--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মন্দিৰতকৈ নিৰাপদ স্থান আৰু কিনো আছে? সকলো অপায়-অমংগল মন্দিৰৰ বাহিৰতে ৰৈ যায় বুলিয়েই বিশ্বাস কৰা হয়। কিন্তু মন্দিৰৰ ভিতৰতেই আছে যদি ছদ্মৱেশত লুকাই থাকে অশুভ শক্তি তেন্তে কাৰ কি কৰাৰ উপায় থাকে? ঠিক এনে এটা ঘটনাই সংঘটিত হৈছে পবিত্ৰ মন্দিৰত। মাক-দেউতাকৰ হাতত ধৰি মন্দিৰ দৰ্শন কৰিবলৈ যোৱা এগৰাকী ১২বছৰীয়া কিশোৰী যৌন নিৰ্যাতনৰ বলি হ’ল এটা মন্দিৰৰ ভিতৰত। তাকো এই দুষ্কাৰ্য সংঘটিত কৰিছে এগৰাকী পুৰোহিতে।

শুকুৰবাৰে ৰাতি এই ভয়ংকৰ ঘটনা সংঘটিত হয়। এই দুষ্কাৰ্য সংঘটিত হৈছে পুৰীৰ পবিত্ৰ জগন্নাথ মন্দিৰত। এই ঘটনাত জড়িত সংগ্ৰাম দাস নামৰ এজন পুৰোহিত। পুৰীৰ জগন্নাথ মন্দিৰৰ ভিতৰৰ বামন মন্দিৰত এই ঘটনা সংঘটিত হৈছে। পুৰীৰ মন্দিৰৰ ভিতৰত আছে ১৩৬টা সৰু সৰু মন্দিৰ। এইসমূহক কোৱা হয় বামন মন্দিৰ বুলি।

জানিব পৰা মতে এটা মন্দিৰৰ ভিতৰত সোমাই প্ৰাৰ্থনা কৰি আছিল কিশোৰীগৰাকীয়ে। সেই সময়ত তেওঁৰ পিতৃ-মাতৃ কাষত নাছিল। যাৰ সুযোগ গ্ৰহণ কৰি পুৰোহিতজনে যৌন নিৰ্যাতন চলায় কিশোৰীগৰাকীক।

কিশোৰীগৰাকীয়ে পুৰোহিতজনৰ কৱলৰ পৰা মুক্ত হৈ কোনোমতে পিতৃ-মাতৃৰ কাষলৈ আহে আৰু সমস্ত ঘটনাৰ কথা বিৱৰি কয়। তাৰ পাছতে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে ঘটনা সম্পৰ্কত আৰক্ষীৰ আগত অভিযোগ দাখিল কৰে আৰু আৰক্ষীয়ে তাতক্ষণিকভাৱে পুৰোহিতজনক আটক কৰে আৰু তাৰপাছত গ্ৰেপ্তাৰ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়