--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “গৰু হত্যা বন্ধ কৰিলেহে সকলো সমস্যা সমাধান হ’ব৷ গৰু কোনো জন্তু নহয়, গৰু হৈছে মাতৃ”— এই বিতৰ্কিত মন্তব্য কোনো সাধাৰণ ব্যক্তি নহয়৷ গৰুৰ গৌৰৱ সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰিছে গুজৰাটৰ ন্যায়াধীশে৷  

ন্যায়াধীশগৰাকীৰ মতে, যদি গৰু হত্যা বন্ধ কৰা হয়, পৃথিৱীৰ সকলো সমস্যা সমাধান হ'ব। গুজৰাটৰ এখন আদালতে গৰু চোৰাং ব্যৱসায়ৰ গোচৰত এজন যুৱকক আজীৱন কাৰাদণ্ড প্ৰদান কৰিছে।উক্ত  গোচৰৰ প্ৰসংগতে গৰু সম্পৰ্কে এই বিতৰ্কিত মন্তব্য কৰে ন্যায়াধীশজনে৷ 

পূৰ্বেও  কেইবাজনো বিজেপি নেতাই গৰু আৰু গৰুৰ প্ৰস্ৰাৱৰ গুৰুত্ব সম্পৰ্কে মন্তব্য কৰিছিল। বিজেপি নেতা সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰে কৰোনা মহামাৰীৰ সময়ত গৰুৰ প্ৰস্ৰাৱৰ লাভালাভৰ বিষয়ে কৈছিল। তেওঁ কৈছিল, "স্থানীয় গৰুৰ প্ৰস্ৰাৱে কৰোনা ৰোগীসকলক হাঁওফাঁওৰ সংক্ৰমণ হোৱাৰ পৰা সুৰক্ষিত কৰে। মোৰ বহুতো শাৰীৰিক সমস্যা আছে। কিন্তু মই প্ৰতিদিনে গৰুৰ প্ৰস্ৰাৱ খাওঁ। অৱশ্যে, পিছত তেওঁ নিজেই কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল।

উত্তৰ প্ৰদেশৰ বিজেপি নেতা সুৰেন্দ্ৰ সিঙেও কৰোনাক পৰাস্ত কৰাৰ আহ্বান হিচাপে গৰুৰ প্ৰস্ৰাৱ খাব লাগে বুলি কৈ বিতৰ্ক সৃষ্টি কৰিছিল। বিজেপিৰ উপ-সভাপতি দিলীপ ঘোষে গৰুৰ গাখীৰত সোণ আছে বুলি কৈ বিতৰ্কত লিপ্ত হৈছিল। এইবাৰ, গুজৰাট আদালতৰ ন্যায়াধীশে যি ধৰণে গৰুৰ প্ৰস্ৰাৱৰ গৌৰৱৰ বিষয়ে মুকলিকৈ,সংকোচহীনভাৱে  প্ৰদান কৰা মন্তব্যই সকলোৰে চকু কপালত তুলিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল