--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে গঠন কৰা চাৰিখন স্বায়ত্তশাসিত পৰিষদ প্ৰায় অকাৰ্যকৰী হৈ আছে৷ ধোঁৱাচাঙত চৰকাৰৰ প্ৰতিশ্ৰুতি৷ স্বায়ত্তশাসিত পৰিষদ নিৰ্মাণেৰে উন্নয়নৰ নতুন সপোন দেখুওৱা অসম চৰকাৰে কাৰ্যকৰী কৰি ৰাখিব পৰা নাই নৱগঠিত চাৰিখন স্বায়ত্বশাসিত পৰিষদ৷ ৰাজ্য চৰকাৰে গঠন কৰা চাৰিখন স্বায়ত্তশাসিত পৰিষদ ক্ৰমে, মৰাণ স্বায়ত্তশাসিত পৰিষদ, মটক স্বায়ত্তশাসিত পৰিষদ, বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ। চাৰিওখন স্বায়ত্তশাসিত পৰিষদ গঠনৰ এবছৰ পূৰ্ণ হ’ল যদিও অদ্যপি চাৰিখন স্বায়ত্তশাসিত পৰিষদৰ কোনোৱে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা নাই আৰ্থিক আবণ্টন৷ যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ পিছত কেৱল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে শপতগ্ৰহণ কৰিছিল। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল কোচ-ৰাজবংশীসকলৰ কল্যাণৰ বাবে, আৰু বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল বিটিআৰ (বড়ো টেৰিটৰিয়েল ৰিজিয়ন)ৰ বাহিৰত বাস কৰা বড়ো আৰু কছৰীসকলৰ কল্যাণৰ বাবে। ৰাজ্য চৰকাৰে মৰাণ স্বায়ত্তশাসিত পৰিষদ, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আৰু মটক স্বায়ত্তশাসিত পৰিষদক প্ৰতিবছৰে ১ কোটিকৈ টকা আৰু তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ উন্নয়নৰ বাবে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক ১ কোটিৰো অধিক টকা মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু, চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল৷ আজিকোপতি, ফুটাকড়ি এটাও লাভ নকৰিলে স্বায়ত্বশাসিত পৰিষদকেইখনে৷ আৰু সেইবাবে চৰকাৰে পুঁজি মুকলি নকৰাৰ বাবে চাৰিখন স্বায়ত্তশাসিত পৰিষদৰ কোনোৱে কোনোধৰণৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰিব পৰা নাই। মৰাণ স্বায়ত্তশাসিত পৰিষদৰ চিইএম (মুখ্য কাৰ্যবাহী সদস্য) দীপন মৰাণে ৰাজ্য চৰকাৰক চাৰিটা জাতি-জাতিৰ কল্যাণৰ প্ৰতিশ্ৰুতি অনুসৰি নৱগঠিত চাৰিখন স্বায়ত্তশাসিত পৰিষদক পুঁজি মুকলি কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয়, আমি তিনিচুকীয়াৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত এটা কাৰ্যালয়ৰ আৱাস লৈছোঁ। অৱশ্যে, পুঁজিৰ অভাৱৰ বাবে আমাৰ কাৰ্যালয় কাৰ্যক্ষম কৰিব পৰা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু