--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমবাসীৰ আলফুল হেঁপাহত গঠন হৈছিল দলটো৷ জাতীয়তাবাদী চিন্তা-চেতনা আৰু আঞ্চলিকতাবাদী ভাবধাৰাৰে পৰিচালিত হৈছিল দলটোৰ নীতি-আদৰ্শ৷ দলটো ‘অসম গণ পৰিষদ’৷ অসমৰ এটি আঞ্চলিক ৰাজনৈতিক দল৷ অসমত দুবাৰকৈ চৰকাৰ গঠন কৰা দলটো এতিয়া জীয়াই আছে বিজেপিৰ অক্সিজেন গ্ৰহণ কৰি৷ কৌশলী ৰাজনীতিৰে দিল্লী-দিছপুৰত ক্ষমতাত থকা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ‘ভাৰতীয় জনতা পাৰ্টী’ৰ আগ্ৰাসনে অগপৰ আঞ্চলিকতাবাদী ভাবধাৰাক সংকুচিত কৰি একপ্ৰকাৰ বিজেপিৰ বহতীয়াত পৰিণত কৰিছে৷ ২০১৬ চনত দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰে৷ তেতিয়াৰে পৰা প্ৰতিটো নিৰ্বাচনতে বিজেপিয়ে অসম গণ পৰিষদ দলটোক গ্ৰাস কৰি আহিছে৷ মূলত: ৰাষ্ট্ৰীয় দলৰ উদ্দেশ্যই হৈছে আঞ্চলিক শক্তিবোৰক শক্তিহীন কৰি তোলা৷ যাতে ৰাষ্ট্ৰীয় ৰাজনীতিৰ ডাল-পাত-পোখা বিয়পি পৰিব পাৰে সৰ্বত্ৰে৷ তাৰেই আখৰা চলিছে অসমত৷ অসম গণ পৰিষদৰে মিত্ৰতা স্থাপন কৰি দুবাৰকৈ চৰকাৰ গঠন কৰা বিজেপিয়ে এতিয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত গুৰুত্বহীন কৰি তুলিছে অসম গণ পৰিষদক৷ বিজেপিৰে মিত্ৰতা স্থাপনৰ পাছত অসমৰ ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছিল অসম গণ পৰিষদ৷ শ্বহীদৰ ত্যাগ আৰু সংগ্ৰামৰ পৃষ্ঠভূমিত গঠিত দলটোৱে নিজৰ জাতীয়তাবাদী ভাবধাৰা বিসৰ্জন দি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ হাতোৰাত আবদ্ধ হৈ পৰাৰ পাছৰে পৰা দলটো আজিকোপতি মুক্ত হ’ব পৰা নাই৷ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ, বিজেপিৰ মিত্ৰজোঁটত থকা বাবে দলটোৱে কোনো দলীয় সিদ্ধান্তও এককভাৱে গ্ৰহণ কৰিব নোৱাৰে৷ দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত মন্ত্ৰী হিচাপে চৰকাৰত কাৰ্যনিৰ্বাহ কৰি থকাটোৱেই যেন দলটোৰ সৰ্বোচ্চ কৃতিত্ব৷ সমাগত পৌৰনিৰ্বাচনতো আমবাৰীৰ নেতৃত্বই নিৰ্লজ্জ আত্মসমৰ্পণ কৰিলে বিজেপিৰ ওচৰত৷ জাতীয় অভিৱৰ্তনেৰে গোলাঘাটত জন্মগ্ৰহণ কৰা দলটোৱে পৌৰ নিৰ্বাচনত গোলাঘাট জিলাৰ ৫৩খন আসনৰ ভিতৰত ১৬খন আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পাইছে৷ তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ ১১৭টা ৱাৰ্ডৰ ২৩টাহে আঞ্চলিক দলটোৱে লাভ কৰিছে৷ একেদৰে, তেজপুৰৰ ১৯টা ৱাৰ্ডৰ ৩টাহে পৰিল অগপৰ হাতত, নলবাৰীৰ ১৭টা ৱাৰ্ডৰ দুটাহে অগপক৷ একেই পৰিস্থিতি অসমৰ প্ৰান্তে প্ৰান্তে৷ বিজেপিৰ দয়া আৰু অনুগ্ৰহতহে এতিয়া অগপৰ ৰাজনৈতিক গ্ৰাফৰ উঠা-নমা নিৰ্ভৰ কৰিছে৷ উল্লেখ্য যে, ‘কা’ আন্দোলনৰ সময়তো দলটোৰ স্ববিৰোধী চৰিত্ৰই দলটোক ৰাইজৰ মাজৰ পৰা দূৰলৈ ঠেলিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু