--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মকৰ সংক্ৰান্তি উদ্‌যাপনৰ ফলত গুজৰাটৰ বিভিন্ন স্থানত বহু শিশুৰ যথেষ্ট ক্ষতিসাধন হয়। বিশেষকৈ দহোদ, পঞ্চমহল, ভৱনগৰ আৰু ভালছাদ জিলাত ৭ জন শিশুৰ মৃত্যু হৈছে। ইয়াত চিলা কাঢ়ি নিয়াৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ এজন শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে দুঠাইত শিশুক প্ৰহাৰ কৰি হত্যা কৰা হয়। তথ্য লাভ কৰাৰ লগে লগে সংশ্লিষ্ট আৰক্ষী থানাই শিশুকেইটিৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীৰ মতে, দহোদৰ কান্থোলীয়াত এটা ১০ বছৰীয়া শিশুৱে চিলা কাঢ়িবলৈ দৌৰিছিল যদিও ইয়াৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। এই শিশুটিৰ নাম সিদ্ধাৰ্থ ডাংগী। লগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। আনহাতে, ভালছাদৰ খাটকিৱালত ছাদত ঘুৰি উৰুৱাওঁতে এটি ছবছৰীয়া শিশু পিছলি পৰে। ইয়াৰ বাবেই শিশুটিৰ থিতাতে মৃত্যু হয়।

একে সময়তে পঞ্চমহল অঞ্চলত চিলাৰ সূতা ডিঙিত টান হৈ যোৱাৰ ফলত ৭ বছৰীয়া শিশু এটাৰ মৃত্যু হয়। এই শিশুটিৰ নাম তৰুণ মাচ্চি। পৰিয়ালৰ লোকে জনোৱা মতে, এই শিশুটিয়ে ৰাজপথত খেলি আছিল। খেলি থাকোঁতে ভাগৰুৱা হৈ ঘৰলৈ উভতি আহিবলৈ ধৰিলে আৰু এই সময়ছোৱাতে এই দুৰ্ঘটনা সংঘটিত হয়। বদোদৰাতো সংঘটিত হৈছে একেধৰণৰ ঘটনা। ইয়াতো এজন যুৱকৰ ডিঙি চিলা ডোঙাৰে কাটি পেলোৱাৰ ফলত মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে ৱাঘোডিয়া ৰোডৰ সমীপত। নিহত লোকজন স্থানীয় বাসিন্দা অনিকেট বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ সময়ত তেওঁ বাইকেৰে যাত্ৰা কৰি গৈ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক