--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ গোধৰা জিলাৰ পঞ্চমহল অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী মহিলা কলকাতাত ১১ বছৰ ধৰি ক’মা অৱস্থাত থাকিল। হঠাতে মহিলাগৰাকী চেতন অৱস্থালৈ ঘূৰি আহিল। ২০১৩ চনত নিৰুদ্দেশ হোৱা এই মহিলাগৰাকীৰ নাম গীতা বৰিয়া আৰু সময়ৰ লগে লগে তেওঁ উভতি অহাৰ আশা হেৰুৱাই পেলাইছিল পৰিয়ালৰ লোকে। অৱশেষত আৰক্ষীৰ সহযোগত মহিলাগৰাকীয়ে গোধৰাৰ দুৰ্গম গাঁও ভামাইয়াত বাস কৰা পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিবলৈ সক্ষম হব মহিলাগৰাকী।

পৰিদৰ্শক প্ৰবীণ অশোদাই জনোৱা মতে বৃহস্পতিবাৰে (১৫ ফেব্ৰুৱাৰী) এজন আৰক্ষী বিষয়াৰ সৈতে পৰিয়ালটো ৰে’লযোগে কলকাতালৈ যাব। মানৱীয়তাৰ দোহাই দি জিলা প্ৰশাসনে তেওঁলোকৰ ভ্ৰমণৰ ব্যৱস্থা কৰিছে। আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত গীতা বৰিয়াক পুনৰ নিজৰ গাঁৱলৈ লৈ উভতিব পৰিয়ালটো।

১০ ফেব্ৰুৱাৰীত কলকাতাৰ পাভলভ ইনষ্টিটিউটৰ এগৰাকী চিকিৎসকে পঞ্চমহল জিলা আৰক্ষী নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈ গীতাৰ বিষয়ে অৱগত কৰে। আৰক্ষীৰ সহায়ত চিকিৎসালয়খনে গাঁওখনৰ লগতে পৰিয়ালৰ সবিশেষ পৰীক্ষা কৰে। যোগাযোগ স্থাপন কৰাৰ পিছত চিকিৎসকে গীতা আৰু তেওঁৰ পৰিয়ালৰ সৈতে ভিডিঅ’ কলৰ ব্যৱস্থা কৰে। ২০১৩ চনত এখন পাৰিবাৰিক বিয়াৰ সময়ত নিৰুদ্দেশ হৈছিল গীতা। আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰিছে যে তেওঁ কেনেকৈ কলকাতা পাইছিল আৰু এই বছৰবোৰত তেওঁৰ অভিজ্ঞতা কেনেকুৱা আছিল।

গীতাৰ তিনিটা সন্তান আছে য'ত আছে ২ জন পুত্ৰ আৰু এজনী কন্যা। কেইবছৰমান আগতে গীতাৰ স্বামীৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু