--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টুইটাৰত ব্লু টিক হেৰুৱালে বিচিচিআইয়ে( ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড )। বিচিচিআইৰ টুইটাৰ হেণ্ডেলৰ ডিপিত ভাৰতীয় জাতীয় পতাকা লগোৱাৰ পাছতে টুইটাৰ হেণ্ডেলৰ পৰা নীলা টিক হেৰুৱাইছে ব্লু টিক হেৰুৱালে বিচিচিআইয়ে। ‘হৰ ঘৰ তিৰংগা অভিযান’ক সমৰ্থন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ স্বাধীনতা দিৱসৰ পূৰ্বে নাগৰিকক ডিপি সলনি কৰিবলৈ আহ্বান জনাইছিল। এই অভিযানৰ প্ৰতি সঁহাৰি জনাই বিচিচিআইয়ে টুইটাৰত নিজৰ ডিপিত ত্ৰিৰংগা ৰাখিছিল।

এফালে টিম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ৰ শেষ আৰু পঞ্চমখন মেচ খেলি থকাৰ সময়তে আনফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) টুইটাৰ হেণ্ডেলৰ পৰা ব্লু টিকটো আঁতৰাই পেলোৱা হয়। দেওবাৰে সন্ধিয়া বিচিচিআইৰ হেণ্ডেলৰ পৰা হঠাতে ব্লু টিকটো আঁতৰোৱা দেখি অনুৰাগীসকল স্তম্ভিত হৈ পৰে।

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান কৰা এই পদক্ষেপত মানুহে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ত্ৰিৰংগাক প্ৰফাইল পিক হিচাপে ৰাখিছে। ব’ৰ্ডেও একেধৰণৰ কাম কৰিলে। নতুন নিয়ম মতে প্ৰফাইলৰ ফটো সলনি হ’লে ব্যৱহাৰকাৰীৰ ব্লু টিকটো আঁতৰাই দিয়া হয়। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সংশোধিত নিৰ্দেশনা অনুসৰি বি চি চি আইৰ প্ৰফাইল পৰ্যালোচনা কৰা হ’ব।

বিচিচিআই উইমেনৰ টুইটাৰ হেণ্ডেলৰ পৰাও একেধৰণৰে ব্লু টিক আঁতৰাই দিয়া হৈছে। তাতো প্ৰফাইল ফটো সলনি কৰা হৈছে। এতিয়া ব’ৰ্ডৰ ছ’চিয়েল মিডিয়া টিমে ‘এক্স’ হেল্পডেস্কত অভিযোগ দাখিল কৰিবলগীয়া হৈছে ব্লু টিকটো ঘূৰাই পাবলৈ। ইয়াৰ পিছত অভিযোগৰ প্ৰক্ৰিয়া চলিব। সকলো ঠিকে থাকিলে কিছুদিনৰ পাছত ব্লু টিকটো ঘূৰি আহিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু