--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ৰাজ্য খনৰ  ৮৯ টা বিধানসভা সমষ্টিত বৃহস্পতিবাৰেপুৱা আৰম্ভ হয় ভোটগ্ৰহণ। এতিয়ালৈকে শান্তিপূৰ্ণ ভাবে চলি আছে ভোটগ্ৰহণ। ২০১৭  চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে এই ৮৯  খন আসনৰ ভিতৰত ৪৮  খন আসন লাভ কৰিছিল। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৪০ খন আসনত জয়ী হৈছিল। কংগ্ৰেছৰ কেইজনমান বিধায়কে পিছত বিজেপিত যোগদান কৰিছিল।

বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত কচ্ছ-সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ ১৯ খন জিলাৰ ৮৯ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আজি উক্ত সমষ্টি  কেইটাত ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়  হ'ব।
গুজৰাটৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়েপ্ৰকা কৰা মতে  পুৱা ৮ বজাৰ পৰা ১৪,৩৮২ টা বুথত ভোটগ্ৰহণ আৰম্ভ হৈছে। ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকিব।  

ৰাজ্য খনৰ মুঠ  ৪.৯১ কোটি ভোটাৰৰ ভিতৰত ২.৩৯ কোটি ভোটাৰে আজি প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ত সোমবাৰে উত্তৰ আৰু মধ্য গুজৰাটৰ ৯৩  খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৮ ডিচেম্বৰত  গণনা অনুষ্ঠিত হ’ব আৰু সেইদিনাই  ফলাফল নিৰ্ণয় হ’ব। উল্লেখ্য গুজৰাটৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পূৰ্বে ২৯০ কোটি টকাৰ অবৈধ সুৰা, ড্ৰাগছ আৰু নগদ ধন জব্দ কৰা হৈছে। 

প্ৰথম পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা (জামনগৰ-উত্তৰ, বিজেপি), প্ৰাক্তন বিৰোধী দলপতি পৰেশ ধননী (আমৰেলী, কংগ্ৰেছ),   কান্ধল জাদেজা (কুটিয়ানা),আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী  ইচুদান গড়ৱী (খাম্বালিয়া), ভাৰতীয় ট্ৰাইবেল পাৰ্টিৰ নেতা আৰু বিদায়ী বিধায়ক ছোটু বাসৱ (ঝাগাদিয়া) আদি ।

গুজৰাটত এইবাৰ ভোটযুদ্ধ  তিনিকো্ণীয়া হোৱাৰ সম্ভাৱনাই অধিক। অৰবিন্দ কেজৰিৱালৰ আপ, কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ’ব এই যুঁজ। চুৰাটকে ধৰি কিছুমান চহৰত শেহতীয়াকৈ হোৱা উপ-নিৰ্বাচনত আপে কংগ্ৰেছক অতিক্ৰম কৰি দ্বিতীয় স্থান লাভ কৰিছে। এই নিৰ্বাচনত, কেজৰিৱালে সমগ্ৰ গুজৰাটত নিৰন্তৰ প্ৰচাৰ চলাই আহিছে। তেওঁ দাবী কৰিছেযে বিধানসভা নিৰ্বাচনত বিজেপিৰ মূল যুঁজ আপৰ সৈতেই হ'ব।
২০১৭  চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯৯ খন আসন লাভ কৰি একেৰাহে পঞ্চমবাৰৰ বাবে গুজৰাটত ক্ষমতালৈ আহিছিল।  আনহাতে, কংগ্ৰেছে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৭৭ খন আসন লাভ কৰিছিল। নিৰ্দলীয় আৰু অন্যান্যসকলে ৬ খন আসন লাভ কৰিছিল। বিজেপিয়ে  এইবাৰ ষষ্ঠবাৰৰ বাবে ক্ষমতালৈ উভতি আহিব বুলি আশাবাদী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু