--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৃহ নিৰ্মাণৰ কাম সদায় সঠিক বাৰ, তাৰিখ আদি মিলাই কৰিব পাৰিলে ভাল। বিশেষকৈ বাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে। ঘৰ এটা নিৰ্মাণৰ কাম দেওবাৰে আৰম্ভ কৰিব নালাগে। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাটো অশুভ। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অগ্নি ভয় থাকে।গৃহাৰম্ভৰ বাবে সোমবাৰটো শুভ বাৰ। এই বাৰত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ সুখ-শান্তি বৃদ্ধি পায়।

মঙলবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে । কাৰণ এই বাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ হিচাপে বাস্তু শাস্ত্ৰই গণ্য নকৰে। কিন্তু গৃহস্থৰ ৰাশিচক্ৰত যদি মংগল শক্তিশালী হৈ থাকে আৰু শুক্ৰৰ সৈতে মঙ্গলৰ শুভ যোগ থাকে তেন্তে সেই ক্ষেত্ৰত মঙলবাৰেও তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে৷

বুধবৰাটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ। কিন্তু গৃহস্থৰ ৰাশি চক্ৰত বুধ যদি লগ্নৰ অষ্টমপতি বা দ্বাদশপতি হয় তেন্তে বুধবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে। এনে ক্ষেত্ৰত বুধবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ মূল মানুহজনৰ আকস্মিক মৃত্যুৰ আশংকা থাকে ।
বৃহস্পতিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰি। অৱশ্যে দিনৰ ১২ বজাৰ আগতে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে শুভ ফল লাভ কৰা যায়।

গৃহস্থৰ জন্মৰ সময়ত যদি বৃহস্পতি দুৰ্বল হৈ থাকে তেন্তে বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ নকৰাই ভাল । এইক্ষেত্ৰত বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অশুভ ফলহে লাভ কৰিব ।

শুক্ৰবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে যি গৃহস্থৰ জন্মৰ সময়ত শুক্র শক্তিশালী হৈ থাকে। যদি গৃহস্থৰ ৰাশি চক্রত শুক্ৰ  দুৰ্বল হয় অথবা অষ্টম নাইবা দ্বাদশপতি হয় তেন্তে তেনে গৃহস্থই শুকুৰবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে।

শনিবাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে অশুভ বাৰ। অৱশ্যে যিসকল লোকৰ জন্মতে শনি বলবান হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কামত হাত দিব পাৰে। যিসকল লোকৰ জন্মতে শনি দুৰ্বল হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ