--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মন্দিৰতকৈ নিৰাপদ স্থান আৰু কিনো আছে? সকলো অপায়-অমংগল মন্দিৰৰ বাহিৰতে ৰৈ যায় বুলিয়েই বিশ্বাস কৰা হয়। কিন্তু মন্দিৰৰ ভিতৰতেই আছে যদি ছদ্মৱেশত লুকাই থাকে অশুভ শক্তি তেন্তে কাৰ কি কৰাৰ উপায় থাকে? ঠিক এনে এটা ঘটনাই সংঘটিত হৈছে পবিত্ৰ মন্দিৰত। মাক-দেউতাকৰ হাতত ধৰি মন্দিৰ দৰ্শন কৰিবলৈ যোৱা এগৰাকী ১২বছৰীয়া কিশোৰী যৌন নিৰ্যাতনৰ বলি হ’ল এটা মন্দিৰৰ ভিতৰত। তাকো এই দুষ্কাৰ্য সংঘটিত কৰিছে এগৰাকী পুৰোহিতে।

শুকুৰবাৰে ৰাতি এই ভয়ংকৰ ঘটনা সংঘটিত হয়। এই দুষ্কাৰ্য সংঘটিত হৈছে পুৰীৰ পবিত্ৰ জগন্নাথ মন্দিৰত। এই ঘটনাত জড়িত সংগ্ৰাম দাস নামৰ এজন পুৰোহিত। পুৰীৰ জগন্নাথ মন্দিৰৰ ভিতৰৰ বামন মন্দিৰত এই ঘটনা সংঘটিত হৈছে। পুৰীৰ মন্দিৰৰ ভিতৰত আছে ১৩৬টা সৰু সৰু মন্দিৰ। এইসমূহক কোৱা হয় বামন মন্দিৰ বুলি।

জানিব পৰা মতে এটা মন্দিৰৰ ভিতৰত সোমাই প্ৰাৰ্থনা কৰি আছিল কিশোৰীগৰাকীয়ে। সেই সময়ত তেওঁৰ পিতৃ-মাতৃ কাষত নাছিল। যাৰ সুযোগ গ্ৰহণ কৰি পুৰোহিতজনে যৌন নিৰ্যাতন চলায় কিশোৰীগৰাকীক।

কিশোৰীগৰাকীয়ে পুৰোহিতজনৰ কৱলৰ পৰা মুক্ত হৈ কোনোমতে পিতৃ-মাতৃৰ কাষলৈ আহে আৰু সমস্ত ঘটনাৰ কথা বিৱৰি কয়। তাৰ পাছতে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে ঘটনা সম্পৰ্কত আৰক্ষীৰ আগত অভিযোগ দাখিল কৰে আৰু আৰক্ষীয়ে তাতক্ষণিকভাৱে পুৰোহিতজনক আটক কৰে আৰু তাৰপাছত গ্ৰেপ্তাৰ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?