--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গৃহযুদ্ধই জুৰুলা কৰিছে ম্যানমাৰক। দেশখনৰ শাসকীয় সেনাৰ সৈতে তুমুল সংঘৰ্ষত লিপ্ত হৈছে গণতন্ত্ৰপন্থী সংগঠনৰ লগতে বিদ্ৰোহী সংগঠনসমূহ। বিশেষকৈ ভাৰত–ম্যানমাৰ সীমান্তত বিদ্ৰোহী সংগঠন আৰু সেনাৰ সৈতে প্ৰতিদিনে চলিছে ভয়াৱহ সংঘৰ্ষ। এনে সংঘৰ্ষত অধিক ক্ষতি হৈছে সেনা বাহিনীৰ। সীমান্ত এলেকাত সেনাবাহিনীয়ে ধাৰাবাহিকভাৱে পিছুৱাবলৈ বাধ্য হৈছে।

ভাৰত–ম্যানমাৰ সীমান্তৰ ম্যানমাৰৰ দিশৰ বহু এলেকা ইতিমধ্যে দখল কৰি লৈছে বিদ্ৰোহী সংগঠনে। সীমান্ত এলেকাৰ যুদ্ধত ম্যানমাৰৰ সেনাৰ বিস্তৰ ক্ষতি কৰা এটা বিদ্ৰোহী সংগঠন হৈছে আৰাকান আৰ্মী। 

আৰাকান আৰ্মীয়ে ইতিমধ্যে বহু সেনা জোৱানক সংঘৰ্ষত হত্যা কৰিছে। সীমান্ত এলেকাত আৰাকান আৰ্মীৰ আক্ৰমণত থৰকাচুটী হেৰুৱাইছে সেনা জোৱানসকলে। প্ৰাণৰ ভয়ত এতিয়া ইফালে–সিফালে পলায়ন কৰিবলৈ ধৰিছে ম্যানমাৰ সেনাৰ জোৱানসকলে। 

আনকি প্ৰাণ ৰক্ষাৰ বাবে মিজোৰাম সীমান্তৰে ভাৰতলৈও প্ৰৱেশ কৰিবলৈ ধৰিছে এনে জোৱানে। সীমান্তৰ যুদ্ধত পৰাস্ত হৈ শেহতীয়াকৈ ভাৰতলৈ প্ৰৱেশ কৰিছে ২৭০ সেনা জোৱানে। মিজোৰামত প্ৰৱেশ কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিছে এই জোৱানসকলে। 

গুৰুত্বপূৰ্ণ যে যোৱা নৱেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে মিজোৰামলৈ পলাই আহিছে ম্যানমাৰ সেনাৰ ৬০০জনকৈ জোৱান। পূৰ্বতে ভাৰতলৈ পলাই অহা জোৱানসকলক ইতিমধ্যে ম্যানমাৰলৈ ঘূৰাই পঠাইছে ভাৰত চৰকাৰে। 

বৰ্তমান মিজোৰামত প্ৰৱেশ কৰা ২৭০জন জোৱানকো ম্যানমাৰলৈ ঘূৰাই পঠিওৱাৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰে। আনহাতে, ম্যানমাৰৰ পৰা সঘনে ভাৰতলৈ অনুপ্ৰৱেশ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। 

অসম ভ্ৰমণত থকা গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত আজি বৃহৎ ঘোষণা কৰিছে। ভাৰত–ম্যানমাৰ সীমান্তত কাঁটাতাঁৰৰ বেৰ দিয়া হ’ব বুলি আজি ঘোষণা কৰে গৃহমন্ত্ৰী শ্বাহে। ভাৰত–বাংলাদেশ সীমান্তৰ দৰেই এই বেৰ হ’ব বুলি মন্তব্য কৰে শ্বাহে। এই বেৰ স্থাপন হ’লে ম্যানমাৰৰ পৰা অনু্প্ৰৱেশ ৰোধ হ’ব বুলি আশা কৰা হৈছে। আছাম পুলিচ কমাণ্ডো বাহিনীৰ পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী শ্বাহে এই ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু