--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; শ্বাহৰূখ খান প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেশজুৰি চৰ্চিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বাহৰূখ খান কোন বুলি প্ৰশ্ন কৰিছিল৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে পাঠান প্ৰসংগত মুখ খুলি তেওঁ পাঠান নাচায় বুলি কোৱাৰ লগতে ডক্তৰ বেজবৰুৱা ২হে সকলোৱে চোৱা উচিত বুলি মন্তব্য কৰিছিল৷ 

আৰু মুখ্যমন্ত্ৰীৰ শ্বাহৰূখ খান কোন বুলি কৰা মন্তব্যই দেশজুৰি ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ আৰু গুৱাহাটীৰ হলত পোষ্টাৰ জ্বলোৱা ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড° শৰ্মাই প্ৰয়োজন হ’লে শ্বাহৰূখ খানে তেওঁক ফোন কৰিব বুলি মন্তব্য কৰিছিল৷ আৰু আজি পুৱা মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি অৱগত কৰায় যে নিশা দুই বজাত শ্বাহৰূখ খানে তেওঁক ফোন কৰি ঘটনাৰ বুজ লয়৷ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি নঘটাৰ নিশ্চিতি প্ৰদান কৰা বুলি টুইটত অৱগত কৰে৷ 

আৰু সেই টুইটো আজি চৰ্চিত হয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে এই টুইটৰ ওপৰত আৰম্ভ কৰে চৰ্চা৷ আৰু কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিষ্ঠানটোক প্ৰত্যুত্তৰ দি আন এক টুইট কৰে৷ 



মুখ্যমন্ত্ৰীয়ে লিখিছে-
সেই ‘শ্ৰী’য়ে মোৰ কাৰ্যালয়ৰ মৰ্যাদা প্ৰতিফলিত কৰে। মই কাকো ফোন কৰা নাই কিন্তু অভিনেতাজনেহে মোক ফোন কৰিছিল আৰু নিজৰ পৰিচয় দিছিল। আইন-শৃংখলাৰ ওপৰত মোৰ আশ্বাসে কেৱল মোৰ সাংবিধানিক কৰ্তব্যক প্ৰতিফলিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে