--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচন দুৱাৰদলিত৷ইতিমধ্যে বিৰোধী ৰাজনৈতিক দলসমূহে বিজেপিক পৰাজিত কৰাৰ ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে৷এইবাৰ বিৰোধী ১১টাকৈ ৰাজনৈতিক দলে সন্মিলিতভাৱে প্ৰাৰ্থী প্ৰক্ষেপৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰি তোলাত গুৰুত্ব দিছে৷

উজনি অসমৰ দুটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত ক্ৰমে অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈ আৰু যোৰহাটত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

ডিব্ৰুগড় লোকসভা সমষ্টিত মুঠ ৯টাকৈ বিধানসভা সমষ্টি আছে,য’ত-মৰাণ,ডিব্ৰুগড়,লাহোৱাল,দুলীয়াজান,টিংখাং,নাহৰকটীয়া,তিনিচুকীয়া,ডিগবৈ আৰু মাৰ্ঘেৰিটা অন্তৰ্ভুক্ত৷শেষৰটো বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুটাকৈ বিধানসভা সমষ্টি ক্ৰমে নাহৰকটীয়া আৰু দুলীয়াজানত অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল৷দুলীয়াজানত বিজেপিৰ টেৰছ গোৱালা আৰু নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈৰ বিৰুদ্ধে যুজঁ কৰি পৰাজয় বৰণ কৰিছিল লুৰীণে ৷এতিয়া ক্ৰমান্বয়ে লুৰীণ গগৈৰ স্থিতি উজনিত শক্তিশালী হ’লেও তৃণমূল পৰ্যায়ত ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ কাম কৰা পৰিলক্ষিত হোৱা নাই৷


আনহাতে যোৰহাট লোকসভা সমষ্টিত আছে ১১টাকৈ বিধানসভা সমষ্টি,এই সমষ্টিসমূহ ক্ৰমে যোৰহাট,তিতাবৰ,মৰিয়নী,টীয়ক,আমগুৰি,নাজিৰা,মাহমৰা,সোণাৰি,থাওৰা,আৰু শিৱসাগৰ আছে৷পূৰ্বৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে জয়লাভ কৰিছিল৷২০২৪ত যোৰহাট লোকসভা সমষ্টিৰ পৰা অখিল গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই প্ৰবল৷কিন্তু অখিলৰ বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ শিৱসাগৰ সমষ্টিক বাদ দি আন বিধানসভা সমষ্টিসমূহত স্থিতি দুৰ্বল৷

সকলো বিৰোধী দলেই গুৱাহাটীত বহি প্ৰায়ে চাহমেল অনুষ্ঠিত কৰা দেখা গৈছে যদিও জনগণৰ কাষলৈ গৈ জনতাৰ মন বুজাত আৰু চৰকাৰৰ বিফলতাসমূহ জনতাক বুজাই দিয়াত ব্যৰ্থ হৈছে৷৷সেয়েহে বহু ভোটাৰ অসন্তুষ্ট বুলি জানিব পৰা গৈছে৷বিজেপিয়ে নিজৰ দুৰ্গ বচাবলৈ ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰি ৰাইজক আকৰ্ষণৰ চেষ্টা কৰি থকা দেখা গৈছে৷মানুহৰ লগত সম্পৰ্ক গাঢ় কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা সাংসদ,বিধায়ক আনকি মণ্ডলৰ কৰ্মী জনসম্পৰ্ক অভিযানত নামি গৈছে য’ত অখিল-লুৰীণৰ দৰে দুই শক্তিশালী নেতৃত্বক নিশকতীয়া দেখা গৈছে৷শিক্ষা,স্বাস্থ্য আৰু বিভিন্ন দিশত এতিয়াও সবল ৰূপত দেখা পোৱা হোৱা নাই৷অসমৰ ৰাইজৰ চকু এতিয়াও দুয়োজন নেতাৰ দক্ষতা আৰু কৌশলৰ ভৰষাৰে তেওঁলোকৰ ওপৰত নিবদ্ধ হৈ আছে৷ বিজেপিৰ ধনবল আৰু জনবলক প্ৰত্যাহ্বানক প্ৰত্যুত্তৰ দিবলৈ হ’লে সকলো বিৰোধী দল জনসাধাৰণৰ কাষ চাপিব আৰু চৰকাৰৰ ১০১টা ব্যৰ্থতা বুজাই দিব পাৰিব লাগিব৷তেতিয়াহে বিৰোধী দলসমূহৰ বিজয় ২০২৪ৰ নিৰ্বাচনত নিশ্চিত হ’ব৷

















FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement