--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ৰাজ্য খনৰ  ৮৯ টা বিধানসভা সমষ্টিত বৃহস্পতিবাৰেপুৱা আৰম্ভ হয় ভোটগ্ৰহণ। এতিয়ালৈকে শান্তিপূৰ্ণ ভাবে চলি আছে ভোটগ্ৰহণ। ২০১৭  চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে এই ৮৯  খন আসনৰ ভিতৰত ৪৮  খন আসন লাভ কৰিছিল। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৪০ খন আসনত জয়ী হৈছিল। কংগ্ৰেছৰ কেইজনমান বিধায়কে পিছত বিজেপিত যোগদান কৰিছিল।

বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত কচ্ছ-সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ ১৯ খন জিলাৰ ৮৯ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আজি উক্ত সমষ্টি  কেইটাত ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়  হ'ব।
গুজৰাটৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়েপ্ৰকা কৰা মতে  পুৱা ৮ বজাৰ পৰা ১৪,৩৮২ টা বুথত ভোটগ্ৰহণ আৰম্ভ হৈছে। ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকিব।  

ৰাজ্য খনৰ মুঠ  ৪.৯১ কোটি ভোটাৰৰ ভিতৰত ২.৩৯ কোটি ভোটাৰে আজি প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ত সোমবাৰে উত্তৰ আৰু মধ্য গুজৰাটৰ ৯৩  খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৮ ডিচেম্বৰত  গণনা অনুষ্ঠিত হ’ব আৰু সেইদিনাই  ফলাফল নিৰ্ণয় হ’ব। উল্লেখ্য গুজৰাটৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পূৰ্বে ২৯০ কোটি টকাৰ অবৈধ সুৰা, ড্ৰাগছ আৰু নগদ ধন জব্দ কৰা হৈছে। 

প্ৰথম পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা (জামনগৰ-উত্তৰ, বিজেপি), প্ৰাক্তন বিৰোধী দলপতি পৰেশ ধননী (আমৰেলী, কংগ্ৰেছ),   কান্ধল জাদেজা (কুটিয়ানা),আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী  ইচুদান গড়ৱী (খাম্বালিয়া), ভাৰতীয় ট্ৰাইবেল পাৰ্টিৰ নেতা আৰু বিদায়ী বিধায়ক ছোটু বাসৱ (ঝাগাদিয়া) আদি ।

গুজৰাটত এইবাৰ ভোটযুদ্ধ  তিনিকো্ণীয়া হোৱাৰ সম্ভাৱনাই অধিক। অৰবিন্দ কেজৰিৱালৰ আপ, কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ’ব এই যুঁজ। চুৰাটকে ধৰি কিছুমান চহৰত শেহতীয়াকৈ হোৱা উপ-নিৰ্বাচনত আপে কংগ্ৰেছক অতিক্ৰম কৰি দ্বিতীয় স্থান লাভ কৰিছে। এই নিৰ্বাচনত, কেজৰিৱালে সমগ্ৰ গুজৰাটত নিৰন্তৰ প্ৰচাৰ চলাই আহিছে। তেওঁ দাবী কৰিছেযে বিধানসভা নিৰ্বাচনত বিজেপিৰ মূল যুঁজ আপৰ সৈতেই হ'ব।
২০১৭  চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯৯ খন আসন লাভ কৰি একেৰাহে পঞ্চমবাৰৰ বাবে গুজৰাটত ক্ষমতালৈ আহিছিল।  আনহাতে, কংগ্ৰেছে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৭৭ খন আসন লাভ কৰিছিল। নিৰ্দলীয় আৰু অন্যান্যসকলে ৬ খন আসন লাভ কৰিছিল। বিজেপিয়ে  এইবাৰ ষষ্ঠবাৰৰ বাবে ক্ষমতালৈ উভতি আহিব বুলি আশাবাদী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক