--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঐতিহাসিক ক্ষণ সমাগত। আৰু মাত্ৰ মাজত এটা দিন। যাৰ পাছতে ৰাম নগৰী অযোধ্যাত ৰচিত হ’ব নতুন ইতিহাস। অযোধ্যাত নৱনিৰ্মিত ৰাম মন্দিৰত বিৰাজমান হ’ব ৰামলালা। 

২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ ব্যাপক ব্যস্ততা অযোধ্যাত। চহৰখনৰ চৌদিশে কেৱল ৰামময় পৰিৱেশ। অকল অযোধ্যাই নহয় দেশৰ সৰ্বত্ৰে এতিয়া ৰামময় পৰিৱেশ। সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে ২২ জানুৱাৰীৰ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সেই বিৰল ৮৪ ছেকেণ্ডৰ বিশেষ মুহূৰ্তলৈ।

২২ জানুৱাৰীত ৪০ মিনিটৰ ভিতৰত সম্পন্ন হ’ব ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান। সম্প্ৰতি প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে অযোধ্যাত অব্যাহত আছে বিশেষ অনুষ্ঠান। আজি পঞ্চমদিনাৰ কাৰ্যসূচীত ব্যস্ত হৈ পৰিল অযোধ্যাবাসী। ইতিমধ্যে ব্যাপক সাজসজ্জা অযোধ্যাৰ চৌদিশে। বহু কুইণ্টল ফুলেৰে সজাই তোলা হৈছে নৱনিৰ্মিত ৰাম মন্দিৰ। ৰামলালাৰ অভিষেকৰ বাবে দেশৰ লগতে বিদেশৰ পৱিত্ৰ নদীৰ জল অনা হৈছে অযোধ্যালৈ। ইতিমধ্যে পাক অধিকৃত কাশ্মীৰৰ ৩খন নদীৰ পানী অনা হৈছে ৰামলালাৰ অভিষেকৰ বাবে। আজি নীলা ৰঙৰ বস্ত্ৰৰে শৃংগাৰ কৰা হয় ৰামলালাক। তাৰ মাজতে আলিগড়ৰ পৰা অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে ৪০০ কেজিৰ এক প্ৰকাণ্ড তলা। 

অযোধ্যাৰ চৌদিশে এতিয়া ৰেপিড এক্সন ফ’ৰ্চ আৰু সেনাৰ কমাণ্ডোই অব্যাহত ৰাখিছে নিশ্ছিদ্ৰ পহৰা। নেপালৰ পৰা অহা ভক্তই এতিয়া ভিৰ কৰিছে অযোধ্যা নগৰীত। অস্থায়ী গৰ্ভগৃহত ৰামলালাক এবাৰ দৰ্শনৰ বাবে হেতাওপৰা ভক্তৰ। কিন্তু শুকুৰবাৰে সন্ধিয়া ৭ বজাৰ পৰা বন্ধ কৰি দিয়া হৈছিল অস্থায়ী মন্দিৰৰ দুৱাৰ। এতিয়া প্ৰাণ প্ৰতিষ্ঠাৰ পাছত ২৩ জানুৱাৰীত ভক্তক দৰ্শন দিব ৰামলালে। সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি কাশ্মীৰৰ মুছলমান সম্প্ৰদায়ে অযোধ্যালৈ আগবঢ়াইছে ২ কেজি ওজনৰ কেশৰৰ উপহাৰ। 

পাকিস্তানৰ হিংগলজ শক্তিপীঠৰ পৰা অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে জল। ইতিমধ্যে অযোধ্যালৈ অনা হৈছে হায়দৰাবাদৰ এক ভক্তই তৈয়াৰ কৰা ১২৬৫ কেজি ওজনৰ বৃহৎ লাড়ু। তাৰ বিপৰীতে অযোধ্যাত অনুষ্ঠিত হ’ল অমৃত মহোৎসৱ লেজাৰ শ্ব’। প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বিশেষভাৱে তৈয়াৰ কৰা হৈছে ১.৬৫ লাখ টকা মূল্যৰ ৪৫ কেজি ওজনৰ ৰামায়ণ। প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাকক্ষণত অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ পৰা অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে ৩টন ওজনৰ সুস্বাদু লাড়ু। 

আনহাতে অসমতো ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানক লৈ ব্যাপক উৎসাহ–উদ্দীপনা। ৰাজ্যৰ ভিন্ন প্ৰান্তত ভক্তই ক্ৰয় কৰিছে ৰাম মন্দিৰৰ বিশেষ পতাকা। ইপিনে অযোধ্যাত উপস্থিত হৈছে অসমৰ বহুকেইগৰাকী সত্ৰাধিকাৰ। ৰাম মন্দিৰ ন্যাসৰ নিমন্ত্ৰণক্ৰমে এনেদৰে প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত উপস্থিত হৈছে সত্ৰাধিকাৰসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক