--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গৃহযুদ্ধই জুৰুলা কৰিছে ম্যানমাৰক। দেশখনৰ শাসকীয় সেনাৰ সৈতে তুমুল সংঘৰ্ষত লিপ্ত হৈছে গণতন্ত্ৰপন্থী সংগঠনৰ লগতে বিদ্ৰোহী সংগঠনসমূহ। বিশেষকৈ ভাৰত–ম্যানমাৰ সীমান্তত বিদ্ৰোহী সংগঠন আৰু সেনাৰ সৈতে প্ৰতিদিনে চলিছে ভয়াৱহ সংঘৰ্ষ। এনে সংঘৰ্ষত অধিক ক্ষতি হৈছে সেনা বাহিনীৰ। সীমান্ত এলেকাত সেনাবাহিনীয়ে ধাৰাবাহিকভাৱে পিছুৱাবলৈ বাধ্য হৈছে।

ভাৰত–ম্যানমাৰ সীমান্তৰ ম্যানমাৰৰ দিশৰ বহু এলেকা ইতিমধ্যে দখল কৰি লৈছে বিদ্ৰোহী সংগঠনে। সীমান্ত এলেকাৰ যুদ্ধত ম্যানমাৰৰ সেনাৰ বিস্তৰ ক্ষতি কৰা এটা বিদ্ৰোহী সংগঠন হৈছে আৰাকান আৰ্মী। 

আৰাকান আৰ্মীয়ে ইতিমধ্যে বহু সেনা জোৱানক সংঘৰ্ষত হত্যা কৰিছে। সীমান্ত এলেকাত আৰাকান আৰ্মীৰ আক্ৰমণত থৰকাচুটী হেৰুৱাইছে সেনা জোৱানসকলে। প্ৰাণৰ ভয়ত এতিয়া ইফালে–সিফালে পলায়ন কৰিবলৈ ধৰিছে ম্যানমাৰ সেনাৰ জোৱানসকলে। 

আনকি প্ৰাণ ৰক্ষাৰ বাবে মিজোৰাম সীমান্তৰে ভাৰতলৈও প্ৰৱেশ কৰিবলৈ ধৰিছে এনে জোৱানে। সীমান্তৰ যুদ্ধত পৰাস্ত হৈ শেহতীয়াকৈ ভাৰতলৈ প্ৰৱেশ কৰিছে ২৭০ সেনা জোৱানে। মিজোৰামত প্ৰৱেশ কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিছে এই জোৱানসকলে। 

গুৰুত্বপূৰ্ণ যে যোৱা নৱেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে মিজোৰামলৈ পলাই আহিছে ম্যানমাৰ সেনাৰ ৬০০জনকৈ জোৱান। পূৰ্বতে ভাৰতলৈ পলাই অহা জোৱানসকলক ইতিমধ্যে ম্যানমাৰলৈ ঘূৰাই পঠাইছে ভাৰত চৰকাৰে। 

বৰ্তমান মিজোৰামত প্ৰৱেশ কৰা ২৭০জন জোৱানকো ম্যানমাৰলৈ ঘূৰাই পঠিওৱাৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰে। আনহাতে, ম্যানমাৰৰ পৰা সঘনে ভাৰতলৈ অনুপ্ৰৱেশ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। 

অসম ভ্ৰমণত থকা গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত আজি বৃহৎ ঘোষণা কৰিছে। ভাৰত–ম্যানমাৰ সীমান্তত কাঁটাতাঁৰৰ বেৰ দিয়া হ’ব বুলি আজি ঘোষণা কৰে গৃহমন্ত্ৰী শ্বাহে। ভাৰত–বাংলাদেশ সীমান্তৰ দৰেই এই বেৰ হ’ব বুলি মন্তব্য কৰে শ্বাহে। এই বেৰ স্থাপন হ’লে ম্যানমাৰৰ পৰা অনু্প্ৰৱেশ ৰোধ হ’ব বুলি আশা কৰা হৈছে। আছাম পুলিচ কমাণ্ডো বাহিনীৰ পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী শ্বাহে এই ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক