--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ পৰা অৱসৰ ল’লেও শ্বাহিদ আফ্ৰিদী আৰু গৌতম গম্ভীৰৰ ‘বন্ধুত্ব’ এতিয়াও আছে। 'বন্ধুত্ব’ৰ লগে লগে দুয়োৰে আছে তীব্ৰ কথা কটা-কটিৰো। শেহতীয়াকৈ পুনৰ পাকিস্তানৰ তাৰকাগৰাকীয়ে গম্ভীৰক উদ্দেশ্যি বিশেষ মন্তব্য কৰে। অৱশ্যে তাৰ কোনো উত্তৰ এতিয়াও দিয়া নাই ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে।

এক সাক্ষাৎকাৰত আফ্ৰিদীয়ে কয়- ''ক্ৰিকেটত এনে বহু কথা ঘটে। ছ’চিয়েল মিডিয়াত আমাৰ এই কাজিয়াক বৃদ্ধি কৰা হ’ল। গম্ভীৰ এজন বেলেগ ধৰণৰ মানুহ। সাধাৰণ ক্ৰিকেটাৰৰ পৰা পৃথক। ভাৰতীয় দলটোৱেও গম্ভীৰ সম্পৰ্কে এনে  ধাৰণাই লয়। কিন্তু মই ভাবো এতিয়া এই সকলোবোৰ কথা কোৱাৰ কোনো লাভ নাই। আমি ইতিবাচক কথাবোৰ আলোচনা কৰা উচিত।"

গম্ভীৰ এতিয়া আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ গুৰু। আফ্ৰিদি পাকিস্তানৰ প্ৰাক্তন নিৰ্বাচক। চলিত বৰ্ষৰ মাৰ্চ মাহত পূৰ্বৰ ক্ৰিকেটাৰ লীগত মুখামুখি হৈছিল। আফ্ৰিদীয়ে অৱশ্যে গম্ভীৰক প্ৰশংসাও কৰে। তেওঁ কয়, ‘গম্ভীৰৰ দৰে অতি কম সংখ্যক ভাৰতীয় বেটছমেনৰ টাইমিং আছে। এজন মহান ক্ৰিকেটাৰ।”

২০০৭ চনত পাকিস্তানে ভাৰতত খেলিবলৈ আহিছিল। সেই সময়ত এদিনীয়া খেলৰ সময়ত আফ্ৰিদী আৰু গম্ভীৰৰ মাজত কাজিয়া হৈছিল। খেলপথাৰৰ বাহিৰতো যুঁজখন চলি থাকিল। ১৬ বছৰৰ পাছতো সেই যুঁজৰ জ্বৰ কমি যোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক