--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজকন্যা কাণ্ডৰ পুনৰাবৃত্তি। পুনৰ সংঘটিত হ’ল হিট এণ্ড ৰান কাণ্ড। এইবাৰ বেপৰোৱা গাড়ীচালকে প্ৰাণ কাঢ়িলে দুজন লোকৰ। এই ঘটনাত আন তিনিজন লোক আহত হৈছে। বিবাহ অনুষ্ঠানৰ আনন্দ উপভোগ কৰি থকা একাংশ লোকক এজন লোকে ইচ্ছাকৃতভাৱে গাড়ীৰে মহতীয়াই নিয়াৰ ফলত এই অঘটন ঘটিছে। এইবাৰ এই ঘটনা ঘটিছে হাৰিয়ানাৰ কৰ্নালত।

দেওবাৰে এখন বিয়াৰ অভ্যৰ্থনাত ভাগ ল’বলৈ অহা একাংশ লোকক মহতীয়াই নিয়ে এখন তীব্ৰবেগী গাড়ীয়ে। কৰ্নালৰ নীলোখেৰী এলেকাত সংঘটিত হোৱা এই ঘটনাৰ আটাইতকৈ আশ্বৰ্যকৰ কথাটো হৈছে যে, এয়া দুৰ্ঘটনা নাছিল। ইচ্ছাকৃতভাৱে গাড়ীৰ চালকজনে ভুক্তভোগী লোককেইজনক মহতীয়াই নিছিল।

তীব্ৰগতিত গাড়ী চলাই অহা লোকজনকে একাংশ লোকে অনুৰোধ জনাইছিল যে, বিবাহ অনুষ্ঠান চলি আছে, গতিকে অলপ সাৱধানে গাড়ী চলাওক। সেই কথাতে লোকজনে খঙত হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু গাড়ী ৰিভাৰ্ছ গীয়েৰত চলাই পাঁচজনকৈ লোকক মহতীয়াই নিয়ে। ঘটনাস্থলীতে এগৰাকী মহিলাৰ মৃত্যু হয় আৰু আন এজন লোকৰ হাস্পতালত মৃত্যু হয়। আন তিনিজন লোক এই ঘটনাত আহত হয়। ‘আমি তেওঁক সাৱাধানে গাড়ী চলাবলৈ অনুৰোধ কৰিছিলোঁ। কাৰণ বিবাহ অনুষ্ঠান চলি আছিল আৰু মহিলা শিশুকে ধৰি ভালেসংখ্যক লোক উপস্থিত আছিল।

কিন্তু গাড়ী চলাই থকা লোকজনৰ পিতৃয়ে ক্ষিপ্ত হৈ উঠি কয় যে, তেওঁৰ পুত্ৰই যেনকৈ ইচ্ছা তেনেকৈ গাড়ী চলাব। তাৰ পাছতে লোকজনে ভুক্তভোগী লোকসকলক মহতীয়াই গাড়ীখন ৰিভাৰ্ছ গীয়েৰত চলাই নিয়ে।’

এগৰাকী ভুক্তভোগীৰ আত্মীয়ই এইকথা প্ৰকাশ কৰে। ইতিমধ্যে এই ঘটনাত অভিযুক্ত লোকজনক স্থানীয় লোকে চিনাক্ত কৰিছে। তেওঁৰ নাম অজয় বুলি জানিব পৰা গৈছে। অঞ্চলটোৰে বাসিন্দা লোকজনৰ ওপৰত বিপদজনক ড্ৰাইভিঙৰ অভিযোগ আছিল। আৰক্ষীয়ে ইতিমধ্যে গাড়ীখনৰ চালক অজয় আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু