপূৰ্ণ।তেওঁ কয় "যদি আমুল গাখীৰৰ মূল্য বৃদ্ধি হয়, তেন্তে সাধাৰণ মানুহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত  হ'ব। এয়াও হ'ব পাৰে যে মোদী  আৰু অমিত শ্বাহে  হয়তো  গাখীৰ নাখায়, কিন্তু দেশৰ শিশুসকলে গাখীৰ খোৱাটো প্ৰয়োজনীয়। গাখীৰৰ মূল্য বৃদ্ধি কৰি চৰকাৰে নিজৰ অভিপ্ৰায় স্পষ্ট কৰি দিছে," ।

উল্লেখ্য  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০১৯ চনত    পিয়াজৰ উচ্চ মূল্যক লৈ প্ৰতিবাদৰ মাজতে কৈছিল যে তেওঁ পিয়াজ নাখায়। সেই মন্তব্যৰ আঁত ধৰিয়েই কংগ্ৰেছ সাংসদগৰাকীয়ে মোদী আৰু অমিত শ্বাহে হয়তো গাখীৰ নাখায় বুলি মন্তব্য কৰিছে৷ উল্লেখ্য গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে (জিচিএমএমএফ) সকলো  আমুল পাউচ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৩ টকা বৃদ্ধি কৰিছে। আমুল তাজা ৫০০মিলি  এতিয়া ২৭ টকাত উপলব্ধ হ'ব; আমুল তাজা প্ৰতি লিটাৰত ৫৪ টকা; আমুল তাজা দুই লিটাৰৰ পেকেটত ১০৮  টকা; আমুল তাজা ৬ লিটাৰৰ পেকেটত  ৩২৪ টকা; আমুল তাজা ১০  টকাত ১৮০  মিলি; আমুল গোল্ড ৫০০ মিলি ৩৩ টকা; আমুল গোল্ড  প্ৰতি লিটাৰত ৬৬ টকা; আমুল গোল্ড ৬ লিটাৰ ৩৯৬  টকা; আমুল গৰুৰ গাখীৰ ৫০০ মিলি ২৮ টকা; আমুল গৰুৰ গাখীৰ প্ৰতি লিটাৰত ৫৬  টকা; আমুল  বাফেলো মিল্ক ৫০০ মিলি ৩৫  টকাত; আমুল  বাফেলো মিল্ক প্ৰতি লিটাৰত ৭০ টকা; আমুল  বাফেলো মিল্ক ৬ লিটাৰ ৪২০ টকাত উপলব্ধ হ’ব।

যোৱা বছৰৰ অক্টোবৰ মাহত, গুজৰাটৰ বাহিৰে সকলো ৰাজ্যৰ বাবে আমুল গোল্ড (ফুল ক্ৰীম) আৰু ম'হৰ গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা কৈ বৃদ্ধি কৰা হৈছিল। আমুলৰ পিছত  মাদাৰ ডেইৰীয়েও গাখীৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈ  দিল্লীত ফুল ক্ৰীম গাখীৰ আৰু গৰুৰ গাখীৰৰ প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু