--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত গৰুড় পুৰাণক মহাপুৰাণৰ মৰ্যাদা দিয়া হৈছে। গৰুড় পুৰাণত মৃত্যু আৰু তাৰ পিছত আত্মাৰ যাত্ৰাৰ বিষয়ে বিতংভাৱে কোৱা হৈছে। সেইবাবেই মানুহে সাধাৰণতে গৰুড় পুৰাণক কেৱল মৃত্যুৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰে। আনহাতে গৰুদ পুৰাণত সফল, সুখী আৰু ভাল জীৱন যাপনৰ অতি ফলপ্ৰসূ উপায়ো কোৱা হৈছে। ইয়াত ধনী হোৱাৰ উপায়ো অন্তৰ্ভুক্ত কৰা হৈছে। 

গৰুড় পুৰাণৰ মতে দৈনিক কিছুমান বিশেষ কাম কৰা ঘৰবোৰত মাতৃ লক্ষ্মী সদায় বাস কৰে। এই ঘৰবোৰত কেতিয়াও ধনৰ অভাৱ নহয়। লক্ষ্মী দেৱীক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদ পাবলৈ গৰুড় পুৰাণত উল্লেখ কৰা উপায়বোৰ জানো আহক।

লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ নিতৌ এই কাম কৰক

ভগৱানৰ ওচৰত প্ৰসাদ: যি ঘৰত নিতৌ গা ধুইহে খাদ্য ৰন্ধা হয় আৰু প্ৰথমে ভগৱানক প্ৰসাদ আগবঢ়োৱা হয়, সেই ঘৰত কেতিয়াও টকা আৰু শস্যৰ অভাৱ নহয়। এনে ঘৰত দেৱ-দেৱীয়ে সদায় আশীৰ্বাদ দিয়ে আৰু তাত দেৱী লক্ষ্মী বাস কৰে।

ধৰ্মীয় গ্ৰন্থৰ পাঠঃ যি ঘৰত দৈনিক ধৰ্মীয় গ্ৰন্থ পাঠ কৰা হয়, পূজা, জপ, কৰা হয় সেই ঘৰত সদায় ইতিবাচকতা থাকে। এনে ঘৰৰ সদস্যসকলৰ সংস্কৃতি আৰু ধৰ্মৰ প্ৰতি বিশ্বাস থাকে। মা লক্ষ্মীয়ে এইসকল লোকক সদায় আশীৰ্বাদ দিয়ে।

দান-ধৰ্ম: দান-ধৰ্মত সদায় আগবাঢ়ি থকা পৰিয়ালক মা লক্ষ্মীয়ে সদায় আশীৰ্বাদ দিয়ে। যিবোৰ ঘৰত ঋষি-সাধুক সন্মান কৰা হয়, কোনো ভিক্ষাৰী কেতিয়াও খালী হাত নাযায়, আলহীক ভালদৰে আপ্যায়ন কৰা হয়, সেই ঘৰত মা লক্ষ্মী সদায় দয়ালু হৈ থাকে। এনে ঘৰত কেতিয়াও ধন-শস্যৰ অভাৱ নহয়।

কুল দেৱতাৰ পূজাঃ প্ৰতিটো পৰিয়ালৰ নিজস্ব কুল দেৱী বা কুল দেৱতা থাকে। কুলদেৱী-কুলদেৱতাক পূজা কৰা ঘৰবোৰত সদায় উন্নতি হয় আৰু বহুত ধন-সম্পত্তি পায়। গৰুড় পুৰাণৰ মতে, কুল দেৱতা সন্তুষ্ট হ’লে সাতটা প্ৰজন্ম সুখী হৈ থাকে।

প্ৰেমঃ ইজনে সিজনৰ লগত মৰমেৰে বাস কৰা ঘৰবোৰত মা লক্ষ্মীয়ে বাস কৰে। বয়োজ্যেষ্ঠসকলক সন্মান, সৰুবোৰক ভাল আচাৰ-ব্যৱহাৰ কৰা ঘৰবোৰত মা লক্ষ্মীয়ে সদায় বহুত সুখ-সমৃদ্ধি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু