--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ কন্যাকুমাৰীত সংঘটিত এক চুৰিকাণ্ডত চোৰ চিনাক্ত হোৱাৰ হোৱাৰ পাছত সকলোৰে চকু কপালত উঠিছে। এই চুৰিকাণ্ডত কোনো মানুহ জড়িত নাছিল। ইয়াত জড়িত আছিল এটা বান্দৰহে। বান্দৰটোৱে এটা দুটা নহয় ১৩টাকৈ চিচি টিভি কেমেৰা চুৰি কৰে।

দৰাচলতে শ্বেনবাগৰামপুধুৰত প্লাইউড কোম্পানী এটাৰ মালিকে নিজৰ দোকানৰ চৌপাশ নিৰীক্ষণ কৰিবলৈ চিচিটিভি কেমেৰা লগাইছিল যদিও কিছুদিনৰ পাছত চিচিটিভি কেমেৰাবোৰ চুৰি হৈ যায়।

চোৰৰ বিষয়ে জানিবলৈ যেতিয়া মালিকে ফুটেজবোৰ পৰীক্ষা কৰিলে তেতিয়া তেওঁ স্তম্ভিত হৈ পৰে। তেওঁ দেখিলে যে তেওঁৰ দোকানত লগোৱা কেমেৰাবোৰ কোনো মানুহে নহয় এটা বান্দৰেহে চুৰি কৰি আছে। 

শেহতীয়াকৈ সংঘটিত চুৰিৰ সময়ত বান্দৰৰ মুখখন চিগনেল হেৰুৱাৰ পূৰ্বে কেমেৰাত ধৰা পৰিছিল, তাৰ পিছত বান্দৰ চোৰটো ধৰা পৰিছিল। এতিয়ালৈকে বান্দৰটোৱে দোকানৰ মালিকৰ ১৩টা চিচিটিভি কেমেৰা চুৰ কৰিছে। বান্দৰটোৱে চিচিটিভি চুৰি কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

যোৱা সপ্তাহত ছিমলাত এটা বান্দৰে পইচাভৰ্তি বেগ এটা কাঢ়ি লৈ ​​পলাই গৈছিল। সেই বেগত নগদ ৭৫ হাজাৰ টকা আছিল। তথ্য অনুসৰি বিএছএনএলৰ কাৰ্যালয়ত এজন ব্যক্তি উপস্থিত হোৱাৰ সময়তে এটা বান্দৰে লোকজনৰ হাতৰ পৰা নোট ভৰ্তি বেগ এটা কাঢ়ি লৈ ​​পলাই যায়। বান্দৰটোৱে বেগটো লৈ ঘৰৰ চাদৰ ওপৰত বহিছিল। ইয়াৰ পিছত বান্দৰটোৰ পৰা টকাখিনি ঘূৰাই পাবলৈ বহুত চেষ্টা কৰা হ’ল, ইয়াৰ মাজতে বান্দৰটোৱে বেগটো খুলি সকলো টকা তললৈ পেলাই দিলে কিন্তু তাৰমাজতো বান্দৰটোৱে চাৰি হাজাৰ টকাৰ নোট ফালি-ছিৰি নষ্ট কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু