--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে গঠন কৰা চাৰিখন স্বায়ত্তশাসিত পৰিষদ প্ৰায় অকাৰ্যকৰী হৈ আছে৷ ধোঁৱাচাঙত চৰকাৰৰ প্ৰতিশ্ৰুতি৷ স্বায়ত্তশাসিত পৰিষদ নিৰ্মাণেৰে উন্নয়নৰ নতুন সপোন দেখুওৱা অসম চৰকাৰে কাৰ্যকৰী কৰি ৰাখিব পৰা নাই নৱগঠিত চাৰিখন স্বায়ত্বশাসিত পৰিষদ৷ ৰাজ্য চৰকাৰে গঠন কৰা চাৰিখন স্বায়ত্তশাসিত পৰিষদ ক্ৰমে, মৰাণ স্বায়ত্তশাসিত পৰিষদ, মটক স্বায়ত্তশাসিত পৰিষদ, বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ। চাৰিওখন স্বায়ত্তশাসিত পৰিষদ গঠনৰ এবছৰ পূৰ্ণ হ’ল যদিও অদ্যপি চাৰিখন স্বায়ত্তশাসিত পৰিষদৰ কোনোৱে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা নাই আৰ্থিক আবণ্টন৷ যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ পিছত কেৱল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে শপতগ্ৰহণ কৰিছিল। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল কোচ-ৰাজবংশীসকলৰ কল্যাণৰ বাবে, আৰু বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল বিটিআৰ (বড়ো টেৰিটৰিয়েল ৰিজিয়ন)ৰ বাহিৰত বাস কৰা বড়ো আৰু কছৰীসকলৰ কল্যাণৰ বাবে। ৰাজ্য চৰকাৰে মৰাণ স্বায়ত্তশাসিত পৰিষদ, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আৰু মটক স্বায়ত্তশাসিত পৰিষদক প্ৰতিবছৰে ১ কোটিকৈ টকা আৰু তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ উন্নয়নৰ বাবে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক ১ কোটিৰো অধিক টকা মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু, চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল৷ আজিকোপতি, ফুটাকড়ি এটাও লাভ নকৰিলে স্বায়ত্বশাসিত পৰিষদকেইখনে৷ আৰু সেইবাবে চৰকাৰে পুঁজি মুকলি নকৰাৰ বাবে চাৰিখন স্বায়ত্তশাসিত পৰিষদৰ কোনোৱে কোনোধৰণৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰিব পৰা নাই। মৰাণ স্বায়ত্তশাসিত পৰিষদৰ চিইএম (মুখ্য কাৰ্যবাহী সদস্য) দীপন মৰাণে ৰাজ্য চৰকাৰক চাৰিটা জাতি-জাতিৰ কল্যাণৰ প্ৰতিশ্ৰুতি অনুসৰি নৱগঠিত চাৰিখন স্বায়ত্তশাসিত পৰিষদক পুঁজি মুকলি কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয়, আমি তিনিচুকীয়াৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত এটা কাৰ্যালয়ৰ আৱাস লৈছোঁ। অৱশ্যে, পুঁজিৰ অভাৱৰ বাবে আমাৰ কাৰ্যালয় কাৰ্যক্ষম কৰিব পৰা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু