--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইবাৰ ৰাজস্থানৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গল আদানীৰ হাতলৈ৷ দেশৰ সকলো ৰাজহুৱা সম্পদ পুঁজিপতিৰ হাতত এটা এটাকৈ তুলি দিছে মোদী চৰকাৰে৷ গুৱাহাটী বিমানবন্দৰৰ দায়িত্ব লোৱাৰ দুদিন পিছত এতিয়া আদানি গ্ৰুপে দেওবাৰে নিশাৰ পৰা জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নয়নৰ দায়িত্ব হাতত ল’বলৈ সাজু হৈছে।

জয়পুৰত এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছিল বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলে৷ কিন্তু কেন্দ্ৰীয় কেবিনেটে সকলোকে আওকাণ কৰি আদানী গোটৰ হাতত পৰৱৰ্তী ৫০ বছৰৰ বাবে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনা, বিকাশ আৰু ৰক্ষণাবেক্ষণৰ অধিকাৰত অনুমোদন জনাইছে।

উল্লেখ্য যে কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় বিমান প্ৰাধিকৰণৰ জৰিয়তে বিশ্বজুৰি আয়োজন কৰা প্ৰতিযোগিতামূলক নিবিদাত সফল হোৱা মেচাৰ্চ আদানী এণ্টাৰপ্ৰাইজেছ লিমিটেডক ৫০ বছৰৰ বাবে তিনিটা বিমান বন্দৰ ক্ৰমে-জয়পুৰ, গুৱাহাটী আৰু থিৰুৱন্তপুৰম বন্দৰৰ পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নয়নৰ বাবে লিজত দিয়াৰ প্ৰস্তাৱত স্বীকৃতি প্ৰদান কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?