--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচাহৰ ঢল বাগৰিছে তীৰ্থনগৰী  হাজোত৷ হাজোৰ  অন্যতম ক্ৰীড়া  অনুষ্ঠান হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে।  আজি দিনৰ দহ বজাত হাজো সুৰেন দাস মহাবিদ্যালয় প্ৰাঙ্গনৰ পৰা উলিয়াই এক বিশাল ক্ৰীড়া শোভাযাত্ৰা। 


অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,প্ৰাক্তন ৰাষ্ট্ৰীয় এথলিট তৈয়াবুন নেছা, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, আই পি এল ক্ৰিকেটাৰ আবু নেছিম, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ ছাজ্জাদ জাহিৰ হুছেইন, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হিৰেণ গগৈ,ক্ৰীড়া আৰু যুৱ কল্যাণৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ উপস্থিতিত হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰাতুল শৰ্মা আৰু সম্পাদক দীপাংকৰ মজুমদাৰে আঁতধৰা অনুষ্ঠানত বিশাল ক্ৰীড়া শোভাযাত্ৰা শুভ উদ্বোধন কৰে অৰ্জুন নয়নমণি শইকীয়াই। 


বিশাল ক্ৰীড়া শোভাযাত্ৰা শুভ উদ্বোধন কৰি অৰ্জুন নয়নমণি শইকীয়াই কয়,--- ক্ৰীড়া কেৱল মাত্ৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনতে সীমাবদ্ধ হৈ নাথাকে, এই ক্ৰীড়াই খেলুৱৈৰ ভৱিষ্যতৰ জীৱন-জীৱিকা পথো সুনিশ্চিত কৰে। সেয়েহে  নৱ প্ৰজন্মই ক্ৰীড়াৰ অনুশীলনৰ জৰিয়তে নিজ পছন্দৰ খেলত নিজকে আত্মনিয়োগ কৰি ক্ৰীড়াৰ ক্ষেত্ৰখন আগুৱাই নিবলৈ আহ্বান জনায় হাজো ক্ৰীড়া সন্থাৰ প্ৰচেষ্টাৰ শলাগ লয়।


 বৃহত্তৰ হাজো অঞ্চলৰ প্ৰায় চাৰি সহস্ৰাধিক ক্ৰীড়া অনুৰাগী তথা ছাত্র-ছাত্ৰীৰ অংশগ্ৰহনেৰে উলিওৱা এই বিশাল ক্ৰীড়া শোভাযাত্ৰা হাজো সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰাঙ্গনৰ পৰা আগবাঢ়ি হাজো পাখামেলা, মাধৱ মন্দিৰ হৈ নতুন বজাৰ মুখৰিত কৰি পুনৰ মহাবিদ্যালয় প্ৰাঙ্গনত সামৰণি পৰে। ইয়াৰ পিছতে হাজো সুৰেন দাস মহাবিদ্যালয় প্ৰাঙ্গনত অনুস্থিত হয় এক উদ্ধোধনী সভা। হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ সভাপতি ৰাতুল শৰ্মাই আদৰণি জনোৱা আৰু সমাবেত সংগীতৰে শুভাৰম্ভ সভা উদ্বোধন কৰে ছাত্র আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। 


সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, প্ৰভাত বৰা, অভিনেত্ৰী আশা বৰদলৈ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাকেশ দাস,সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হিৰণ্য কুমাৰ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে।ইয়াৰ পিছতে বিশিষ্ট অভিনেতা- অভিনেত্ৰী অমৃতা গগৈ আৰু নয়ন নিৰ্বাণে আঁতধৰা সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিশিষ্ট শিল্পী ক্ৰমে সমৰ হাজৰিকা, জে পি দাস, বিমান বৰুৱা, শান্তা উজিৰ, সন্ধ্যা মেনন, সংগীতা বৰঠাকুৰ, তৃষ্ণা দেৱী, সংগীতা কাকতি, বিদ্যা সাগৰ, সীমান্ত শেখৰ, কল্লোল বৰঠাকুৰ, নেকিব, অনুপম শইকীয়া,ধ্ৰুৱজ্যোতি, জ্যোতিপল,চনতৰাজ, ৰূপম কলিতা, মুনদ্বীপ আৰু প্ৰিয়ংকা ভৰালীৰ মন পৰশা গীতৰ শৰাইৰ লগতে ৰুদ্ৰজয়ন্ত ভাগৱতী, প্ৰণামী
 ভাগৱতী আৰু আম্ৰপালিৰ নৃত্যানুষ্ঠানে সোণালী জয়ন্তী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান জীপাল কৰি তোলে
। ইপিনে সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে হাজো সুৰেন দাস মহাবিদ্যালয় প্ৰাঙ্গনত পুৱাৰ ভাগত পঞ্চাশখনকৈ পতাকা উত্তোলন কৰাৰ লগতে লৌহ মানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক