--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ গ্ৰাসত পৰা কংগ্ৰেছ দল অধিক গভীৰ সংকটৰ দিশে অগ্ৰসৰ হোৱাৰ ইংগিত পোৱা গৈছে। থিৰতাহীন হৈ পৰা কংগ্ৰেছ দলৰ পৰা আন একাধিক নেতাৰ প্ৰস্থানৰ ইংগিত পোৱা গৈছে। এনে হ’লে দলটোৱে অধিক অন্ধকাৰ দিনৰ সন্মুখীন হোৱাৰ আশংকা আছে। নৱজ্যোৎ সিং সিদ্ধুৱে আৰম্ভ কৰা বিদ্ৰোহেই যে, দলটোৰ পতন মাতিলে সেয়া এতিয়া স্পষ্ট। এনে পৰিপ্ৰেক্ষিতত নেতৃত্ব অধিক শক্তিশালী হৈ নুঠিলে দলটোৰ অধিক  দুৰ্যোগ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ মাজতে এগৰাকী কংগ্ৰেছ সাংসদে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাত কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। 

পঞ্জাব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰৱনীত সিং বিট্টুৱে সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তাৰ পাছতে পঞ্জাবত ৰাজনৈতিক পট পৰিৱৰ্তনৰ চৰ্চা তীব্ৰ হৈ উঠিছে। লুধিয়ানাৰ সাংসদগৰাকীয়ে শীঘ্ৰেই বিজেপিত যোগদান কৰিব পাৰে বুলি তীব্ৰ চৰ্চা চলিছে। অৱশ্যে নেতাগৰাকীয়ে তেওঁ এই সাক্ষাতৰ সময়ত মোদীৰ সৈতে পঞ্জাব সম্পৰ্কীয় বিষয় আলোচনা কৰা বুলি প্ৰকাশ কৰিছে।

তেওঁৰ ঘনিষ্ঠ সূত্ৰই বিট্টুৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে যদিও জল্পনাত বাধা দিবলৈ সক্ষম হোৱা নাই। তেওঁ কয় যে, প্ৰধানমন্ত্ৰীয়ে বিট্টুক পঞ্জাবত শাসনাধিষ্ঠিত আম আদমী পাৰ্টীৰ বিৰুদ্ধে যুঁজ দিয়াটো বিচাৰে। ১৯৯৫ চনত তেওঁৰ ককাক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বেয়ন্ত সিঙৰ হত্যাৰ পাছৰে পৰা দলটোত হিন্দু মুখ হিচাপে পৰিচিত বিট্টুৱে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ ফটো টুইট কৰিছে।  

উল্লেখ্য যে, পঞ্জাব বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ হাতত পৰাজয়ৰ পাছত ৰাজ্যিক কংগ্ৰেছ বৰ্তমান 'সু্প্ত অৱস্থাত' আছে। এই মুহূৰ্তত সাংসদগৰাকীৰ মোদীৰে সাক্ষাতক লৈও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই দলৰ তৰফৰ পৰা। দলৰ একাংশ নেতাই ইংগিত দিছে যে, এই  বৈঠকখনক লৈ অধিক অত্যুসাহ প্ৰদৰ্শন কৰা উচিত নহয় আৰু ইয়াক অধিক গভীৰভাৱে লোৱাৰো প্ৰয়োজন নাই। 
উল্লেখ্য যে, ৰাজ্যখনত শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছক ঠন ধৰিবলৈ যে বহুত সময়ৰ প্ৰয়োজন হ’ব সেয়া নিশ্চিত। তেওঁলোকৰ প্ৰদৰ্শন ইমানেই হতাশাজনক আছিল যে ২০১৭ চনত ৭৭ খন আসন লাভ কৰা দলটোৱে এইবাৰ মাত্ৰ ১৮ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল। পৰাজয়ৰ পাছত, ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী নৱজ্যোৎ সি সিদ্ধুৱে পদত্যাগ কৰে আৰু তেওঁৰ উত্তৰাধিকাৰীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। কেৱল এয়াই নহয়, পঞ্জাব বিধানসভাৰ বিৰোধী দলৰ নেতাকো এতিয়ালৈকে নিযুক্তি দিয়া হোৱা নাই। অর্থাৎ দলটো এতিয়া একপ্ৰকাৰ হতাশগ্ৰস্ত অৱস্থালৈ গতি কৰিছে। এনে পৰিপ্ৰেক্ষিতত কেৱল সাংসদগৰাকীয়েই নহয় আন বহু নেতাই দল ত্যাগ কৰাৰ বাবে সাজু হোৱা বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ