--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃক্ৰমা ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী। আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আপৰ দশম বাৰ্ষিকী অনুষ্ঠানত দিয়া ভাষণত কয়  যে তেওঁৰ দলে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত "ঐতিহাসিক বিজয়" সাৱস্ত্য  কৰিব আৰু তাৰ পিছতে আপ  এটা "ৰাষ্ট্ৰীয়" ৰাজনৈতিক দল হৈ পৰিব। 

আম আদমী পাৰ্টি (আপ)ৰ ২০১২ চনৰ  ২৬ নৱেম্বৰত জন্ম হৈছিল। টুইটাৰযোগে কেজৰিৱালে আপৰ প্ৰতিষ্ঠা দিৱসৰ দশম বাৰ্ষিকীত দলীয় কৰ্মীসকলক অভিনন্দন জনায়।টুইটত তেওঁ কয় "আজিৰ দিনটোতে ১০ বছৰ পূৰ্বে আম আদমী পাৰ্টি প্ৰতিষ্ঠা কৰা হৈছিল। এই ১০ বছৰত  জনসাধাৰণৰ অপৰিসীম মৰম আৰু কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা  দলটোৱে ভাৰতীয় ৰাজনীতিত বহু ইতিহাস সৃষ্টি কৰিছে। 

আজি  আম আদমী পাৰ্টি  হৈ পৰিছে দেশৰ জনসাধাৰণৰ আশা, ই এক বিশ্বাসহৈ পৰিছে।" তেওণ লগতে কয় যে আন এক ঐতিহাসিক বিজয়ৰ জড়িয়তে  আপ অতি সোনকালেই এখন ৰাষ্ট্ৰীয় দল হ'বলৈ গৈ আছে। দলটোৰ দশম বাৰ্ষিকী উপলক্ষে মই সকলো কৰ্মীক  অভিনন্দন জনাইছো,"। 

উল্লেখ্য চলিত  বছৰৰ আৰম্ভণিতে পঞ্জাৱ বিধানসভা নিৰ্বাচনত বিজয়ৰ পিছতে আপে নিৰ্বাচনমুখী গুজৰাটত ডাঙৰ প্ৰত্যহ্বানৰ সৃষ্টি কৰিছে। দলটোৱে  বিজেপি শাসিত ৰাজ্যখনৰ ১৮২   টা বিধানসভা সমষ্টিতে প্ৰাৰ্থী দিছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনলৈকে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু কংগ্ৰেছ গুজৰাটত মুখ্য প্ৰতিদ্বন্দী আছিল। এইবাৰ নতুনকৈ আপৰ প্ৰৱেশ ঘটিছে।সেয়ে এইবাৰ ৰাজ্যখনে ইয়াত তিনিকোণীয়া নিৰ্বাচনী প্ৰতিদ্বন্দিতা প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে। কেজৰিৱালনেতৃত্বাধীন দলটোৱে ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত কেইবাখনো আসন লাভ কৰি ৰাজ্যখনত নিজৰ স্থিতি দৃঢ় কৰিব পাৰিব বুলি আশা কৰিছে।

নিয়ম অনুসৰি এটা ৰাজনৈতিক দলে যদি ৬ শতাংশ ভোট আৰু বিধান সভাত দুখন আসন লাভ কৰে তেন্তে দলটোৱে  "ৰাজ্যিক দলৰ  "ৰ মৰ্যাদা লাভ কৰে৷ যদি এটা দলে চাৰিখন ৰাজ্যত "ৰাজ্যিক দলৰ"ৰ মৰ্যাদা লাভ কৰে,  তেন্তে ই স্বয়ংক্ৰিয়ভাৱে "ৰাষ্ট্ৰীয় দল" হৈ পৰে। দিল্লী, পঞ্জাৱ আৰু গোৱাত আপক "ৰাজ্যিক দল" হিচাপে স্বীকৃতি দিয়া হৈছে। যদি দলটোৱে ৬  শতাংশ ভোট আৰু গুজৰাটত দুখন আসন লাভ কৰে, তেন্তে  ই "ৰাষ্ট্ৰীয় দল"ৰ স্বীকৃতি  অৰ্জন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement