--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত সৱল হৈ উঠা পৃথক খালিস্তানৰ দাবীয়ে এতিয়া পুনৰ মূৰ দাঙি উঠিছে৷ খালিস্তানী বিদ্ৰোহীক নিশেষ কৰিবলৈয়েই পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত চলোৱা হৈছিল অপৰাছেন ব্লুষ্টাৰ৷ সেয়াই এটা সময়ত কাল হৈ পৰিছিল ইন্দিৰা গান্ধীৰ বাবেও৷ পঞ্জাৱৰ বিচ্ছিন্নতাবাদীক নিঃশেষ কৰাৰ অভিযানত লিপ্ত হোৱাৰ বাবেই ইন্দিৰা গান্ধীক তেওঁৰেই শিখ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল৷ কথাবোৰ এতিয়া অতীত হ’ল যদিও পৃথক খালিস্তানৰ দাবী যেন অততীত হৈ যোৱা নাই৷ 

এতিয়া নতুন নেতাৰ নেতৃত্বতত পুনৰ সাৰ পাই উঠিছে খালিস্তানৰ দাবীয়ে৷ এই দাবীক আগুৱাই নিছে অমৃতপাল সিঙে৷ অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ দেশজুৰি সতৰ্ক হৈ পৰিছে আৰক্ষী৷ পলাতক হৈ থকা নেতা জনক পিছে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী? ইয়াৰ মাজতে যোৱা নিশা একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা বুলি বাতৰি প্ৰকাশ কৰিছিল৷ 

কিন্তু পিছত সেই বাতৰি বহু কেইটা প্ৰতিষ্ঠানে প্ৰত্যাহাৰ কৰা পৰিলক্ষিত হৈছে৷ ফলত অমৃতপালৰ গ্ৰেপ্তাৰকলৈ দেশৰ জনতা বিভ্ৰান্ত হৈ পৰিছে৷ ইপিনে অমৃতপালে পঞ্জাৱত মানৱ বোমা আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি  আৰক্ষীয়ে দাবী কৰিছে ৷ অমৃতপালক জলন্ধৰৰ শ্বাহকোট অঞ্চলৰ মেহাটপুৰ গাঁৱত বহুে ধেখিছিল বুলিও দাবী কৰা হৈছে৷  'ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বীজনৰ সৈতে আগ্নেয়াস্ত্ৰৰ সৈতে বহু কেইজন দেহৰক্ষী  আছিল৷একাধিক অপৰাধমূলক গোচৰত অভিযুক্ত স্বঘোষিত শিখ ধৰ্মগুৰু আৰু খালিস্তানপন্থী নেতা অমৃতপাল সিঙে পঞ্জাৱত আত্মঘাতী আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল  বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰিঅমৃতপালে পঞ্জাৱৰ নিচামুক্ত কেন্দ্ৰসমূহত চিকিৎসাধীন যুৱকসকলক  মানৱ বোমা হিচাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।অৱশ্যে পঞ্জাৱ আৰক্ষীয়ে এতিয়ালৈকে  অমৃতপালক গ্ৰেপ্তাৰ কৰিব পৰা নাই। এক চৰকাৰী বিবৃতি অনুসৰি, অমৃতপালে এখন বাইকত উঠি  আৰক্ষীৰ সন্মুখৰ পৰাই পলাই যাবলৈ সক্ষম হৈছিল। অৱশ্যে, অমৃতপালৰ সংগঠন ৱাৰিছ পাঞ্জাৱ দে দাবী কৰিছে  যে তেওঁক আৰক্ষীয়ে আটক কৰি গোপন স্থানলৈ লৈ গৈছিল। এয়াও  আশংকা কৰা হৈছে যে তেওঁ ভুৱা সংঘৰ্ষত নিহত হ'বও পাৰে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চৰকাৰে ফেব্ৰুৱাৰী মাহৰে পৰাই আজনালা হিংসাৰ পৰিপ্ৰেক্ষিতত 'ভাই চাহাব' ( অনুগামীসকলে  অমৃতপালক এই নামেৰে মাতে) আৰু তেওঁৰ ঘনিষ্ঠ সহায়কসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে  সক্ৰিয় হৈ আছে। শনিবাৰে পুৱা আৰক্ষীয়ে মোগা অঞ্চলৰ পৰা অমৃতপালৰ সংগঠনৰ ছয়জন নেতাক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, অমৃতপালক জলন্ধৰৰ শ্বাহকোট অঞ্চলৰ মেহাটপুৰ গাঁৱত আগুৰি ধৰা হৈছিল। কিন্তু তেওঁ পলাই যাবলৈ সক্ষম হয়৷১৮ ফেব্ৰুৱাৰীত অমৃতপালৰ ঘনিষ্ঠ সহযোগী লাভপ্ৰীত সিং টুফানক অমৃতসৰৰ আজনালা আৰক্ষী থানাই সংঘৰ্ষ  আৰু অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। 

তাৰ পিছতে আজনালাত পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। ৱাৰিছ পাঞ্জাৱ দে'ৰ সমৰ্থকসকলে লাভপ্ৰীতৰ মুক্তিৰ দাবীত আৰক্ষী থানা ঘেৰাও কৰিছিল। লাঠি, তৰোৱাল আৰু বন্দুকেৰে সজ্জিত শ শ সমৰ্থকে আৰক্ষী থানাৰ বেৰিকেড ভাঙি ভিতৰলৈ প্ৰৱেশ কৰিছিল। আক্ৰমণটোত কেইবাজনো আৰক্ষী আহত হৈছিল।প্ৰয়াত ৰাজনীতিক দীপ সিদ্ধুৱে  'ৱাৰিছ পাঞ্জাৱ দে' গঠন  কৰিছিল। ২০২২ চনত তেওঁৰ মৃত্যুৰ পিছত, ১৯৮০ ৰ দশকৰ বিচ্ছিন্নতাবাদী নেতা জাৰ্ণেল সিং ভিন্দ্ৰনৱালেৰ ভক্ত অমৃতপালে সংগঠনটোৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইপিনে পৃথক খালিস্তানৰ দাবীৰ প্ৰতি  সহানুভূতিশীল আৰু 'ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিং বৰ্তমানেও  পলাতক হৈ থকাৰ সময়তে অসমলৈ অনা হৈছে  চাৰিজন   খালিস্তানী সমৰ্থকক৷ কালি বায়ুসেনাৰ এখন বিশেষ বিমানেৰে পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ অনা হয় চাৰিজন খালিস্তানী সমৰ্থকক৷ দলটোৰ সৈতে পঞ্জাৱ আৰক্ষীৰ ২৭ জনীয়া দল এটাও আহিছে৷

 চাৰিওজন   খালিস্তানী ডিব্ৰুগড়ৰ কাৰাগাৰলৈ নিয়া হৈছে৷ পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰা মতে  অমৃতপাল সিঙৰ নেতৃত্বত থকা সংগঠনটোৰ  কমেও ৭৮ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে সমগ্ৰ পঞ্জাৱত চিআৰপিএফ জোৱানৰ সৈতে ফ্লেগ মাৰ্চ অনুষ্ঠিত কৰিছে পঞ্জাৱ আৰক্ষীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) ধাৰাৰ অধীনত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে। দেশৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে পঞ্জাৱত ভইচ কলৰ বাহিৰে এছএমএছ আৰু ম'বাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত  সোমবাৰে দুপৰীয়ালৈকে বৃদ্ধি কৰিছে৷  








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু