--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে আগ্ৰহী ৰাজ্য চৰকাৰ। এন বীৰেণ সিং চৰকাৰৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈছে ৰাজ্যৰ জাতিগত সংঘাত বন্ধ কৰা। ইফালে ৰাজ্যত অনুপ্ৰৱেশ আৰু অবৈধ বাসস্থান ৰোধ কৰাটোও প্ৰশাসনৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে স্পষ্টকৈ কয় যে ১৯৬১ চনৰ পাছত মণিপুৰলৈ অহাসকলে ৰাজ্য এৰি যাব লাগে।

মণিপুৰত চলি থকা অশান্তিৰ বাবে চুবুৰীয়া ম্যানমাৰ আৰু ড্ৰাগছ মাফিয়াৰ অবৈধ অনুপ্ৰৱেশকাৰী দায়ী বুলি মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰিছে। গতিকে অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও ৰাজ্যখনত অবৈধভাৱে বসবাস কৰাসকলক চিনাক্ত কৰি ‘বিতাড়ন’ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

মণিপুৰৰ ‘ইনাৰ লাইন পাৰ্মিট চিষ্টেম’ ৰূপায়ণৰ বাবে ১৯৬১ চনটো চূড়ান্ত কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয়, ‘সেই বছৰৰ পাছত অবৈধভাৱে ৰাজ্যত প্ৰৱেশ কৰাসকলক চিনাক্ত কৰি বিতাড়িত কৰা হ’ব।’ ২০২২ চনৰ জুন মাহত মণিপুৰৰ কেবিনেটে এটা প্ৰস্তাৱ গৃহীত কৰে। সেই প্ৰস্তাৱত ১৯৬১ চনটো বিশেষভাৱে অনুমোদন কৰা হৈছিল।

উল্লেখ্য যে যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰত জাতি সংঘাতৰ উত্তাপ। এই ৰাজ্যত বাৰে বাৰে হিংসাত্মক ঘটনা সংঘটিত হৈছে। এতিয়ালৈকে জনগোষ্ঠীয় সংঘৰ্ষত ১৮০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। এইবাৰো মণিপুৰলৈ সম্পূৰ্ণৰূপে শান্তি ঘূৰি অহা নাই। এই পৰিবেশত মুখ্যমন্ত্ৰীৰ ঘোষণাক ৰাজনৈতিক মহলে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ