--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজকন্যা কাণ্ডৰ পুনৰাবৃত্তি। পুনৰ সংঘটিত হ’ল হিট এণ্ড ৰান কাণ্ড। এইবাৰ বেপৰোৱা গাড়ীচালকে প্ৰাণ কাঢ়িলে দুজন লোকৰ। এই ঘটনাত আন তিনিজন লোক আহত হৈছে। বিবাহ অনুষ্ঠানৰ আনন্দ উপভোগ কৰি থকা একাংশ লোকক এজন লোকে ইচ্ছাকৃতভাৱে গাড়ীৰে মহতীয়াই নিয়াৰ ফলত এই অঘটন ঘটিছে। এইবাৰ এই ঘটনা ঘটিছে হাৰিয়ানাৰ কৰ্নালত।

দেওবাৰে এখন বিয়াৰ অভ্যৰ্থনাত ভাগ ল’বলৈ অহা একাংশ লোকক মহতীয়াই নিয়ে এখন তীব্ৰবেগী গাড়ীয়ে। কৰ্নালৰ নীলোখেৰী এলেকাত সংঘটিত হোৱা এই ঘটনাৰ আটাইতকৈ আশ্বৰ্যকৰ কথাটো হৈছে যে, এয়া দুৰ্ঘটনা নাছিল। ইচ্ছাকৃতভাৱে গাড়ীৰ চালকজনে ভুক্তভোগী লোককেইজনক মহতীয়াই নিছিল।

তীব্ৰগতিত গাড়ী চলাই অহা লোকজনকে একাংশ লোকে অনুৰোধ জনাইছিল যে, বিবাহ অনুষ্ঠান চলি আছে, গতিকে অলপ সাৱধানে গাড়ী চলাওক। সেই কথাতে লোকজনে খঙত হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু গাড়ী ৰিভাৰ্ছ গীয়েৰত চলাই পাঁচজনকৈ লোকক মহতীয়াই নিয়ে। ঘটনাস্থলীতে এগৰাকী মহিলাৰ মৃত্যু হয় আৰু আন এজন লোকৰ হাস্পতালত মৃত্যু হয়। আন তিনিজন লোক এই ঘটনাত আহত হয়। ‘আমি তেওঁক সাৱাধানে গাড়ী চলাবলৈ অনুৰোধ কৰিছিলোঁ। কাৰণ বিবাহ অনুষ্ঠান চলি আছিল আৰু মহিলা শিশুকে ধৰি ভালেসংখ্যক লোক উপস্থিত আছিল।

কিন্তু গাড়ী চলাই থকা লোকজনৰ পিতৃয়ে ক্ষিপ্ত হৈ উঠি কয় যে, তেওঁৰ পুত্ৰই যেনকৈ ইচ্ছা তেনেকৈ গাড়ী চলাব। তাৰ পাছতে লোকজনে ভুক্তভোগী লোকসকলক মহতীয়াই গাড়ীখন ৰিভাৰ্ছ গীয়েৰত চলাই নিয়ে।’

এগৰাকী ভুক্তভোগীৰ আত্মীয়ই এইকথা প্ৰকাশ কৰে। ইতিমধ্যে এই ঘটনাত অভিযুক্ত লোকজনক স্থানীয় লোকে চিনাক্ত কৰিছে। তেওঁৰ নাম অজয় বুলি জানিব পৰা গৈছে। অঞ্চলটোৰে বাসিন্দা লোকজনৰ ওপৰত বিপদজনক ড্ৰাইভিঙৰ অভিযোগ আছিল। আৰক্ষীয়ে ইতিমধ্যে গাড়ীখনৰ চালক অজয় আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ