--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃক্ৰমা ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী। আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আপৰ দশম বাৰ্ষিকী অনুষ্ঠানত দিয়া ভাষণত কয়  যে তেওঁৰ দলে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত "ঐতিহাসিক বিজয়" সাৱস্ত্য  কৰিব আৰু তাৰ পিছতে আপ  এটা "ৰাষ্ট্ৰীয়" ৰাজনৈতিক দল হৈ পৰিব। 

আম আদমী পাৰ্টি (আপ)ৰ ২০১২ চনৰ  ২৬ নৱেম্বৰত জন্ম হৈছিল। টুইটাৰযোগে কেজৰিৱালে আপৰ প্ৰতিষ্ঠা দিৱসৰ দশম বাৰ্ষিকীত দলীয় কৰ্মীসকলক অভিনন্দন জনায়।টুইটত তেওঁ কয় "আজিৰ দিনটোতে ১০ বছৰ পূৰ্বে আম আদমী পাৰ্টি প্ৰতিষ্ঠা কৰা হৈছিল। এই ১০ বছৰত  জনসাধাৰণৰ অপৰিসীম মৰম আৰু কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা  দলটোৱে ভাৰতীয় ৰাজনীতিত বহু ইতিহাস সৃষ্টি কৰিছে। 

আজি  আম আদমী পাৰ্টি  হৈ পৰিছে দেশৰ জনসাধাৰণৰ আশা, ই এক বিশ্বাসহৈ পৰিছে।" তেওণ লগতে কয় যে আন এক ঐতিহাসিক বিজয়ৰ জড়িয়তে  আপ অতি সোনকালেই এখন ৰাষ্ট্ৰীয় দল হ'বলৈ গৈ আছে। দলটোৰ দশম বাৰ্ষিকী উপলক্ষে মই সকলো কৰ্মীক  অভিনন্দন জনাইছো,"। 

উল্লেখ্য চলিত  বছৰৰ আৰম্ভণিতে পঞ্জাৱ বিধানসভা নিৰ্বাচনত বিজয়ৰ পিছতে আপে নিৰ্বাচনমুখী গুজৰাটত ডাঙৰ প্ৰত্যহ্বানৰ সৃষ্টি কৰিছে। দলটোৱে  বিজেপি শাসিত ৰাজ্যখনৰ ১৮২   টা বিধানসভা সমষ্টিতে প্ৰাৰ্থী দিছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনলৈকে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু কংগ্ৰেছ গুজৰাটত মুখ্য প্ৰতিদ্বন্দী আছিল। এইবাৰ নতুনকৈ আপৰ প্ৰৱেশ ঘটিছে।সেয়ে এইবাৰ ৰাজ্যখনে ইয়াত তিনিকোণীয়া নিৰ্বাচনী প্ৰতিদ্বন্দিতা প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে। কেজৰিৱালনেতৃত্বাধীন দলটোৱে ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত কেইবাখনো আসন লাভ কৰি ৰাজ্যখনত নিজৰ স্থিতি দৃঢ় কৰিব পাৰিব বুলি আশা কৰিছে।

নিয়ম অনুসৰি এটা ৰাজনৈতিক দলে যদি ৬ শতাংশ ভোট আৰু বিধান সভাত দুখন আসন লাভ কৰে তেন্তে দলটোৱে  "ৰাজ্যিক দলৰ  "ৰ মৰ্যাদা লাভ কৰে৷ যদি এটা দলে চাৰিখন ৰাজ্যত "ৰাজ্যিক দলৰ"ৰ মৰ্যাদা লাভ কৰে,  তেন্তে ই স্বয়ংক্ৰিয়ভাৱে "ৰাষ্ট্ৰীয় দল" হৈ পৰে। দিল্লী, পঞ্জাৱ আৰু গোৱাত আপক "ৰাজ্যিক দল" হিচাপে স্বীকৃতি দিয়া হৈছে। যদি দলটোৱে ৬  শতাংশ ভোট আৰু গুজৰাটত দুখন আসন লাভ কৰে, তেন্তে  ই "ৰাষ্ট্ৰীয় দল"ৰ স্বীকৃতি  অৰ্জন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন