--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজিৰ পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ৷ ৱাৰ্ডে ৱাৰ্ডে দেখিবলৈ পোৱা গৈছে দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান৷ ইটো দলে আনটো দলক কটাক্ষ তথা সমালোচনা কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ হকে আজি ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা অভিযানৰ শুভাৰম্ভণি কৰে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ 

গুৱাহাটীৰ প্ৰায়বোৰ ৱাৰ্ডৰ আটাইতকৈ ডাঙৰ সমস্যাৰ ভিতৰত খোৱাপানীৰ সমস্যাই মুখ্য৷ লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সমাধান নোহোৱাৰ বাবে জগৰীয়া কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক৷ তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাক৷ 
উল্লেখযোগ্য যে, গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত জাতীয় পৰিষদে ২৬টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ তাৰে এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত ২৫ গৰাকী প্ৰাৰ্থীক লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদ৷ আজি দলৰ হৈ প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰি নুনমাটিৰ বিজয়নগৰত সংবাদ মাধ্যমৰ মুখামুকি হৈ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, স্থানীয়ভাৱে গুৱাহাটী মহানগৰীৰ এলেকা ভেদে সমস্যা বেলেগ বেলেগ যদিও দলে খোৱাপানীৰ সমস্যাটোকে মূল নিৰ্বাচনী ইছ্যু হিচাপে লৈছে৷ লগতে তেওঁ কয় যে, 'গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ তৰুণ গগৈৰ প্ৰথমখন চৰকাৰৰ দিনতে পদক্ষেপ হাতত লোৱা হৈছিল৷ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনটো সমাধান নহ'ল খোৱাপানীৰ ব্যৱস্থা৷' 
আনহাতে তেওঁ অসম চৰকাৰৰ বিভিন্ন কামৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি কয় যে, 'গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ধন খৰচ কৰিব নোৱৰাত বেংকত অকল সুতৰ বাবত এশ কোটি টকা জমা হোৱাৰ তথ্য অসম বিধান সভাত উন্মোচিত হোৱাটোৱে বিজেপি চৰকাৰৰ ব্যৰ্থতাকে স্পষ্টভাৱে উদঙাই দিছে৷'

গুৱাহাটী পৌৰ নিগমৰ এইবাৰৰ নিৰ্বাচনৰ জৰিয়তে বিজেপিৰ পৰা ৰাইজে এনে প্ৰতাৰণাৰ উত্তৰ বিচৰিছে বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে৷ গতিকে বিজেপিৰ এনে অপপ্ৰচাৰত ভোল নগৈ ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোক যোগ্য প্ৰত্যুত্তৰ দিবলৈ গগৈয়ে ৰাইজক আহ্বান জনায়৷

পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আৰম্ভণিৰ দিনটোতে লুৰীণজ্যোতি গগৈয়ে ৫৫নং ৱাৰ্ডৰ প্ৰাৰ্থী মিন্টু ৰাজবংশীৰ হৈ নুনমাটি বিজয়নগৰ এলেকাৰ ১৫ টা পৰিয়াৰ কাষলৈ যায় আৰু নিজৰ দলক ভোট দিবৰ বাবে আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু