--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টুইটাৰত ব্লু টিক হেৰুৱালে বিচিচিআইয়ে( ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড )। বিচিচিআইৰ টুইটাৰ হেণ্ডেলৰ ডিপিত ভাৰতীয় জাতীয় পতাকা লগোৱাৰ পাছতে টুইটাৰ হেণ্ডেলৰ পৰা নীলা টিক হেৰুৱাইছে ব্লু টিক হেৰুৱালে বিচিচিআইয়ে। ‘হৰ ঘৰ তিৰংগা অভিযান’ক সমৰ্থন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ স্বাধীনতা দিৱসৰ পূৰ্বে নাগৰিকক ডিপি সলনি কৰিবলৈ আহ্বান জনাইছিল। এই অভিযানৰ প্ৰতি সঁহাৰি জনাই বিচিচিআইয়ে টুইটাৰত নিজৰ ডিপিত ত্ৰিৰংগা ৰাখিছিল।

এফালে টিম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ৰ শেষ আৰু পঞ্চমখন মেচ খেলি থকাৰ সময়তে আনফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) টুইটাৰ হেণ্ডেলৰ পৰা ব্লু টিকটো আঁতৰাই পেলোৱা হয়। দেওবাৰে সন্ধিয়া বিচিচিআইৰ হেণ্ডেলৰ পৰা হঠাতে ব্লু টিকটো আঁতৰোৱা দেখি অনুৰাগীসকল স্তম্ভিত হৈ পৰে।

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান কৰা এই পদক্ষেপত মানুহে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ত্ৰিৰংগাক প্ৰফাইল পিক হিচাপে ৰাখিছে। ব’ৰ্ডেও একেধৰণৰ কাম কৰিলে। নতুন নিয়ম মতে প্ৰফাইলৰ ফটো সলনি হ’লে ব্যৱহাৰকাৰীৰ ব্লু টিকটো আঁতৰাই দিয়া হয়। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সংশোধিত নিৰ্দেশনা অনুসৰি বি চি চি আইৰ প্ৰফাইল পৰ্যালোচনা কৰা হ’ব।

বিচিচিআই উইমেনৰ টুইটাৰ হেণ্ডেলৰ পৰাও একেধৰণৰে ব্লু টিক আঁতৰাই দিয়া হৈছে। তাতো প্ৰফাইল ফটো সলনি কৰা হৈছে। এতিয়া ব’ৰ্ডৰ ছ’চিয়েল মিডিয়া টিমে ‘এক্স’ হেল্পডেস্কত অভিযোগ দাখিল কৰিবলগীয়া হৈছে ব্লু টিকটো ঘূৰাই পাবলৈ। ইয়াৰ পিছত অভিযোগৰ প্ৰক্ৰিয়া চলিব। সকলো ঠিকে থাকিলে কিছুদিনৰ পাছত ব্লু টিকটো ঘূৰি আহিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক