--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ বদোদৰাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা।বদোদৰাৰ হৰণি পুখুৰীত বাগৰি পৰে এখন নাও।ঘটনাৰ সময়ত নাওখনত আছিল ২৩ জন ছাত্ৰ-ছাত্ৰী আৰু চাৰিজন শিক্ষক।বৰ্তমান মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে। এই সন্দৰ্ভত আৰক্ষীয়ে তথ্য প্ৰদান কৰিছে। নাওখনত ২৩ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু চাৰিজন শিক্ষক আছিল। বৰ্তমানলৈকে ৮ জন লোকক উদ্ধাৰ কৰা হৈছে। চাৰিৰ পৰা পাঁচজন লোক এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাস্থলীত উদ্ধাৰৰ কাম চলি আছে। নাওখনৰ ক্ষমতা ১৪ জন লোকৰ বাবে আছিল যদিও ২৭ জনতকৈ অধিক লোকক নাওখনত উঠাই দিয়া হয়। পুখুৰীটোৰ ৰক্ষণাবেক্ষণৰ কাম এটা ব্যক্তিগত কোম্পানীৰ হাতত। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

আটাইকেইজন ছাত্ৰ-ছাত্ৰী বদোদৰাৰ এখন বিদ্যালয়ৰ। উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে। গুৰুতৰভাৱে আহত হোৱা ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। সেই স্থানত উপস্থিত হৈছে ১০খনতকৈও অধিক এম্বুলেঞ্চ। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে উদ্ধাৰকাৰী দলটোও তাত উপস্থিত হয়।

এ বি পি অস্মিতাৰ মতে এই আটাইকেইজন ছাত্ৰ-ছাত্ৰী বদোদৰাৰ নিউ ছানৰাইজ স্কুলৰ আছিল যিসকল ইয়ালৈ ভ্ৰমণৰ বাবে আহিছিল। পোহৰলৈ আহিছে যে নাওখনৰ ক্ষমতাতকৈ অধিক লোকে নাওখনত উঠিছিল, সেয়েহে এই কাণ্ড সংঘটিত হৈছে। নাওখনত থকা কোনো এজন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে লাইফ জেকেট পিন্ধা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক