--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমবাসীৰ আলফুল হেঁপাহত গঠন হৈছিল দলটো৷ জাতীয়তাবাদী চিন্তা-চেতনা আৰু আঞ্চলিকতাবাদী ভাবধাৰাৰে পৰিচালিত হৈছিল দলটোৰ নীতি-আদৰ্শ৷ দলটো ‘অসম গণ পৰিষদ’৷ অসমৰ এটি আঞ্চলিক ৰাজনৈতিক দল৷ অসমত দুবাৰকৈ চৰকাৰ গঠন কৰা দলটো এতিয়া জীয়াই আছে বিজেপিৰ অক্সিজেন গ্ৰহণ কৰি৷ কৌশলী ৰাজনীতিৰে দিল্লী-দিছপুৰত ক্ষমতাত থকা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ‘ভাৰতীয় জনতা পাৰ্টী’ৰ আগ্ৰাসনে অগপৰ আঞ্চলিকতাবাদী ভাবধাৰাক সংকুচিত কৰি একপ্ৰকাৰ বিজেপিৰ বহতীয়াত পৰিণত কৰিছে৷ ২০১৬ চনত দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰে৷ তেতিয়াৰে পৰা প্ৰতিটো নিৰ্বাচনতে বিজেপিয়ে অসম গণ পৰিষদ দলটোক গ্ৰাস কৰি আহিছে৷ মূলত: ৰাষ্ট্ৰীয় দলৰ উদ্দেশ্যই হৈছে আঞ্চলিক শক্তিবোৰক শক্তিহীন কৰি তোলা৷ যাতে ৰাষ্ট্ৰীয় ৰাজনীতিৰ ডাল-পাত-পোখা বিয়পি পৰিব পাৰে সৰ্বত্ৰে৷ তাৰেই আখৰা চলিছে অসমত৷ অসম গণ পৰিষদৰে মিত্ৰতা স্থাপন কৰি দুবাৰকৈ চৰকাৰ গঠন কৰা বিজেপিয়ে এতিয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত গুৰুত্বহীন কৰি তুলিছে অসম গণ পৰিষদক৷ বিজেপিৰে মিত্ৰতা স্থাপনৰ পাছত অসমৰ ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছিল অসম গণ পৰিষদ৷ শ্বহীদৰ ত্যাগ আৰু সংগ্ৰামৰ পৃষ্ঠভূমিত গঠিত দলটোৱে নিজৰ জাতীয়তাবাদী ভাবধাৰা বিসৰ্জন দি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ হাতোৰাত আবদ্ধ হৈ পৰাৰ পাছৰে পৰা দলটো আজিকোপতি মুক্ত হ’ব পৰা নাই৷ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ, বিজেপিৰ মিত্ৰজোঁটত থকা বাবে দলটোৱে কোনো দলীয় সিদ্ধান্তও এককভাৱে গ্ৰহণ কৰিব নোৱাৰে৷ দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত মন্ত্ৰী হিচাপে চৰকাৰত কাৰ্যনিৰ্বাহ কৰি থকাটোৱেই যেন দলটোৰ সৰ্বোচ্চ কৃতিত্ব৷ সমাগত পৌৰনিৰ্বাচনতো আমবাৰীৰ নেতৃত্বই নিৰ্লজ্জ আত্মসমৰ্পণ কৰিলে বিজেপিৰ ওচৰত৷ জাতীয় অভিৱৰ্তনেৰে গোলাঘাটত জন্মগ্ৰহণ কৰা দলটোৱে পৌৰ নিৰ্বাচনত গোলাঘাট জিলাৰ ৫৩খন আসনৰ ভিতৰত ১৬খন আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পাইছে৷ তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ ১১৭টা ৱাৰ্ডৰ ২৩টাহে আঞ্চলিক দলটোৱে লাভ কৰিছে৷ একেদৰে, তেজপুৰৰ ১৯টা ৱাৰ্ডৰ ৩টাহে পৰিল অগপৰ হাতত, নলবাৰীৰ ১৭টা ৱাৰ্ডৰ দুটাহে অগপক৷ একেই পৰিস্থিতি অসমৰ প্ৰান্তে প্ৰান্তে৷ বিজেপিৰ দয়া আৰু অনুগ্ৰহতহে এতিয়া অগপৰ ৰাজনৈতিক গ্ৰাফৰ উঠা-নমা নিৰ্ভৰ কৰিছে৷ উল্লেখ্য যে, ‘কা’ আন্দোলনৰ সময়তো দলটোৰ স্ববিৰোধী চৰিত্ৰই দলটোক ৰাইজৰ মাজৰ পৰা দূৰলৈ ঠেলিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য