--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত গৰুড় পুৰাণক মহাপুৰাণৰ মৰ্যাদা দিয়া হৈছে। গৰুড় পুৰাণত মৃত্যু আৰু তাৰ পিছত আত্মাৰ যাত্ৰাৰ বিষয়ে বিতংভাৱে কোৱা হৈছে। সেইবাবেই মানুহে সাধাৰণতে গৰুড় পুৰাণক কেৱল মৃত্যুৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰে। আনহাতে গৰুদ পুৰাণত সফল, সুখী আৰু ভাল জীৱন যাপনৰ অতি ফলপ্ৰসূ উপায়ো কোৱা হৈছে। ইয়াত ধনী হোৱাৰ উপায়ো অন্তৰ্ভুক্ত কৰা হৈছে। 

গৰুড় পুৰাণৰ মতে দৈনিক কিছুমান বিশেষ কাম কৰা ঘৰবোৰত মাতৃ লক্ষ্মী সদায় বাস কৰে। এই ঘৰবোৰত কেতিয়াও ধনৰ অভাৱ নহয়। লক্ষ্মী দেৱীক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদ পাবলৈ গৰুড় পুৰাণত উল্লেখ কৰা উপায়বোৰ জানো আহক।

লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ নিতৌ এই কাম কৰক

ভগৱানৰ ওচৰত প্ৰসাদ: যি ঘৰত নিতৌ গা ধুইহে খাদ্য ৰন্ধা হয় আৰু প্ৰথমে ভগৱানক প্ৰসাদ আগবঢ়োৱা হয়, সেই ঘৰত কেতিয়াও টকা আৰু শস্যৰ অভাৱ নহয়। এনে ঘৰত দেৱ-দেৱীয়ে সদায় আশীৰ্বাদ দিয়ে আৰু তাত দেৱী লক্ষ্মী বাস কৰে।

ধৰ্মীয় গ্ৰন্থৰ পাঠঃ যি ঘৰত দৈনিক ধৰ্মীয় গ্ৰন্থ পাঠ কৰা হয়, পূজা, জপ, কৰা হয় সেই ঘৰত সদায় ইতিবাচকতা থাকে। এনে ঘৰৰ সদস্যসকলৰ সংস্কৃতি আৰু ধৰ্মৰ প্ৰতি বিশ্বাস থাকে। মা লক্ষ্মীয়ে এইসকল লোকক সদায় আশীৰ্বাদ দিয়ে।

দান-ধৰ্ম: দান-ধৰ্মত সদায় আগবাঢ়ি থকা পৰিয়ালক মা লক্ষ্মীয়ে সদায় আশীৰ্বাদ দিয়ে। যিবোৰ ঘৰত ঋষি-সাধুক সন্মান কৰা হয়, কোনো ভিক্ষাৰী কেতিয়াও খালী হাত নাযায়, আলহীক ভালদৰে আপ্যায়ন কৰা হয়, সেই ঘৰত মা লক্ষ্মী সদায় দয়ালু হৈ থাকে। এনে ঘৰত কেতিয়াও ধন-শস্যৰ অভাৱ নহয়।

কুল দেৱতাৰ পূজাঃ প্ৰতিটো পৰিয়ালৰ নিজস্ব কুল দেৱী বা কুল দেৱতা থাকে। কুলদেৱী-কুলদেৱতাক পূজা কৰা ঘৰবোৰত সদায় উন্নতি হয় আৰু বহুত ধন-সম্পত্তি পায়। গৰুড় পুৰাণৰ মতে, কুল দেৱতা সন্তুষ্ট হ’লে সাতটা প্ৰজন্ম সুখী হৈ থাকে।

প্ৰেমঃ ইজনে সিজনৰ লগত মৰমেৰে বাস কৰা ঘৰবোৰত মা লক্ষ্মীয়ে বাস কৰে। বয়োজ্যেষ্ঠসকলক সন্মান, সৰুবোৰক ভাল আচাৰ-ব্যৱহাৰ কৰা ঘৰবোৰত মা লক্ষ্মীয়ে সদায় বহুত সুখ-সমৃদ্ধি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক