--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ভাৰতৰ এখন বিমানত এগৰাকী যাত্ৰী অসুস্থ হৈ পৰাৰ বাবেই বিমান খন পাকিস্তানত অৱতৰণ কৰিবলগীয়া হৈছিল৷ এইবাৰ বিমানৰ ভিতৰতে এগৰাকী  যাত্ৰী হৃদৰোগত আক্ৰান্ত হোৱাত ম্যানমাৰত বিমানৰ জৰুৰী অৱতৰণ কৰিবলগীয়া হয়৷ যাত্ৰীগৰাকীয়ে মাজ আকাশতে বুকুৰ বিষ অনুভৱ কৰিবলৈ লয় আৰু  হৃদৰোগত আক্ৰান্ত হয়৷  তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা বিবেচনা কৰি, বিমানখন  ম্যানমাৰত অৱতৰণ কৰোৱাৰ সিদ্ধান্ত লোৱা হয়৷ 

 কিন্তু জৰুৰী অৱতৰণ কৰাৰ পিছতো যাত্ৰীগৰাকীক  বচাব পৰা নগ'ল।বেংককৰ পৰা মুম্বাইলৈ উৰা মাৰিছিল  ইণ্ডিগ'ৰ  ৬ই-৫৭ বিমান খনে। কিন্তু এজন যাত্ৰী হঠাতে মাজ আকাশতে অসুস্থ হৈ পৰে। তেওঁৰ বয়স ৫৭ বছৰ। বিমানখনে উৰা মৰাৰ এঘণ্টাৰো কম সময়ৰ ভিতৰত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। যাত্ৰীগৰাকীক বচোৱাৰ লক্ষ্যৰেই বিমানখন  ম্যানমাৰত অৱতৰণ ককৰা হয়। কিন্তু যাত্ৰীগৰাকীৰ মৃত্যু ঘটাত প্ৰায় পাঁচ ঘণ্টাৰ পিছত ম্যানমাৰৰ য়াংগন বিমানবন্দৰৰ পৰা ইণ্ডিগোৰ  বিমানখনে পুনৰ মুম্বাইলৈ উৰা মাৰে৷

উল্লেখ্য যোৱা দুদিনত ভাৰতৰ বিমানত যাত্ৰীৰ মৃত্যু ঘটাৰ  এয়া  দ্বিতীয়টো ঘটনা ৷ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰাঁচীৰ পৰা পুনে অভিমুখী এখন বিমানে জৰুৰী কালীন ভিত্তিত নাগপুৰত অৱতৰণ কৰিব লগা হৈছিল। বিমানখনত থকা এজন যাত্ৰীও অসুস্থ হৈ পৰিছিল। তেওঁক চিকিৎসাৰ বাবে নাগপুৰৰ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অৱশ্যে, চিকিৎসাৰ সময়তে যাত্ৰীজনৰ মৃত্যু হয়।

বিমানত উঠাৰ পিছত বহু  যাত্ৰী অসুস্থ হৈ পৰাৰ ঘটনাই শেহতীয়াকৈ বাৰে বাৰে সংবাদ শিৰোনাম দখল কৰি আহিছে। পৰ্যবেক্ষকসলকো বিষয়টোকলৈ  চিন্তিত হৈ পৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক