--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে আগ্ৰহী ৰাজ্য চৰকাৰ। এন বীৰেণ সিং চৰকাৰৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈছে ৰাজ্যৰ জাতিগত সংঘাত বন্ধ কৰা। ইফালে ৰাজ্যত অনুপ্ৰৱেশ আৰু অবৈধ বাসস্থান ৰোধ কৰাটোও প্ৰশাসনৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে স্পষ্টকৈ কয় যে ১৯৬১ চনৰ পাছত মণিপুৰলৈ অহাসকলে ৰাজ্য এৰি যাব লাগে।

মণিপুৰত চলি থকা অশান্তিৰ বাবে চুবুৰীয়া ম্যানমাৰ আৰু ড্ৰাগছ মাফিয়াৰ অবৈধ অনুপ্ৰৱেশকাৰী দায়ী বুলি মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰিছে। গতিকে অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও ৰাজ্যখনত অবৈধভাৱে বসবাস কৰাসকলক চিনাক্ত কৰি ‘বিতাড়ন’ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

মণিপুৰৰ ‘ইনাৰ লাইন পাৰ্মিট চিষ্টেম’ ৰূপায়ণৰ বাবে ১৯৬১ চনটো চূড়ান্ত কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয়, ‘সেই বছৰৰ পাছত অবৈধভাৱে ৰাজ্যত প্ৰৱেশ কৰাসকলক চিনাক্ত কৰি বিতাড়িত কৰা হ’ব।’ ২০২২ চনৰ জুন মাহত মণিপুৰৰ কেবিনেটে এটা প্ৰস্তাৱ গৃহীত কৰে। সেই প্ৰস্তাৱত ১৯৬১ চনটো বিশেষভাৱে অনুমোদন কৰা হৈছিল।

উল্লেখ্য যে যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰত জাতি সংঘাতৰ উত্তাপ। এই ৰাজ্যত বাৰে বাৰে হিংসাত্মক ঘটনা সংঘটিত হৈছে। এতিয়ালৈকে জনগোষ্ঠীয় সংঘৰ্ষত ১৮০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। এইবাৰো মণিপুৰলৈ সম্পূৰ্ণৰূপে শান্তি ঘূৰি অহা নাই। এই পৰিবেশত মুখ্যমন্ত্ৰীৰ ঘোষণাক ৰাজনৈতিক মহলে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু