--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ গ্ৰাসত পৰা কংগ্ৰেছ দল অধিক গভীৰ সংকটৰ দিশে অগ্ৰসৰ হোৱাৰ ইংগিত পোৱা গৈছে। থিৰতাহীন হৈ পৰা কংগ্ৰেছ দলৰ পৰা আন একাধিক নেতাৰ প্ৰস্থানৰ ইংগিত পোৱা গৈছে। এনে হ’লে দলটোৱে অধিক অন্ধকাৰ দিনৰ সন্মুখীন হোৱাৰ আশংকা আছে। নৱজ্যোৎ সিং সিদ্ধুৱে আৰম্ভ কৰা বিদ্ৰোহেই যে, দলটোৰ পতন মাতিলে সেয়া এতিয়া স্পষ্ট। এনে পৰিপ্ৰেক্ষিতত নেতৃত্ব অধিক শক্তিশালী হৈ নুঠিলে দলটোৰ অধিক  দুৰ্যোগ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ মাজতে এগৰাকী কংগ্ৰেছ সাংসদে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাত কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। 

পঞ্জাব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰৱনীত সিং বিট্টুৱে সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তাৰ পাছতে পঞ্জাবত ৰাজনৈতিক পট পৰিৱৰ্তনৰ চৰ্চা তীব্ৰ হৈ উঠিছে। লুধিয়ানাৰ সাংসদগৰাকীয়ে শীঘ্ৰেই বিজেপিত যোগদান কৰিব পাৰে বুলি তীব্ৰ চৰ্চা চলিছে। অৱশ্যে নেতাগৰাকীয়ে তেওঁ এই সাক্ষাতৰ সময়ত মোদীৰ সৈতে পঞ্জাব সম্পৰ্কীয় বিষয় আলোচনা কৰা বুলি প্ৰকাশ কৰিছে।

তেওঁৰ ঘনিষ্ঠ সূত্ৰই বিট্টুৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে যদিও জল্পনাত বাধা দিবলৈ সক্ষম হোৱা নাই। তেওঁ কয় যে, প্ৰধানমন্ত্ৰীয়ে বিট্টুক পঞ্জাবত শাসনাধিষ্ঠিত আম আদমী পাৰ্টীৰ বিৰুদ্ধে যুঁজ দিয়াটো বিচাৰে। ১৯৯৫ চনত তেওঁৰ ককাক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বেয়ন্ত সিঙৰ হত্যাৰ পাছৰে পৰা দলটোত হিন্দু মুখ হিচাপে পৰিচিত বিট্টুৱে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ ফটো টুইট কৰিছে।  

উল্লেখ্য যে, পঞ্জাব বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ হাতত পৰাজয়ৰ পাছত ৰাজ্যিক কংগ্ৰেছ বৰ্তমান 'সু্প্ত অৱস্থাত' আছে। এই মুহূৰ্তত সাংসদগৰাকীৰ মোদীৰে সাক্ষাতক লৈও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই দলৰ তৰফৰ পৰা। দলৰ একাংশ নেতাই ইংগিত দিছে যে, এই  বৈঠকখনক লৈ অধিক অত্যুসাহ প্ৰদৰ্শন কৰা উচিত নহয় আৰু ইয়াক অধিক গভীৰভাৱে লোৱাৰো প্ৰয়োজন নাই। 
উল্লেখ্য যে, ৰাজ্যখনত শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছক ঠন ধৰিবলৈ যে বহুত সময়ৰ প্ৰয়োজন হ’ব সেয়া নিশ্চিত। তেওঁলোকৰ প্ৰদৰ্শন ইমানেই হতাশাজনক আছিল যে ২০১৭ চনত ৭৭ খন আসন লাভ কৰা দলটোৱে এইবাৰ মাত্ৰ ১৮ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল। পৰাজয়ৰ পাছত, ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী নৱজ্যোৎ সি সিদ্ধুৱে পদত্যাগ কৰে আৰু তেওঁৰ উত্তৰাধিকাৰীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। কেৱল এয়াই নহয়, পঞ্জাব বিধানসভাৰ বিৰোধী দলৰ নেতাকো এতিয়ালৈকে নিযুক্তি দিয়া হোৱা নাই। অর্থাৎ দলটো এতিয়া একপ্ৰকাৰ হতাশগ্ৰস্ত অৱস্থালৈ গতি কৰিছে। এনে পৰিপ্ৰেক্ষিতত কেৱল সাংসদগৰাকীয়েই নহয় আন বহু নেতাই দল ত্যাগ কৰাৰ বাবে সাজু হোৱা বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু