--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে গুজৰাটক। শুকুৰবাৰে নিশা গুজৰাটৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত  দুৰ্ঘটনাটো সংঘটিত হৈছে। যাত্ৰী কঢ়িয়াই অনা এখন বাছ আহমেদাবাদৰ পৰা আহি আছিল। বাছখনত থকা যাত্ৰীসকলে স্বামী মহাৰাজ শতাব্দী মহোৎসৱৰ পৰা উভতি আহিছিল। 

সেই সময়তে  যাত্ৰীবাহী বাছখনৰ সৈতে এখন এছইউভি বাহনৰ মুখামুখি সংঘৰ্ষহয়। ফলত  ৯ জন লোকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোত কমেও ২৮ জন লোক আহত হয়। আহতসকলৰ মাজৰে কেইবাজনৰো অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। 

শুকুৰবাৰে নিশা গুজৰাটৰ নৱসাৰী জিলাৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ১৪ ডিচেম্বৰত উৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল।স্বামী মহাৰাজ শতাব্দী মহোৎসৱ গুজৰাটত ১৫ জানুৱাৰীলৈকে চলিব। 

আৰক্ষীয়ে প্ৰকাশ কৰা  অনুসৰি দুৰ্ঘটনাটোত আহতৰ সংখ্যা ২৮ জন। তেওঁলোকৰ ভিতৰত ১১  জনক স্থানীয় ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

আৰক্ষীয়ে কয় যে দুৰ্ঘটনাটোৰ পিছত বাছখনৰ চালকজন হৃদৰোগত আক্ৰান্ত হয়।  তেওঁক চিকিৎসালয়লৈও লৈ যোৱা হৈছে। আহতসকলৰ বহু কেইজনৰ  অৱস্থা সংকটজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু