--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনলৈ প্ৰায় এবছৰ বাকী আছে। লোকসভা নির্বাচনৰ পূর্বে ৫খন ৰাজ্যত বিধানসভা নির্বাচনো হব৷ বিজেপি, কংগ্ৰেছকে ধৰি আটাইকেইটা ৰাজনৈতিক দলে বৰ্তমান ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে নিজৰ কৌশল ৰচনা কৰিছে।

ইতিমধ্যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে বিজেপিয়ে কৃতিত্ব গণনা কৰি অধিক সংখ্যক লোকক সংযোগ কৰিবলৈ এমাহজোৰা অভিযান চলাই আছে। বিজেপিৰ প্ৰচাৰৰ অংশ হিচাপে বহু জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজহুৱা সভা আৰু কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰা দেখা গৈছে৷

ইফালে বিৰোধী দলসমূহে মিত্ৰজোঁটৰ জৰিয়তে বিজেপি বিৰোধী ঢৌ অনাৰ প্ৰচেষ্টা চলোৱা দেখা গৈছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২৩ জুনত পাটনাত বিৰোধী দলৰ নেতাৰ বৈঠক আহ্বান কৰিছে। শেহতীয়াকৈ নীতিশে আশংকা প্ৰকাশ কৰিছিল যে চলিত বৰ্ষৰ শেষত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে।

এই গৰম ৰাজনৈতিক পৰিৱেশৰ মাজতে চি-ভোটাৰে এবিপি নিউজৰ বাবে সাপ্তাহিকভাৱে এক সমীক্ষা চলাইছে। নিৰ্ধাৰিত সময়ৰ আগতেই ২০২৪ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰেনে, সমীক্ষাত ৰাইজক এই প্ৰশ্ন সোধা হৈছিল। মানুহে এই ক্ষেত্ৰত চাঞ্চল্যকৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিলে। বৃহৎ সংখ্যক লোকৰ মতে পৰৱৰ্তী লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ আগতেই হ’ব পাৰে।

সৰ্বভাৰতীয় জৰীপৰ প্ৰশ্ন আছিলঃ লোকসভা নিৰ্বাচন সময়ৰ আগতেই হ’ব পাৰে বুলিও আপুনি ভাবেনে?
হয় - ৩৩%
নহয় - ৫৫%
নাজানে - ১২%

এই সমীক্ষাত ৩৩ শতাংশ লোকৰ মতে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অনুষ্ঠিত হ’ব পাৰে। সৰ্বাধিক ৫৫ শতাংশ লোকে ‘নহয়’  বুলি উত্তৰ দিছিল। একে সময়তে ১২ শতাংশ লোকে এই বিষয়ে ‘নাজানো’ বুলি উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে