--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ গোধৰা জিলাৰ পঞ্চমহল অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী মহিলা কলকাতাত ১১ বছৰ ধৰি ক’মা অৱস্থাত থাকিল। হঠাতে মহিলাগৰাকী চেতন অৱস্থালৈ ঘূৰি আহিল। ২০১৩ চনত নিৰুদ্দেশ হোৱা এই মহিলাগৰাকীৰ নাম গীতা বৰিয়া আৰু সময়ৰ লগে লগে তেওঁ উভতি অহাৰ আশা হেৰুৱাই পেলাইছিল পৰিয়ালৰ লোকে। অৱশেষত আৰক্ষীৰ সহযোগত মহিলাগৰাকীয়ে গোধৰাৰ দুৰ্গম গাঁও ভামাইয়াত বাস কৰা পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিবলৈ সক্ষম হব মহিলাগৰাকী।

পৰিদৰ্শক প্ৰবীণ অশোদাই জনোৱা মতে বৃহস্পতিবাৰে (১৫ ফেব্ৰুৱাৰী) এজন আৰক্ষী বিষয়াৰ সৈতে পৰিয়ালটো ৰে’লযোগে কলকাতালৈ যাব। মানৱীয়তাৰ দোহাই দি জিলা প্ৰশাসনে তেওঁলোকৰ ভ্ৰমণৰ ব্যৱস্থা কৰিছে। আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত গীতা বৰিয়াক পুনৰ নিজৰ গাঁৱলৈ লৈ উভতিব পৰিয়ালটো।

১০ ফেব্ৰুৱাৰীত কলকাতাৰ পাভলভ ইনষ্টিটিউটৰ এগৰাকী চিকিৎসকে পঞ্চমহল জিলা আৰক্ষী নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈ গীতাৰ বিষয়ে অৱগত কৰে। আৰক্ষীৰ সহায়ত চিকিৎসালয়খনে গাঁওখনৰ লগতে পৰিয়ালৰ সবিশেষ পৰীক্ষা কৰে। যোগাযোগ স্থাপন কৰাৰ পিছত চিকিৎসকে গীতা আৰু তেওঁৰ পৰিয়ালৰ সৈতে ভিডিঅ’ কলৰ ব্যৱস্থা কৰে। ২০১৩ চনত এখন পাৰিবাৰিক বিয়াৰ সময়ত নিৰুদ্দেশ হৈছিল গীতা। আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰিছে যে তেওঁ কেনেকৈ কলকাতা পাইছিল আৰু এই বছৰবোৰত তেওঁৰ অভিজ্ঞতা কেনেকুৱা আছিল।

গীতাৰ তিনিটা সন্তান আছে য'ত আছে ২ জন পুত্ৰ আৰু এজনী কন্যা। কেইবছৰমান আগতে গীতাৰ স্বামীৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ