--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্যক্তিয়ে জীৱনত কৰা কৰ্মৰ ফল মৃত্যুৰ পাছতো বহন কৰিব লাগে। এই ফলবোৰ ভাল আৰু বেয়া দুয়োটা প্ৰকাৰৰ হ’ব পাৰে। কোনোবাই ভাল কাম কৰিলে স্বৰ্গত স্থান পায় আৰু বেয়া কাম কৰিলে নৰকত তীব্ৰ অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হয় বুলি বিশ্বাস কৰা হয়। গৰুড় পুৰাণত বিতংভাৱে ইয়াৰ বৰ্ণনা কৰা হৈছে। গৰুড় পুৰাণৰ মতে আত্মাই নিজৰ পাপৰ ফল ভোগ কৰিহে মোক্ষ লাভ কৰে। এই সকলোবোৰ পঢ়াৰ পিছত নিশ্চয় আপোনাৰ মনত এই প্ৰশ্নটো আহি আছে যে গৰুড় পুৰাণৰ মতে পাপৰ শাস্তি কি? সেই বিষয়ে জানো আহক।

গৰুড় পুৰাণ মতে শাস্তি

১) ধন লুট কৰাৰ শাস্তিঃ গৰুড় পুৰাণত মানুহৰ প্ৰতিটো পাপৰ শাস্তি বৰ্ণনা কৰা আছে। যদি কোনো ব্যক্তিয়ে আনৰ ধন লুট কৰে বা প্ৰৱঞ্চনা কৰে, তেন্তে তেওঁ নৰকত কঠোৰ শাস্তি পায়। গৰুড় পুৰাণৰ মতে মৃত্যুৰ পিছত এনে ব্যক্তিৰ আত্মাক প্ৰথমে যমদূতসকলে ৰছীত বান্ধি তাৰপাছত মাৰপিট কৰি নৰকলৈ লৈ যায়। এনে ব্যক্তিক অজ্ঞান হোৱালৈকে মাৰপিট কৰা হয় আৰু চেতনা ঘূৰাই পালে পুনৰ মাৰপিট কৰা হয়।

২) নিৰীহ জীৱক হত্যা কৰাৰ শাস্তিঃ নিৰীহ জীৱক হত্যা কৰাটো গুৰুতৰ পাপৰ শ্ৰেণীত আহে। ইয়াৰ বাবে গৰুড় পুৰাণত কঠোৰ অত্যাচাৰৰ কথা কোৱা হৈছে। গৰুড় পুৰাণৰ মতে নিৰীহ জীৱক হত্যা কৰা ব্যক্তিজনক গৰম তেলৰ কেৰাহীত ভৰাই ভাজি দিয়া হয়।

৩) বয়োজ্যেষ্ঠক অপমান কৰাৰ শাস্তিঃ  বয়োজ্যেষ্ঠক অপমান কৰাটোও পাপ। ইয়াৰ শাস্তিৰ কথা গৰুড় পুৰাণতো কোৱা হৈছে। গৰুদ পুৰাণৰ মতে এই কাম কৰাৰ লগে লগে পাপীক ছাল নোহোৱালৈকে নৰকত জুইত ডুবাই ৰখা হয়।

৫) প্ৰতাৰণা কৰাৰ শাস্তিঃ ধৰ্ষণ আৰু প্ৰেমত প্ৰতাৰণা কৰা লোকৰ বাবে গৰুড় পুৰাণত কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা আছে। এনে মানুহক নৰকত মল-মূত্ৰৰে ভৰা এটা কুঁৱাত পেলাই দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক