--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ বদোদৰাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা।বদোদৰাৰ হৰণি পুখুৰীত বাগৰি পৰে এখন নাও।ঘটনাৰ সময়ত নাওখনত আছিল ২৩ জন ছাত্ৰ-ছাত্ৰী আৰু চাৰিজন শিক্ষক।বৰ্তমান মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে। এই সন্দৰ্ভত আৰক্ষীয়ে তথ্য প্ৰদান কৰিছে। নাওখনত ২৩ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু চাৰিজন শিক্ষক আছিল। বৰ্তমানলৈকে ৮ জন লোকক উদ্ধাৰ কৰা হৈছে। চাৰিৰ পৰা পাঁচজন লোক এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাস্থলীত উদ্ধাৰৰ কাম চলি আছে। নাওখনৰ ক্ষমতা ১৪ জন লোকৰ বাবে আছিল যদিও ২৭ জনতকৈ অধিক লোকক নাওখনত উঠাই দিয়া হয়। পুখুৰীটোৰ ৰক্ষণাবেক্ষণৰ কাম এটা ব্যক্তিগত কোম্পানীৰ হাতত। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

আটাইকেইজন ছাত্ৰ-ছাত্ৰী বদোদৰাৰ এখন বিদ্যালয়ৰ। উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে। গুৰুতৰভাৱে আহত হোৱা ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। সেই স্থানত উপস্থিত হৈছে ১০খনতকৈও অধিক এম্বুলেঞ্চ। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে উদ্ধাৰকাৰী দলটোও তাত উপস্থিত হয়।

এ বি পি অস্মিতাৰ মতে এই আটাইকেইজন ছাত্ৰ-ছাত্ৰী বদোদৰাৰ নিউ ছানৰাইজ স্কুলৰ আছিল যিসকল ইয়ালৈ ভ্ৰমণৰ বাবে আহিছিল। পোহৰলৈ আহিছে যে নাওখনৰ ক্ষমতাতকৈ অধিক লোকে নাওখনত উঠিছিল, সেয়েহে এই কাণ্ড সংঘটিত হৈছে। নাওখনত থকা কোনো এজন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে লাইফ জেকেট পিন্ধা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু