--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মকৰ সংক্ৰান্তি উদ্‌যাপনৰ ফলত গুজৰাটৰ বিভিন্ন স্থানত বহু শিশুৰ যথেষ্ট ক্ষতিসাধন হয়। বিশেষকৈ দহোদ, পঞ্চমহল, ভৱনগৰ আৰু ভালছাদ জিলাত ৭ জন শিশুৰ মৃত্যু হৈছে। ইয়াত চিলা কাঢ়ি নিয়াৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ এজন শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে দুঠাইত শিশুক প্ৰহাৰ কৰি হত্যা কৰা হয়। তথ্য লাভ কৰাৰ লগে লগে সংশ্লিষ্ট আৰক্ষী থানাই শিশুকেইটিৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীৰ মতে, দহোদৰ কান্থোলীয়াত এটা ১০ বছৰীয়া শিশুৱে চিলা কাঢ়িবলৈ দৌৰিছিল যদিও ইয়াৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। এই শিশুটিৰ নাম সিদ্ধাৰ্থ ডাংগী। লগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। আনহাতে, ভালছাদৰ খাটকিৱালত ছাদত ঘুৰি উৰুৱাওঁতে এটি ছবছৰীয়া শিশু পিছলি পৰে। ইয়াৰ বাবেই শিশুটিৰ থিতাতে মৃত্যু হয়।

একে সময়তে পঞ্চমহল অঞ্চলত চিলাৰ সূতা ডিঙিত টান হৈ যোৱাৰ ফলত ৭ বছৰীয়া শিশু এটাৰ মৃত্যু হয়। এই শিশুটিৰ নাম তৰুণ মাচ্চি। পৰিয়ালৰ লোকে জনোৱা মতে, এই শিশুটিয়ে ৰাজপথত খেলি আছিল। খেলি থাকোঁতে ভাগৰুৱা হৈ ঘৰলৈ উভতি আহিবলৈ ধৰিলে আৰু এই সময়ছোৱাতে এই দুৰ্ঘটনা সংঘটিত হয়। বদোদৰাতো সংঘটিত হৈছে একেধৰণৰ ঘটনা। ইয়াতো এজন যুৱকৰ ডিঙি চিলা ডোঙাৰে কাটি পেলোৱাৰ ফলত মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে ৱাঘোডিয়া ৰোডৰ সমীপত। নিহত লোকজন স্থানীয় বাসিন্দা অনিকেট বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ সময়ত তেওঁ বাইকেৰে যাত্ৰা কৰি গৈ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু