--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচন দুৱাৰদলিত৷ইতিমধ্যে বিৰোধী ৰাজনৈতিক দলসমূহে বিজেপিক পৰাজিত কৰাৰ ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে৷এইবাৰ বিৰোধী ১১টাকৈ ৰাজনৈতিক দলে সন্মিলিতভাৱে প্ৰাৰ্থী প্ৰক্ষেপৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰি তোলাত গুৰুত্ব দিছে৷

উজনি অসমৰ দুটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত ক্ৰমে অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈ আৰু যোৰহাটত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

ডিব্ৰুগড় লোকসভা সমষ্টিত মুঠ ৯টাকৈ বিধানসভা সমষ্টি আছে,য’ত-মৰাণ,ডিব্ৰুগড়,লাহোৱাল,দুলীয়াজান,টিংখাং,নাহৰকটীয়া,তিনিচুকীয়া,ডিগবৈ আৰু মাৰ্ঘেৰিটা অন্তৰ্ভুক্ত৷শেষৰটো বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুটাকৈ বিধানসভা সমষ্টি ক্ৰমে নাহৰকটীয়া আৰু দুলীয়াজানত অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল৷দুলীয়াজানত বিজেপিৰ টেৰছ গোৱালা আৰু নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈৰ বিৰুদ্ধে যুজঁ কৰি পৰাজয় বৰণ কৰিছিল লুৰীণে ৷এতিয়া ক্ৰমান্বয়ে লুৰীণ গগৈৰ স্থিতি উজনিত শক্তিশালী হ’লেও তৃণমূল পৰ্যায়ত ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ কাম কৰা পৰিলক্ষিত হোৱা নাই৷


আনহাতে যোৰহাট লোকসভা সমষ্টিত আছে ১১টাকৈ বিধানসভা সমষ্টি,এই সমষ্টিসমূহ ক্ৰমে যোৰহাট,তিতাবৰ,মৰিয়নী,টীয়ক,আমগুৰি,নাজিৰা,মাহমৰা,সোণাৰি,থাওৰা,আৰু শিৱসাগৰ আছে৷পূৰ্বৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে জয়লাভ কৰিছিল৷২০২৪ত যোৰহাট লোকসভা সমষ্টিৰ পৰা অখিল গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই প্ৰবল৷কিন্তু অখিলৰ বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ শিৱসাগৰ সমষ্টিক বাদ দি আন বিধানসভা সমষ্টিসমূহত স্থিতি দুৰ্বল৷

সকলো বিৰোধী দলেই গুৱাহাটীত বহি প্ৰায়ে চাহমেল অনুষ্ঠিত কৰা দেখা গৈছে যদিও জনগণৰ কাষলৈ গৈ জনতাৰ মন বুজাত আৰু চৰকাৰৰ বিফলতাসমূহ জনতাক বুজাই দিয়াত ব্যৰ্থ হৈছে৷৷সেয়েহে বহু ভোটাৰ অসন্তুষ্ট বুলি জানিব পৰা গৈছে৷বিজেপিয়ে নিজৰ দুৰ্গ বচাবলৈ ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰি ৰাইজক আকৰ্ষণৰ চেষ্টা কৰি থকা দেখা গৈছে৷মানুহৰ লগত সম্পৰ্ক গাঢ় কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা সাংসদ,বিধায়ক আনকি মণ্ডলৰ কৰ্মী জনসম্পৰ্ক অভিযানত নামি গৈছে য’ত অখিল-লুৰীণৰ দৰে দুই শক্তিশালী নেতৃত্বক নিশকতীয়া দেখা গৈছে৷শিক্ষা,স্বাস্থ্য আৰু বিভিন্ন দিশত এতিয়াও সবল ৰূপত দেখা পোৱা হোৱা নাই৷অসমৰ ৰাইজৰ চকু এতিয়াও দুয়োজন নেতাৰ দক্ষতা আৰু কৌশলৰ ভৰষাৰে তেওঁলোকৰ ওপৰত নিবদ্ধ হৈ আছে৷ বিজেপিৰ ধনবল আৰু জনবলক প্ৰত্যাহ্বানক প্ৰত্যুত্তৰ দিবলৈ হ’লে সকলো বিৰোধী দল জনসাধাৰণৰ কাষ চাপিব আৰু চৰকাৰৰ ১০১টা ব্যৰ্থতা বুজাই দিব পাৰিব লাগিব৷তেতিয়াহে বিৰোধী দলসমূহৰ বিজয় ২০২৪ৰ নিৰ্বাচনত নিশ্চিত হ’ব৷

















FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি