--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ভাৰতৰ এখন বিমানত এগৰাকী যাত্ৰী অসুস্থ হৈ পৰাৰ বাবেই বিমান খন পাকিস্তানত অৱতৰণ কৰিবলগীয়া হৈছিল৷ এইবাৰ বিমানৰ ভিতৰতে এগৰাকী  যাত্ৰী হৃদৰোগত আক্ৰান্ত হোৱাত ম্যানমাৰত বিমানৰ জৰুৰী অৱতৰণ কৰিবলগীয়া হয়৷ যাত্ৰীগৰাকীয়ে মাজ আকাশতে বুকুৰ বিষ অনুভৱ কৰিবলৈ লয় আৰু  হৃদৰোগত আক্ৰান্ত হয়৷  তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা বিবেচনা কৰি, বিমানখন  ম্যানমাৰত অৱতৰণ কৰোৱাৰ সিদ্ধান্ত লোৱা হয়৷ 

 কিন্তু জৰুৰী অৱতৰণ কৰাৰ পিছতো যাত্ৰীগৰাকীক  বচাব পৰা নগ'ল।বেংককৰ পৰা মুম্বাইলৈ উৰা মাৰিছিল  ইণ্ডিগ'ৰ  ৬ই-৫৭ বিমান খনে। কিন্তু এজন যাত্ৰী হঠাতে মাজ আকাশতে অসুস্থ হৈ পৰে। তেওঁৰ বয়স ৫৭ বছৰ। বিমানখনে উৰা মৰাৰ এঘণ্টাৰো কম সময়ৰ ভিতৰত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। যাত্ৰীগৰাকীক বচোৱাৰ লক্ষ্যৰেই বিমানখন  ম্যানমাৰত অৱতৰণ ককৰা হয়। কিন্তু যাত্ৰীগৰাকীৰ মৃত্যু ঘটাত প্ৰায় পাঁচ ঘণ্টাৰ পিছত ম্যানমাৰৰ য়াংগন বিমানবন্দৰৰ পৰা ইণ্ডিগোৰ  বিমানখনে পুনৰ মুম্বাইলৈ উৰা মাৰে৷

উল্লেখ্য যোৱা দুদিনত ভাৰতৰ বিমানত যাত্ৰীৰ মৃত্যু ঘটাৰ  এয়া  দ্বিতীয়টো ঘটনা ৷ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰাঁচীৰ পৰা পুনে অভিমুখী এখন বিমানে জৰুৰী কালীন ভিত্তিত নাগপুৰত অৱতৰণ কৰিব লগা হৈছিল। বিমানখনত থকা এজন যাত্ৰীও অসুস্থ হৈ পৰিছিল। তেওঁক চিকিৎসাৰ বাবে নাগপুৰৰ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অৱশ্যে, চিকিৎসাৰ সময়তে যাত্ৰীজনৰ মৃত্যু হয়।

বিমানত উঠাৰ পিছত বহু  যাত্ৰী অসুস্থ হৈ পৰাৰ ঘটনাই শেহতীয়াকৈ বাৰে বাৰে সংবাদ শিৰোনাম দখল কৰি আহিছে। পৰ্যবেক্ষকসলকো বিষয়টোকলৈ  চিন্তিত হৈ পৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু