--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব লগা ভাৰতৰ এদিনীয়া শৃংখলাত কেইবাটাও অভিলেখৰ গৰাকী হ’বলৈ আগবাঢ়িছে বিৰাট কোহলী। ভংগ কৰিব পাৰে শচীন টেণ্ডুলকাৰৰ অভিলেখ।

ঘৰুৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীনৰ শতকৰ সংখ্যা হৈছে 20। ঘৰুৱা পিটছত ১৬৪ খন এদিনীয়া খেল খেলিছিল শচীনে। তেওঁৰ এই বিশ্ব অভিলেখ ভংগ কৰিবলৈ বিৰাটক প্ৰয়োজন মাত্ৰ মাত্ৰ এটা শতক। এতিয়ালৈকে কোহলীয়ে ঘৰুৱা পিটছত ১০১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। শতক অৰ্জন কৰিছে ১৯ টা।

শচীনৰ আন এটা অভিলেখ অতিক্ৰমৰো সুযোগ আছে বিৰাটৰ। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত এদিনীয়া খেলত শচীন আৰু কোহলীয়ে এতিয়া যুটীয়াভাৱে সৰ্বাধিক শতক অৰ্জন কৰাৰ কৃতিত্ব লাভ কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে ৮৪ খন এদিনীয়া খেলত শচীনে আঠটা শতক অৰ্জন কৰে। কোহলীৰো শতকৰ সংখ্যা একে। তেওঁ এতিয়ালৈকে ৪৭ খন খেল খেলিছে। অৰ্থাৎ এই ক্ষেত্ৰত শচীনক অতিক্ৰম কৰিবলৈ কোহলীক আৰু এটা শতকৰ প্ৰয়োজন।

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলীয়ে আৰু ১৮০ ৰাণ সংগ্ৰহ কৰিলে আন এটা অভিলেখত উপনীত হ’ব। সেয়া হৈছে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষ পাঁচৰ ভিতৰত অন্তৰ্ভূক্ত হোৱা। এতিয়ালৈকে, কোহলীয়ে ২৬৫ খন এদিনীয়া মেচত ১২,৪৭১ ৰাণ সংগ্ৰহ কৰিছে। পঞ্চম স্থানত শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক মাহেলা জয়বৰ্ধনে ৪৪৮ খন মেচ খেলি ১২,৬৫০ ৰাণ সংগ্ৰহ কৰে। শচীন এই তালিকাৰ শীৰ্ষত আছে। তেওঁ ৪৬৩ খন খেল খেলিছিল আৰু ১৮,৪২৬ ৰাণ সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু