--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনলৈ প্ৰায় এবছৰ বাকী আছে। লোকসভা নির্বাচনৰ পূর্বে ৫খন ৰাজ্যত বিধানসভা নির্বাচনো হব৷ বিজেপি, কংগ্ৰেছকে ধৰি আটাইকেইটা ৰাজনৈতিক দলে বৰ্তমান ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে নিজৰ কৌশল ৰচনা কৰিছে।

ইতিমধ্যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে বিজেপিয়ে কৃতিত্ব গণনা কৰি অধিক সংখ্যক লোকক সংযোগ কৰিবলৈ এমাহজোৰা অভিযান চলাই আছে। বিজেপিৰ প্ৰচাৰৰ অংশ হিচাপে বহু জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজহুৱা সভা আৰু কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰা দেখা গৈছে৷

ইফালে বিৰোধী দলসমূহে মিত্ৰজোঁটৰ জৰিয়তে বিজেপি বিৰোধী ঢৌ অনাৰ প্ৰচেষ্টা চলোৱা দেখা গৈছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২৩ জুনত পাটনাত বিৰোধী দলৰ নেতাৰ বৈঠক আহ্বান কৰিছে। শেহতীয়াকৈ নীতিশে আশংকা প্ৰকাশ কৰিছিল যে চলিত বৰ্ষৰ শেষত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে।

এই গৰম ৰাজনৈতিক পৰিৱেশৰ মাজতে চি-ভোটাৰে এবিপি নিউজৰ বাবে সাপ্তাহিকভাৱে এক সমীক্ষা চলাইছে। নিৰ্ধাৰিত সময়ৰ আগতেই ২০২৪ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰেনে, সমীক্ষাত ৰাইজক এই প্ৰশ্ন সোধা হৈছিল। মানুহে এই ক্ষেত্ৰত চাঞ্চল্যকৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিলে। বৃহৎ সংখ্যক লোকৰ মতে পৰৱৰ্তী লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ আগতেই হ’ব পাৰে।

সৰ্বভাৰতীয় জৰীপৰ প্ৰশ্ন আছিলঃ লোকসভা নিৰ্বাচন সময়ৰ আগতেই হ’ব পাৰে বুলিও আপুনি ভাবেনে?
হয় - ৩৩%
নহয় - ৫৫%
নাজানে - ১২%

এই সমীক্ষাত ৩৩ শতাংশ লোকৰ মতে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অনুষ্ঠিত হ’ব পাৰে। সৰ্বাধিক ৫৫ শতাংশ লোকে ‘নহয়’  বুলি উত্তৰ দিছিল। একে সময়তে ১২ শতাংশ লোকে এই বিষয়ে ‘নাজানো’ বুলি উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু