--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজিৰ পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ৷ ৱাৰ্ডে ৱাৰ্ডে দেখিবলৈ পোৱা গৈছে দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান৷ ইটো দলে আনটো দলক কটাক্ষ তথা সমালোচনা কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ হকে আজি ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা অভিযানৰ শুভাৰম্ভণি কৰে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ 

গুৱাহাটীৰ প্ৰায়বোৰ ৱাৰ্ডৰ আটাইতকৈ ডাঙৰ সমস্যাৰ ভিতৰত খোৱাপানীৰ সমস্যাই মুখ্য৷ লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সমাধান নোহোৱাৰ বাবে জগৰীয়া কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক৷ তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাক৷ 
উল্লেখযোগ্য যে, গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত জাতীয় পৰিষদে ২৬টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ তাৰে এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত ২৫ গৰাকী প্ৰাৰ্থীক লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদ৷ আজি দলৰ হৈ প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰি নুনমাটিৰ বিজয়নগৰত সংবাদ মাধ্যমৰ মুখামুকি হৈ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, স্থানীয়ভাৱে গুৱাহাটী মহানগৰীৰ এলেকা ভেদে সমস্যা বেলেগ বেলেগ যদিও দলে খোৱাপানীৰ সমস্যাটোকে মূল নিৰ্বাচনী ইছ্যু হিচাপে লৈছে৷ লগতে তেওঁ কয় যে, 'গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ তৰুণ গগৈৰ প্ৰথমখন চৰকাৰৰ দিনতে পদক্ষেপ হাতত লোৱা হৈছিল৷ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনটো সমাধান নহ'ল খোৱাপানীৰ ব্যৱস্থা৷' 
আনহাতে তেওঁ অসম চৰকাৰৰ বিভিন্ন কামৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি কয় যে, 'গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ধন খৰচ কৰিব নোৱৰাত বেংকত অকল সুতৰ বাবত এশ কোটি টকা জমা হোৱাৰ তথ্য অসম বিধান সভাত উন্মোচিত হোৱাটোৱে বিজেপি চৰকাৰৰ ব্যৰ্থতাকে স্পষ্টভাৱে উদঙাই দিছে৷'

গুৱাহাটী পৌৰ নিগমৰ এইবাৰৰ নিৰ্বাচনৰ জৰিয়তে বিজেপিৰ পৰা ৰাইজে এনে প্ৰতাৰণাৰ উত্তৰ বিচৰিছে বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে৷ গতিকে বিজেপিৰ এনে অপপ্ৰচাৰত ভোল নগৈ ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোক যোগ্য প্ৰত্যুত্তৰ দিবলৈ গগৈয়ে ৰাইজক আহ্বান জনায়৷

পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আৰম্ভণিৰ দিনটোতে লুৰীণজ্যোতি গগৈয়ে ৫৫নং ৱাৰ্ডৰ প্ৰাৰ্থী মিন্টু ৰাজবংশীৰ হৈ নুনমাটি বিজয়নগৰ এলেকাৰ ১৫ টা পৰিয়াৰ কাষলৈ যায় আৰু নিজৰ দলক ভোট দিবৰ বাবে আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ