--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ কন্যাকুমাৰীত সংঘটিত এক চুৰিকাণ্ডত চোৰ চিনাক্ত হোৱাৰ হোৱাৰ পাছত সকলোৰে চকু কপালত উঠিছে। এই চুৰিকাণ্ডত কোনো মানুহ জড়িত নাছিল। ইয়াত জড়িত আছিল এটা বান্দৰহে। বান্দৰটোৱে এটা দুটা নহয় ১৩টাকৈ চিচি টিভি কেমেৰা চুৰি কৰে।

দৰাচলতে শ্বেনবাগৰামপুধুৰত প্লাইউড কোম্পানী এটাৰ মালিকে নিজৰ দোকানৰ চৌপাশ নিৰীক্ষণ কৰিবলৈ চিচিটিভি কেমেৰা লগাইছিল যদিও কিছুদিনৰ পাছত চিচিটিভি কেমেৰাবোৰ চুৰি হৈ যায়।

চোৰৰ বিষয়ে জানিবলৈ যেতিয়া মালিকে ফুটেজবোৰ পৰীক্ষা কৰিলে তেতিয়া তেওঁ স্তম্ভিত হৈ পৰে। তেওঁ দেখিলে যে তেওঁৰ দোকানত লগোৱা কেমেৰাবোৰ কোনো মানুহে নহয় এটা বান্দৰেহে চুৰি কৰি আছে। 

শেহতীয়াকৈ সংঘটিত চুৰিৰ সময়ত বান্দৰৰ মুখখন চিগনেল হেৰুৱাৰ পূৰ্বে কেমেৰাত ধৰা পৰিছিল, তাৰ পিছত বান্দৰ চোৰটো ধৰা পৰিছিল। এতিয়ালৈকে বান্দৰটোৱে দোকানৰ মালিকৰ ১৩টা চিচিটিভি কেমেৰা চুৰ কৰিছে। বান্দৰটোৱে চিচিটিভি চুৰি কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

যোৱা সপ্তাহত ছিমলাত এটা বান্দৰে পইচাভৰ্তি বেগ এটা কাঢ়ি লৈ ​​পলাই গৈছিল। সেই বেগত নগদ ৭৫ হাজাৰ টকা আছিল। তথ্য অনুসৰি বিএছএনএলৰ কাৰ্যালয়ত এজন ব্যক্তি উপস্থিত হোৱাৰ সময়তে এটা বান্দৰে লোকজনৰ হাতৰ পৰা নোট ভৰ্তি বেগ এটা কাঢ়ি লৈ ​​পলাই যায়। বান্দৰটোৱে বেগটো লৈ ঘৰৰ চাদৰ ওপৰত বহিছিল। ইয়াৰ পিছত বান্দৰটোৰ পৰা টকাখিনি ঘূৰাই পাবলৈ বহুত চেষ্টা কৰা হ’ল, ইয়াৰ মাজতে বান্দৰটোৱে বেগটো খুলি সকলো টকা তললৈ পেলাই দিলে কিন্তু তাৰমাজতো বান্দৰটোৱে চাৰি হাজাৰ টকাৰ নোট ফালি-ছিৰি নষ্ট কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক