--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “গৰু হত্যা বন্ধ কৰিলেহে সকলো সমস্যা সমাধান হ’ব৷ গৰু কোনো জন্তু নহয়, গৰু হৈছে মাতৃ”— এই বিতৰ্কিত মন্তব্য কোনো সাধাৰণ ব্যক্তি নহয়৷ গৰুৰ গৌৰৱ সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰিছে গুজৰাটৰ ন্যায়াধীশে৷  

ন্যায়াধীশগৰাকীৰ মতে, যদি গৰু হত্যা বন্ধ কৰা হয়, পৃথিৱীৰ সকলো সমস্যা সমাধান হ'ব। গুজৰাটৰ এখন আদালতে গৰু চোৰাং ব্যৱসায়ৰ গোচৰত এজন যুৱকক আজীৱন কাৰাদণ্ড প্ৰদান কৰিছে।উক্ত  গোচৰৰ প্ৰসংগতে গৰু সম্পৰ্কে এই বিতৰ্কিত মন্তব্য কৰে ন্যায়াধীশজনে৷ 

পূৰ্বেও  কেইবাজনো বিজেপি নেতাই গৰু আৰু গৰুৰ প্ৰস্ৰাৱৰ গুৰুত্ব সম্পৰ্কে মন্তব্য কৰিছিল। বিজেপি নেতা সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰে কৰোনা মহামাৰীৰ সময়ত গৰুৰ প্ৰস্ৰাৱৰ লাভালাভৰ বিষয়ে কৈছিল। তেওঁ কৈছিল, "স্থানীয় গৰুৰ প্ৰস্ৰাৱে কৰোনা ৰোগীসকলক হাঁওফাঁওৰ সংক্ৰমণ হোৱাৰ পৰা সুৰক্ষিত কৰে। মোৰ বহুতো শাৰীৰিক সমস্যা আছে। কিন্তু মই প্ৰতিদিনে গৰুৰ প্ৰস্ৰাৱ খাওঁ। অৱশ্যে, পিছত তেওঁ নিজেই কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল।

উত্তৰ প্ৰদেশৰ বিজেপি নেতা সুৰেন্দ্ৰ সিঙেও কৰোনাক পৰাস্ত কৰাৰ আহ্বান হিচাপে গৰুৰ প্ৰস্ৰাৱ খাব লাগে বুলি কৈ বিতৰ্ক সৃষ্টি কৰিছিল। বিজেপিৰ উপ-সভাপতি দিলীপ ঘোষে গৰুৰ গাখীৰত সোণ আছে বুলি কৈ বিতৰ্কত লিপ্ত হৈছিল। এইবাৰ, গুজৰাট আদালতৰ ন্যায়াধীশে যি ধৰণে গৰুৰ প্ৰস্ৰাৱৰ গৌৰৱৰ বিষয়ে মুকলিকৈ,সংকোচহীনভাৱে  প্ৰদান কৰা মন্তব্যই সকলোৰে চকু কপালত তুলিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক